ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা লেগ স্পিনাৰ যুজবেন্দ্ৰ চাহাল চেম্পিয়নছ ট্ৰফীৰ অন্তিম খন খেলৰ পিছৰে পৰা চৰ্চাত আছে। এইবাৰ, তেওঁৰ প্ৰাক্তন পত্নী ধনশ্ৰী বাৰ্মাইও সকলোৰে মনোযোগ আকৰ্ষণ কৰিছে।
কিছু সময়ৰ পৰা দুয়োৰে মাজত বিবাহ বিচ্ছেদৰ বাতৰি ওলাইছে।যেতিয়া যুজবেন্দ্ৰ চাহালক আৰজে মাহভাশৰ সৈতে চেম্পিয়নছ ট্ৰফীৰ অন্তিম খন খেল চোৱা দেখা গৈছিল তেতিয়া এই বাতৰিবোৰে অধিক আকৰ্ষণ লাভ কৰিছিল।
চাহাল আৰু আৰজে মাহভাশৰ ফটো ভাইৰেল হোৱাৰ পিছতে, ধনশ্ৰী বাৰ্মাই তেওঁলোকৰ পুৰণি ফটোবোৰো পুনৰ সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছিল য’ত তেওঁক চাহালৰ সৈতে দেখা গৈছিল।
ফটো সমূহ শ্বেয়াৰ কৰাৰ লগতে, তেওঁ এটা পোষ্টও শ্বেয়াৰ কৰিছিল য’ত তেওঁ লিখিছিল যে প্ৰথমে মহিলাসকলক দোষাৰোপ কৰাটো সদায়ে এক প্ৰৱণতা হৈ আহিছে।
অৱশ্যে, ধনশ্ৰীয়ে কি অৰ্থত এই পোষ্টটো কৰিছিল সেয়া তেওঁ উল্লেখ কৰা নাছিল। কিন্তু ইয়াক চাহাল আৰু আৰজেৰ ছবিৰ সৈতে সংযুক্ত কৰা হৈছে।
ধনশ্ৰীক অলপতে অভিষেক বচ্চনৰ ছবি বি হেপ্পীৰ স্ক্ৰীণিং অনুষ্ঠানত দেখা গৈছিল। যেতিয়া পাপাৰাজীয়ে ধনশ্ৰীক চাহাল আৰু মাহাভাশাৰ কথা প্ৰশ্ন কৰিছিল তেতিয়া ধনশ্ৰীয়ে উত্তৰ দিছিল যে তেওঁ যথেষ্ট আৱেগিক অনুভৱ কৰি আছে।