বিহাৰ

বিহাৰত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা ; বন্দে ভাৰত ৰে’লৰ খুন্দাত ৪ জনৰ মৃত্যু

বিহাৰত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা শুকুৰবাৰে পুৱা বিহাৰৰ পূৰ্ণিয়া জিলাত এক ভয়ংকৰ ৰে’ল দুৰ্ঘটনা সংঘটিত হয়। চহৰখনৰ সমীপত বন্দে ভাৰত এক্সপ্ৰেছৰ খুন্দাত চাৰিজন লোক নিহত হয়। গুৰুতৰভাৱে আহত দুজন লোকক চিকিৎসাৰ বাবে পূৰ্ণিয়া চৰকাৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে। বিষয়াসকলৰ মতে, আটাইকেইজন লোক দুৰ্গা পূজাৰ

বিহাৰত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা

শুকুৰবাৰে পুৱা বিহাৰৰ পূৰ্ণিয়া জিলাত এক ভয়ংকৰ ৰে’ল দুৰ্ঘটনা সংঘটিত হয়।  চহৰখনৰ সমীপত বন্দে ভাৰত এক্সপ্ৰেছৰ খুন্দাত চাৰিজন লোক নিহত হয়।

গুৰুতৰভাৱে আহত দুজন লোকক চিকিৎসাৰ বাবে পূৰ্ণিয়া চৰকাৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে।

বিষয়াসকলৰ মতে, আটাইকেইজন লোক দুৰ্গা পূজাৰ মেলাৰ পৰা উভতি আহিছিল।সেই সময়তে জোগবাণী-দনাপুৰ বন্দে ভাৰত এক্সপ্ৰেছৰ খুন্দা মাৰিলে তেওঁলোকক।

পুৱা প্ৰায় ৪:৪০ বজাত জগবানীৰ পৰা পাটনা অভিমুখী ভাণ্ডে ভাৰত এক্সপ্ৰেছ ৰে’লখন পূৰ্ণিয়া জংচনৰ মাজেৰে পাৰ হৈ যায়।

দুৰ্ঘটনাটোৰ পিছতে ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ আহত সকলক চিকিৎসালয়ত ভৰ্তি কৰাই। ঘটনা সন্দৰ্ভত ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে।

লগতে পঢ়ক: ৫ বছৰৰ পিছত পুনৰ আৰম্ভ হ’ব ভাৰত আৰু চীনৰ মাজত পোনপটীয়া বিমান সেৱা…