পুনৰ উত্তপ্ত হৈ পৰিছে বাংলাদেশ । এইবাৰ ভাঙি লণ্ড-ভণ্ড কৰিলে স্বাধীন বাংলাদেশৰ প্ৰতিষ্ঠাপক শ্বেখ মুজিবুৰ ৰহমানৰ বাসগৃহ।
বুধবাৰে নিশা এটা বৃহৎ প্ৰতিবাদকাৰীৰ দলে ঘৰটো ভাঙি লণ্ড-ভণ্ড কৰাৰ লগতে অগ্নি সংযোগো কৰে। ঘটনাটো এনে সময়ত হৈছিল যিটো সময়ত বাংলাদেশৰ বহিষ্কৃত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই সামাজিক মাধ্যমত বাংলাদেশৰ লোকসকলক উদ্দেশ্যি সম্বোধন কৰি আছিল।
জানিব পৰা মতে বুধবাৰে সন্ধিয়াৰ পৰাই ৰাজধানীৰ ধনমাণ্ডি অঞ্চলত অৱস্থিত ঘৰটোৰ সন্মুখত হাজাৰ হাজাৰ লোক সমবেত হৈছিল। এই ঘৰটো পূৰ্বেই এটা সংগ্ৰহালয়লৈ ৰূপান্তৰিত কৰা হৈছিল।
শ্বেখ হাছিনাই এই খবৰটো জানিব পাৰি, খঙত অগ্নি শৰ্মা হৈ পৰিছিল। সামাজিক মাধ্যমত ভাষণৰ মাজতে, তেওঁ বাংলাদেশীসকলক প্ৰশ্ন কৰিছিল যে তেওঁলোকে বাংলাদেশৰ বাবে একো কৰা নাই নেকি?
দৰাচলতে, শ্বেখ হাছিনাই তেওঁৰ পিতৃৰ ঐতিহাসিক ঘৰটো জ্বলাই দিয়া ঘটনাক লৈ যথেষ্ট খং প্ৰকাশ কৰিছিল।যাৰ বাবে ভিডিঅ' বাৰ্তাৰ জৰিয়তে তেওঁ খং প্ৰকাশ কৰিছিল।
তেওঁ সুধিছিল যে, মই বাংলাদেশৰ কাৰণে একো কৰা নাই নেকি? মই আপোনালোক সকলোৰে বাবে কাম কৰা নাছিলো নেকি?মই মোৰ লোকসকলক সুধিব বিচাৰো ইয়াৰ আঁৰত কোন আছে? মই ন্যায় বিচাৰো।শ্বেখ হাছিনাৰ সেই ভাষণ আৱামী লীগৰ বৰ্তমান ভংগ হোৱা ছাত্ৰ শাখাক উদ্দেশ্যি আছিল।
দৰাচলতে শ্বেখ হাছিনাই বুধবাৰে নিশা ৯ বজাত সামাজিক মাধ্যমত সকলোকে সম্বোধন কৰিব বুলি জানিব পাৰি বাংলাদেশৰ একাংশ লোকে সামাজিক মাধ্যমত 'বুলডোজাৰ শোভাযাত্ৰা'ৰ আহ্বান জনোৱা হৈছিল।
Post Views: 231