মণিপুৰত চলি থকা হিংসাত্মক পৰিস্থিতিৰ মাজতে কনৰাড চাংমাৰ নেশ্যনেল পিপলছ পাৰ্টিয়ে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডালৈ পত্ৰ লিখি সমৰ্থন প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰিছে । তেওঁ কয় যে মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ নেতৃত্বত চৰকাৰখনে ৰাজ্যখনৰ সাম্প্ৰতিক পৰিস্থিতি মোকাবিলা কৰাত ব্যৰ্থ হৈছে । সেয়েহে তেওঁলোকে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ নিজৰ সমৰ্থন প্ৰত্যাহাৰ কৰিছে ।
মণিপুৰৰ সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত নেশ্যনেল পিপলছ পাৰ্টিয়ে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডালৈ এখন পত্ৰ লিখি কয় যে ৰাজ্যখনৰ সাম্প্ৰতিক আইন-শৃংখলাৰ পৰিস্থিতিক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে তেওঁলোকে । যোৱা কেইদিনমানৰ পৰা ৰাজ্যখনৰ পৰিস্থিতি অধিক বেয়া হোৱা দেখিবলৈ পোৱা গৈছে, বহু নিৰীহ লোকে প্ৰাণ হেৰুৱাইছে আৰু ৰাজ্যখনৰ মানুহে অতি কষ্টৰ মাজেৰে দিন পাৰ কৰিছে ।
লগতে তেওঁ কয়, ‘ৰাজ্যত উদ্ভৱ হোৱা সংকট সমাধান আৰু স্বাভাৱিক অৱস্থা ঘূৰাই অনাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী বীৰেন সিং নেতৃত্বাধীন মণিপুৰ চৰকাৰখন সম্পূৰ্ণ ব্যৰ্থ বুলি প্ৰমাণিত হৈছে বুলি আমি দৃঢ়তাৰে অনুভৱ কৰোঁ । সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি নেশ্যনেল পিপলছ পাৰ্টিয়ে সিদ্ধান্ত গ্ৰহণ কৰিছে যে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ মণিপুৰৰ বীৰেন সিং নেতৃত্বাধীন চৰকাৰখনক সমৰ্থন প্ৰত্যাহাৰ কৰিছে ।‘
সূত্ৰ অনুসৰি, মণিপুৰৰ সাম্প্ৰতিক পৰিস্থিতিৰ মাজতে গৃহমন্ত্ৰী অমিত শ্বাহে দেওবাৰে দিল্লীত জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এক বৈঠক অনুষ্ঠিত কৰে । বৈঠকত মণিপুৰৰ নিৰাপত্তা পৰিস্থিতিৰ পৰ্যালোচনা কৰা হয় । তদুপৰি, সোমবাৰে গৃহমন্ত্ৰীয়ে এই বিষয়ত জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত বহিব ।
একে সময়তে অমিত শ্বাহে মহাৰাষ্ট্ৰৰ পৰা ৰাজনৈতিক কাৰ্যসূচী বাতিল কৰি আজি (দেওবাৰ) দিল্লীত উপস্থিত হয় । যোৱা কেইদিনমানৰ পৰা নিৰাপত্তাৰ দিশৰ পৰা মণিপুৰত এক চিন্তনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে ।