বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই কয় যে আল্লাহে তেওঁক এতিয়ালৈকে কিবা কাৰণত জীয়াই ৰাখিছে । আৱামী লীগৰ সদস্যক হত্যা কৰাসকলক ন্যায়ৰ কাঠগঢ়ালৈ অনা হ’ব বুলিও তেওঁ কয় । বাংলাদেশত সংঘটিত হিংসাত্মক ঘটনাত নিহত হোৱা আৱামী লীগৰ নেতাৰ পৰিয়ালৰ সৈতে ভাৰ্চুৱেলি বাৰ্তালাপ কৰি শ্বেখ হাছিনাই এই কথা কয় । হিংসাত্মক পৰিস্থিতিৰ বাবে যোৱা বছৰৰ আগষ্ট মাহত প্ৰধানমন্ত্ৰী পদৰ লগতে দেশ এৰিবলগীয়া হৈছিল শ্বেখ হাছিনাই ।
মহম্মদ ইউনুছক লক্ষ্য কৰি লয় শ্বেখ হাছিনাই-
এই সময়ত শ্বেখ হাছিনাই বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছক লক্ষ্য কৰি কয় যে ‘মহম্মদ ইউনুছ এজন ব্যক্তি যিয়ে কেতিয়াও জনসাধাৰণক ভাল নাপালে । উচ্চ সুতৰ হাৰত মানুহক সামান্য পৰিমাণৰ ধন ধাৰে দি সেই টকাৰে বহিঃৰাজ্যত বিলাসী জীৱন যাপন কৰিছিল তেওঁ । আমিও তেওঁলোকৰ দ্বৈত চৰিত্ৰ বুজিব পৰা নাছিলো আৰু আমাৰ চৰকাৰেও তেওঁলোকক সহায় কৰিছিল, কিন্তু মানুহে ইয়াৰ পৰা লাভৱান হোৱা নাছিল । মহম্মদ ইউনুছৰ ক্ষমতাৰ ক্ষুধাৰ বাবেই এতিয়া বাংলাদেশ জ্বলি আছে ।’
‘আল্লাহে বিচাৰে মই কিছু ভাল কাম কৰো’
হতাশা প্ৰকাশ কৰি শ্বেখ হাছিনাই কয় যে ‘এসময়ত বাংলাদেশক উন্নয়নৰ আৰ্হি হিচাপে দেখা গৈছিল, কিন্তু আজি সেই দেশখন সন্ত্ৰাসবাদী দেশলৈ পৰিণত হৈছে । আমাৰ নেতাসকলক যিদৰে হত্যা কৰা হ’ল, সেই কথাও বৰ্ণনা কৰিব নোৱাৰি । আৱামী লীগৰ নেতা, আৰক্ষী, অধিবক্তা, সাংবাদিক আৰু শিল্পী সকলোকে লক্ষ্য কৰি লোৱা হৈছে । প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, ‘এদিনতে মোৰ পিতৃ, মা, ভাতৃ আৰু পৰিয়ালৰ সকলো সদস্যক হেৰুৱালোঁ । আনকি সেই সময়তো মোক দেশলৈ উভতি যাবলৈ দিয়া হোৱা নাছিল । ঘনিষ্ঠ কাৰোবাক হেৰুৱাৰ বেদনা বুজি পাওঁ । আল্লাহে মোক ৰক্ষা কৰিলে আৰু তেওঁ বিচাৰে মই কিছু ভাল কাম কৰোঁ । যিসকলে অপৰাধ সংঘটিত কৰি আছে তেওঁলোকক আদালতত হাজিৰ কৰা হ’ব । এয়া মোৰ প্ৰতিশ্ৰুতি ।‘
বাংলাদেশে উত্থাপন কৰিছে প্ৰত্যাৰ্পণৰ বিষয়-
শ্বেখ হাছিনাই কয় যে আল্লাহে মোক কিবা কাৰণত জীয়াই ৰাখিছে আৰু মই সোনকালে উভতি আহিম ।’ শ্বেখ হাছিনাৰ এই বক্তব্য এনে সময়ত আহিছে যেতিয়া বাংলাদেশ চৰকাৰে শ্বেখ হাছিনাক প্ৰত্যাৰ্পণ কৰিবলৈ চেষ্টা চলাইছে আৰু শেহতীয়াকৈ বিমষ্টেক সন্মিলনৰ আঁৰত থাইলেণ্ডত প্ৰধানমন্ত্ৰী মোদী আৰু মহম্মদ ইউনুছৰ সাক্ষাৎ হৈছিল, তেতিয়াও মহম্মদ ইউনুছে শ্বেখ হাছিনাক প্ৰত্যাৰ্পণৰ দাবী উত্থাপন কৰিছিল । বাংলাদেশত সংখ্যালঘু হিন্দুৰ বিৰুদ্ধে সংঘটিত আক্রমণৰ ঘটনাক লৈয়ো প্রধানমন্ত্রী মোদীয়ে মহম্মদ ইউনুছৰ আগত উদ্বেগ প্রকাশ কৰে ৷