ৰাজনৈতিক অস্থিৰতা আৰু হিংসাত্মক পৰিস্থিতিৰ মাজতে মণিপুৰত চৰকাৰ গঠন আৰু প্ৰশাসন চলোৱা সন্দৰ্ভত বিভ্ৰান্তিৰ সৃষ্টি হৈছে । মঙলবাৰে ৰাজভৱনত ৰাজ্যপাল অজয় কুমাৰ ভল্লাক সাক্ষাৎ কৰে বিজেপিৰ উত্তৰ-পূব প্ৰভাৰী সম্বিত পাত্ৰ আৰু মণিপুৰৰ ৰাজ্যিক সভাপতি এ শৰদা দেৱীয়ে ।
মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ পদত্যাগৰ পিছতে ৰাজ্যত নেতৃত্বৰ সংকট সৃষ্টি হোৱাৰ সময়তে এই বৈঠক অনুষ্ঠিত হয় । পাত্ৰ আৰু দেৱীৰ সৈতে শিক্ষামন্ত্ৰী টি বসন্ত কুমাৰ সিং, এন পি এফ মণিপুৰ ইউনিটৰ সভাপতি আৱাংবৌ নেমাই আৰু জে ডি ইউৰ বিধায়ক নাছিৰ উপস্থিত থাকে ।
সূত্ৰ অনুসৰি ৰাজ্যপালৰ সৈতে এই বৈঠক প্ৰায় আধা ঘণ্টা ধৰি চলিছিল যদিও ইয়াৰ ফলাফলৰ কোনো আনুষ্ঠানিক তথ্য প্ৰকাশ কৰা হোৱা নাই । ৰাজ্যখনৰ বিজেপিত ক্ৰমাৎ ক্ষোভ আৰু নেতৃত্ব সলনিৰ দাবীৰ মাজতে দেওবাৰে মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে ৰাজ্যপাল অজয় কুমাৰ ভল্লাৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰে ।
ৰাজ্যপালৰ বিধানসভা অধিৱেশন বাতিলৰ নিৰ্দেশক অসাংবিধানিক বুলি অভিহিত কংগ্ৰেছৰ-
মণিপুৰ কংগ্ৰেছৰ সভাপতি কেশম মেঘচন্দ্ৰই মঙলবাৰে কয় যে ৰাজ্যপাল অজয় কুমাৰ ভল্লাই দ্বাদশ মণিপুৰ বিধানসভাৰ সপ্তম অধিৱেশন বাতিল কৰাৰ নিৰ্দেশ ‘অবৈধ আৰু অসাংবিধানিক’ । বিৰোধী দলসমূহে ৰাজ্যপালৰ এই সিদ্ধান্তক প্ৰত্যাহ্বান জনাই গণতান্ত্ৰিক প্ৰক্ৰিয়া অটুট ৰখাৰ দাবী জনাইছে ।
বিগত ৯ ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে পদত্যাগ কৰাৰ পিছতে ৰাজ্যপালগৰাকীয়ে এই নিৰ্দেশ জাৰি কৰিছিল । য’ত ২০২৫ চনৰ ২৪ জানুৱাৰীত বিধানসভাৰ অধিৱেশন আহ্বান কৰাৰ পূৰ্বৰ নিৰ্দেশনা বাতিল ঘোষণা কৰা হৈছিল ।
মেঘচন্দ্ৰই কয় যে ২০২৫ চনৰ ২৪ জানুৱাৰী তাৰিখৰ এই আদেশক ‘শূন্য আৰু বাতিল’ বুলি ঘোষণা কৰি মণিপুৰৰ সন্মানীয় ৰাজ্যপালে ২০২৫ চনৰ ৯ ফেব্ৰুৱাৰী তাৰিখে দিয়া আদেশ অবৈধ আৰু অসাংবিধানিক । আজি মণিপুৰ বিধানসভাৰ সাংবিধানিকভাৱে বাধ্যতামূলক বৈঠকৰ অন্তিম দিন, তথাপিও অধিৱেশন আহ্বানৰ বাবে কোনো উদ্যোগ লোৱা হোৱা নাই ।
নতুন নিৰ্বাচনৰ দাবী চি পি আইৰ-
ইফালে ভাৰতীয় কমিউনিষ্ট পাৰ্টি, মণিপুৰ ৰাজ্য পৰিষদে মঙলবাৰে কয় যে এন বীৰেণ সিঙক পুনৰ মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিলে ৰাজ্যখন অধিক কঠিন পৰিস্থিতিৰ সন্মুখীন হ’ব । তেওঁলোকে নতুনকৈ বিধানসভা নিৰ্বাচনৰ দাবী জনাইছে যাতে ৰাজ্যত নতুন প্ৰশাসনিক ব্যৱস্থা প্ৰতিষ্ঠা কৰিব পৰা যায় ।