‘আত্মহত্যা কৰিবলৈ মন গৈছিল…’; বিবাহ বিচ্ছেদক লৈ যুজবেন্দ্ৰ চাহালে ভংগ কৰিলে মৌনতা

যুজবেন্দ্ৰ চাহালে ভংগ কৰিলে মৌনতা

ভাৰতীয় ক্ৰিকেটাৰ যুজবেন্দ্ৰ চাহালে কৰিঅ’গ্ৰাফাৰ ধনশ্ৰী ভাৰ্মাৰ সৈতে বিবাহ বিচ্ছেদ হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে মুখ খুলিছে।তেওঁ নিজৰ ব্যক্তিগত আৰু পেছাদাৰী জীৱনৰ বহু নুশুনা কথা সকলোৰে আগত খুলি কৈছে।

লগতে যুজবেন্দ্ৰ চাহালে প্ৰকাশ কৰে যে ধনশ্ৰী আৰু তেওঁ কেইবামাহো পূৰ্বেই বিবাহ বিচ্ছেদৰ সিদ্ধান্ত লৈছিল। কিন্তু, তেওঁ ভাবি থাকিল যে সকলো ঠিকেই হ’ব কিন্তু কথাবোৰ ঠিক নহ’ল আৰু তেওঁলোক পৃথক হ’ল।

আনকি ধনশ্ৰীৰ সৈতে বিবাহ বিচ্ছেদ হোৱাৰ পিছত যুজবেন্দ্ৰক প্ৰতাৰক বুলিও কোৱা হৈছিল।এই সন্দৰ্ভতো ক্ৰিকেটাৰগৰাকীয়ে নিজৰ মৌনতা ভংগ কৰি কয় যে সেই সময়ত তেওঁৰ আত্মহত্যাৰ চিন্তা আছিল।

এটা সাক্ষাৎকাৰত যুজবেন্দ্ৰ চাহালে কয় যে, বিবাহ বিচ্ছেদৰ পিছত তেওঁক সকলোৱে ভুল বুলি কৈছিল আৰু তেওঁক মিছলীয়াৰ আখ্যা দিছিল।

যেতিয়া চাহালক সোধা হৈছিল যে হয়তো ভৱিষ্যতে সকলো ঠিকেই হ’ব বুলি আশা কৰি ছ’চিয়েল মিডিয়াত নিজৰ বিবাহক নিখুঁত বুলি দেখুৱাইছে নেকি? তেওঁ কৈছিল য়ে সেইটো হয়।

তেওঁ কয় যে তেওঁৰ অনুভৱ আছিল যে পৃথক হোৱাৰ সিদ্ধান্ত সলনি হ’ব পাৰে আৰু দুয়োজনে পুনৰ একেলগে সুখেৰে জীয়াই থাকিবলৈ আৰম্ভ কৰিব।

চাহালে লগতে কয়, ‘বিবাহ বিচ্ছেদৰ পিছত মোক প্ৰতাৰক বুলি কোৱা হৈছিল আনহাতে মই জীৱনত কেতিয়াও প্ৰতাৰনা কৰা নাছিলো।মই এজন নিষ্ঠাবান ব্যক্তি।

মোৰ দৰে আনুগত্যশীল কাকো বিচাৰি নাপাবা… মই মোৰ মানুহৰ কথা চিন্তা কৰো।’ তেওঁ লগতে কয়, ‘মোৰ আটাইতকৈ বেছি আঘাত পোৱা কথাটো হ’ল যেতিয়া মানুহে সম্পূৰ্ণ কাহিনী নাজানি সিদ্ধান্ত গ্ৰহণ কৰে’।

‘এই সকলোবোৰে মোক অতি দুখী কৰি তোলে…কি হৈছিল কোনেও নাজানে আৰু এতিয়াও মোক দোষ দি আছে।’

বিবাহ বিচ্ছেদ হোৱাৰ কাৰণ বুজাই দি ক্ৰিকেটাৰগৰাকীয়ে কয় যে বিবাহ হৈছে বুজাবুজি। তেওঁলোকৰ বিবাহ বিচ্ছেদৰ কাৰণ উল্লেখ কৰি তেওঁ কয় যে একেলগে গুণগত সময় কটাব নোৱাৰাৰ বাবে তেওঁলোকৰ মাজৰ দূৰত্ব বৃদ্ধি পালে।

তেওঁ আৰু কয় যে যদিও দুয়োপক্ষৰ পৰা বুজাবুজিৰ প্ৰয়োজন, তথাপিও কেতিয়াবা মতানৈক্যৰ বাবে সকলো নষ্ট হৈ পৰে।চাহালে আৰু কয় যে তেওঁ আৰু ধনশ্ৰী দুয়োজনেই নিজৰ নিজৰ কেৰিয়াৰত ব্যস্ত আছিল।

ইয়াৰ বাবে দুয়োৰে মাজত যোৱা কেইবছৰমানৰ  ভিতৰত ভুল বুজাবুজি বাঢ়ি আহিছিল, যাৰ ফলত লাহে লাহে তেওঁলোকৰ সম্পৰ্কত প্ৰভাৱ পৰিছিল।

লগতে পঢ়ক: অ’ভাল টেষ্টৰ পৰা  কিয় বাহিৰ হ’ল বেন ষ্ট’কছ? প্লেয়িং ১১ ত আনিছে ডাঙৰ পৰিৱৰ্তন

“মোৰ জীৱনলৈ যদি কোনো ল’ৰা আহে…”;যুজবেন্দ্ৰ চাহালৰ সৈতে ডেটিঙৰ খবৰৰ মাজতে আৰ জে মাহভিশে ক’লে হৃদয়ৰ কথা

ধনশ্ৰী আৰু যুজবেন্দ্ৰ চাহালৰ বিবাহ বিচ্ছেদৰ ১২ দিন হ’ল। দুয়োজনে পাৰস্পৰিক সন্মতিৰে ৫ বছৰীয়া সম্পৰ্ক শেষ কৰি দুয়ো পৃথক হয়।

তাৰ মাজতে আৰ জে মাহভিশ আৰু যুজবেন্দ্ৰ চাহালৰ সম্পৰ্কৰ কথাই কিছুদিনৰ পৰা শিৰোনাম দখল কৰি আহিছে।সকলোৱে জানিব বিচাৰে যে তেওঁলোক দুয়োৰে মাজত সঁচাকৈ কি সম্পৰ্ক আছে ?

ছ’চিয়েল মিডিয়াত দুয়োৰে কিছু ভিডিঅ’ ভাইৰেল হোৱাৰ লগে লগে বহুতে কৈছে যে ধনশ্ৰী যোৱাৰ লগে লগে চাহালৰ জীৱনলৈ আহিছে আৰ জে মাহভিশ।

বহুবাৰ আৰ জে মাহভিশে এই বাতৰি মিছা বুলি দাবী কৰিছে যদিও শেহতীয়াকৈ তেওঁৰ এটা ভিডিঅ’ ভাইৰেল হৈছে। য’ত মাহভিশে কৈছে যে “মোৰ জীৱনলৈ যদি কোনো ল’ৰা আহে তেন্তে তেওঁ একমাত্ৰ হ’ব, তেওঁ মোৰ বন্ধু হ’ব, তেওঁ মোৰ বেষ্ট ফ্ৰেণ্ড হ’ব আৰু তেওঁ মোৰ স্বামীও হ’ব।

এই পোষ্টটো শ্বেয়াৰ কৰি তেওঁ কেপচনত লিখিছে, ‘এটাই থাকিব।’ মাহবিশৰ এই পোষ্টটো যুজবেন্দ্ৰ চাহালে লাইক কৰিছে।

আনহাতে এটা অনুষ্ঠানত আৰ জে মাহভিশে কৈছে যে ‘তেওঁ কাৰোৰে সৈতে প্ৰেমৰ সম্পৰ্কত নাই। মই ছিংগল আৰু সুখত আছো। বৰ্তমান সময়ত বিবাহৰ ধাৰণাটো বুজি নোপোৱা হৈছো’।

‘মই যাৰে তাৰে লগত ডেটিত নাযাওঁ। মই কেৱল সেই জনৰ লগত হে ডেটিঙত যাম যাৰ লগত বিবাহ পাশত আৱদ্ধ হম। বৰ্তমান মই কাকো ডেট কৰি থকা নাই’।

তেওঁ লগতে কয় যে ‘ সামাজিক মাধ্যমত মানুহে কৰা ট্ৰলিং বা কোনো কথাই তেওঁ গুৰুত্ব নিদিয়ে’।   

কাইলৈ লোৱা হ’ব যুজবেন্দ্ৰ চাহাল আৰু ধনশ্ৰী বাৰ্মাৰ সম্পৰ্কৰ সিদ্ধান্ত; বিবাহ বিচ্ছেদত আদালতে লগাব মোহৰ

ক্ৰিকেটাৰ যুজবেন্দ্ৰ চাহাল আৰু নৃত্য পৰিচালক ধনশ্ৰী বাৰ্মাই বৰ্তমান শিৰোনামত আছে।দুয়োজনৰ মাজৰ সম্পৰ্কত এতিয়া ফাট মেলিছে, যাৰ ফলত বিবাহ বিচ্ছেদৰ হ’বলৈ গৈ আছে।অৱশ্যে দুয়োজনে বিষয়টোত নীৰৱতা বজাই ৰাখিছে।

দুয়োজনে বিবাহ বিচ্ছেদৰ বাবে আবেদন কৰিছে আৰু বিচাৰে যে আদালতে যিমান সম্ভৱ সিমান সোনকালে ইয়াৰ ওপৰত সিদ্ধান্ত লওক।

পাৰিবাৰিক আদালতে ইতিমধ্যে হিন্দু বিবাহ আইনৰ অধীনত ক্ৰিকেটাৰ যুজবেন্দ্ৰ চাহাল আৰু ধনশ্ৰী বাৰ্মাৰ বিবাহ বিচ্ছেদৰ বাবে আইনী কুলিং-অফ ম্যাদ সম্পূৰ্ণ কৰিবলৈ কৈছিল।

অৱশ্যে, বোম্বাই উচ্চ ন্যায়ালয়ে এতিয়া পাৰিবাৰিক আদালতৰ এই সিদ্ধান্ত ওলোটাই দিছে আৰু বৃহস্পতিবাৰে বিষয়টোৰ ওপৰত ৰায় দিয়াৰ নিৰ্দেশ দিছে।

যুজবেন্দ্ৰ চাহাল আৰু ধনশ্ৰীয়ে ২০২০ চনৰ ডিচেম্বৰত বিবাহ পাশত আৱদ্ধ হৈছিল। অৱশ্যে, দুয়োজনে যোৱা কেইমাহমান ধৰি পৃথকে বাস কৰি আছে।

দুয়োজনে এই বছৰৰ আৰম্ভণিতে পাৰস্পৰিক সন্মতিৰ দ্বাৰা বিবাহ বিচ্ছেদৰ বাবে আবেদন কৰিছিল। ইয়াৰ লগতে, তেওঁলোকে বাধ্যতামূলক ছয় মাহৰ কুলিং-অফ ম্যাদৰ পৰা ৰেহাই পাবৰ বাবেও অনুৰোধ কৰিছিল।

উচ্চ ন্যায়ালয়ে এতিয়া এই সিদ্ধান্তটো ওলোটাই দি স্পষ্টভাৱে বিবাহ বিচ্ছেদ প্ৰক্ৰিয়া দ্ৰুততাৰে সম্পূৰ্ণ কৰাৰ পথ প্ৰশস্ত কৰিছে। এই গোচৰটোৰ শুনানি ২০ মাৰ্চ, ২০২৫ তাৰিখে অনুষ্ঠিত হ’ব।

ক্ৰিকেটাৰ যুজবেন্দ্ৰ চাহালে কোৰিঅ’গ্ৰাফাৰ ধনশ্ৰী বাৰ্মাক ৪.৭৫ কোটি টকাৰ স্থায়ী ভৰ্তি ৰখাৰ বাবে সন্মত হৈছে।ইয়াৰ ভিতৰত, ইতিমধ্যে কোৰিঅ’গ্ৰাফাৰক ২.৩৭কোটি টকা দিয়া হৈছে।

যুজবেন্দ্ৰ চাহাল আৰু ধনশ্ৰী বাৰ্মাই তেওঁলোকৰ ৪ বছৰীয়া বিবাহ সমাপ্ত কৰাত ইমান খৰখেদা দেখুৱাইছিল যে দুয়োপাৰস্পৰিক সন্মতিৰ দ্বাৰা বিবাহ বিচ্ছেদ কৰিবলৈ সন্মত হৈছিল।

“মই অতি আৱেগিক অনুভৱ কৰিছো”; কি কথাক লৈ ধনশ্ৰী বাৰ্মাৰ হ’ল এই অৱস্থা? ভাইৰেল ভিডিঅ’

ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা লেগ স্পিনাৰ যুজবেন্দ্ৰ চাহাল চেম্পিয়নছ ট্ৰফীৰ অন্তিম খন খেলৰ পিছৰে পৰা চৰ্চাত আছে। এইবাৰ, তেওঁৰ প্ৰাক্তন পত্নী ধনশ্ৰী বাৰ্মাইও সকলোৰে মনোযোগ আকৰ্ষণ কৰিছে।

কিছু সময়ৰ পৰা দুয়োৰে মাজত বিবাহ বিচ্ছেদৰ বাতৰি ওলাইছে।যেতিয়া যুজবেন্দ্ৰ চাহালক আৰজে মাহভাশৰ সৈতে চেম্পিয়নছ ট্ৰফীৰ অন্তিম খন খেল চোৱা দেখা গৈছিল তেতিয়া এই বাতৰিবোৰে অধিক আকৰ্ষণ লাভ কৰিছিল।

চাহাল আৰু আৰজে মাহভাশৰ ফটো ভাইৰেল হোৱাৰ পিছতে, ধনশ্ৰী বাৰ্মাই তেওঁলোকৰ পুৰণি ফটোবোৰো পুনৰ সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছিল য’ত তেওঁক চাহালৰ সৈতে দেখা গৈছিল।

ফটো সমূহ শ্বেয়াৰ কৰাৰ লগতে, তেওঁ এটা পোষ্টও শ্বেয়াৰ কৰিছিল য’ত তেওঁ লিখিছিল যে প্ৰথমে মহিলাসকলক দোষাৰোপ কৰাটো সদায়ে এক প্ৰৱণতা হৈ আহিছে।

অৱশ্যে, ধনশ্ৰীয়ে কি অৰ্থত এই পোষ্টটো কৰিছিল সেয়া তেওঁ উল্লেখ কৰা নাছিল। কিন্তু ইয়াক চাহাল আৰু আৰজেৰ ছবিৰ সৈতে সংযুক্ত কৰা হৈছে।

ধনশ্ৰীক অলপতে অভিষেক বচ্চনৰ ছবি বি হেপ্পীৰ স্ক্ৰীণিং অনুষ্ঠানত দেখা গৈছিল। যেতিয়া পাপাৰাজীয়ে ধনশ্ৰীক চাহাল আৰু মাহাভাশাৰ কথা প্ৰশ্ন কৰিছিল তেতিয়া ধনশ্ৰীয়ে উত্তৰ দিছিল যে তেওঁ যথেষ্ট আৱেগিক অনুভৱ কৰি আছে।

ভাৰত-নিউজিলেণ্ডৰ ফাইনেলত ‘ৰহস্যময়ী যুৱতী’ৰ সৈতে যুজবেন্দ্ৰ চাহাল; ভাইৰেল ফটো

ভাৰত আৰু নিউজিলেণ্ডৰ দলবোৰে চেম্পিয়নছ ট্ৰফী ২০২৫ ৰ ফাইনেল জিকিবলৈ ডুবাইত যুঁজ দি আছে।টীম ইণ্ডিয়াৰ বাহিৰত থকা স্পিনাৰ যুজবেন্দ্ৰ চাহালকো ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত টীম ইণ্ডিয়াৰ হৈ উল্লাস কৰা দেখা গৈছিল।

অৱশ্যে, তেওঁক এগৰাকী যুৱতীৰ সৈতে দেখিবলৈ পোৱা গৈছিল।  যিয়ে অনুৰাগীসকলৰ দৃষ্টি আকৰ্ষণ কৰিছিল।যুৱতী গৰাকীৰ সৈতে চাহালৰ ফটোখন ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। অনুৰাগীসকলে জানিবলৈ আগ্ৰহী যে যুৱতী গৰাকী কোন?

ধনশ্ৰী বাৰ্মা আৰু ক্ৰিকেটাৰ যুজবেন্দ্ৰ চাহাল যোৱা কেইদিনমান ধৰি তেওঁলোকৰ বিবাহ বিচ্ছেদৰ সন্দৰ্ভত শিৰোনাম দখল কৰিছে।

মুম্বাইৰ বান্দ্ৰা পাৰিবাৰিক আদালতত বিবাহ বিচ্ছেদৰ বাবে দাখিল কৰা আৱেদনৰ সৈতে চাহাল আৰু ধনশ্ৰীৰ মাজত বিবাহ বিচ্ছেদৰ প্ৰক্ৰিয়া ইতিমধ্যে ২০২৫ চনৰ ফেব্ৰুৱাৰীত আৰম্ভ হৈছে বুলিও জানিব পৰা গৈছে।

অৱশ্যে, চাহাল বা ধনশ্ৰী কোনোৱেই এতিয়ালৈকে এই সন্দৰ্ভত কোনো বিবৃতি দিয়া নাই। এই সকলোবোৰৰ মাজতে চাহালে ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত ভাৰত-নিউজিলেণ্ডৰ ফাইনেল খেলখনত অংশগ্ৰহণ কৰিছিল, য’ত তেওঁৰ সৈতে বহি থকা এজনী যুৱতীয়ে এতিয়া চৰ্চা লাভ কৰিছে।

ছ’চিয়েল মিডিয়াত অসংখ্য ফটো ভাইৰেল হৈ আছে, য’ত চাহালক এগৰাকী যুৱতীৰ  সৈতে ভাৰত-নিউজিলেণ্ডৰ ফাইনেল মেচউপভোগ কৰা দেখা গৈছে।

অনুৰাগীসকলে জানিবলৈ আগ্ৰহী হৈ পৰিছে যে এই যুৱতী গৰাকী কোন। দৰাচলতে, চাহালৰ সৈতে দেখা যুৱতী গৰাকী হৈছে আৰ.জে. মাহভাশ। দুয়োজনে তেওঁলোকৰ ইনষ্টাগ্ৰাম ষ্টৰিত খেলৰ দৃশ্য ভাগ বতৰা কৰিছিল।

“মই ৰৈ থকা বিধৰ নহয়”; যুজবেন্দ্ৰৰ পৰা বিবাহ বিচ্ছেদৰ পিছতে ভাইৰেল ধনশ্ৰীৰ বিশেষ পোষ্ট

সামাজিক মাধ্যমৰ ইনল্ফুৱেঞ্চাৰ তথা নৃত্য পৰিচালক ধনশ্ৰী বাৰ্মা আৰু ক্ৰিকেটাৰ যুজবেন্দ্ৰ চাহাল কিছু দিনৰ পৰা তেওঁলোকৰ বিবাহ বিচ্ছেদৰ বাতৰি সন্দৰ্ভত শিৰোনামত আছে।

অৱশ্যে, দুয়োজনে বিষয়টোৰ সন্দৰ্ভত নীৰৱ হৈ আছে আৰু কোনো আনুষ্ঠানিক বিবৃতি জাৰি কৰা নাই। কিন্তু তেওঁলোকৰ অধিবক্তাসকলে কয় যে গোচৰটো আদালতত চলি আছে। এইটো খবৰ পোৱা গৈছে যে দুয়োজনে যোৱা ১৮ মাহ ধৰি পৃথকে বাস কৰি আছে।

কিছুমান প্ৰতিবেদনত দাবী কৰা হৈছে যে ধনশ্ৰীয়ে যুজবেন্দ্ৰৰ পৰা এলিমানিৰ নামত ৬০ কোটি টকা দাবী কৰিছিল। কিন্তু তেওঁৰ লগতে  পৰিয়ালৰ লোকসকলেও এই কথাবোৰ মিছা আৰু অৰ্থহীন বুলি খাৰিজ কৰিছে।

ইফালে, ধনশ্ৰীৰ এটা পোষ্টৰ লগতে তেওঁ শ্বেয়াৰ কৰা কিছুমান ফটোও সামাজিক মাধ্যমত ভাইৰেল হৈ আছে । পোষ্টটোত ধনশ্ৰীয়ে লিখিছিল যে তেওঁ হাৰ মানি লোৱা মানুহ নহয়।

ধনশ্ৰীয়ে এইটোও কৈছিল যে তেওঁ এতিয়া আগতকৈ অধিক শক্তিশালী আৰু নিৰ্ভীক অনুভৱ কৰে।তেওঁ লগতে লিখিছিল যে ভগৱান শিৱৰ আশীৰ্বাদত তেওঁ সম্পূৰ্ণ নিষ্ঠাৰে নিজৰ কাম কৰি আছো”। ধনশ্ৰীৰ এই পোষ্টটো এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

২০ বছৰীয়া বিবাহৰ অন্ত ! বীৰেন্দ্ৰ ছেহৱাগে পত্নী আৰতিক দিব নেকি বিবাহ বিচ্ছেদ?

যুজবেন্দ্ৰ চাহালৰ পিছত, আন এজন ভাৰতীয় খেলুৱৈৰ বিবাহ বিচ্ছেদৰ বাতৰিয়ে চৰ্চা লাভ কৰিছে।  ভাৰতীয় ক্ৰিকেটাৰ বীৰেন্দ্ৰ ছেহৱাগে তেওঁৰ পত্নী আৰতি আহলাৱতৰ পৰা পৃথক হৈ আছে।

ছেহৱাগ আৰু আৰতি ২০০৪ চনত বিবাহপাশত আৱদ্ধ হৈছিল।কিন্তু এতিয়া তেওঁলোকে ইজনে সিজনক ইনষ্টাগ্ৰামত আনফলো কৰিছে।

জানিব পৰা মতে ছেহৱাগ আৰু আৰতি কিছুদিন ধৰি পৃথকে পৃথকে আছে আৰু অতি সোনকালে বিবাহ বিচ্ছেদ দিব পাৰে।

বীৰেন্দ্ৰ ছেহৱাগে বহু বছৰ আগতে ক্ৰিকেটক বিদায় জনাইছিল। ২০০৪ চনত আৰতি আহলাৱতৰ সৈতে বিবাহ পাশত আৱদ্ধ হয়।

আক্ৰমণাত্মক বলিঙৰ বাবে জনপ্ৰিয় ৪৬ বছৰীয়া বীৰেন্দ্ৰ ছেহৱাগ আৰু আৰতিৰ দুটা পুত্ৰ সন্তান আছে।বিয়া কৰা তিনি বছৰ পিছত, তেওঁলোকৰ আৰ্যবীৰ নামৰ এটি পুত্ৰ পুত্ৰ সন্তান জন্ম হয়।

একে সময়তে, সৰু পুত্ৰৰ নাম বেদন্ত, যাৰ  ২০১০ চনত জন্ম হৈছিল।বীৰেন্দ্ৰ ছেহৱাগ আৰু তেওঁৰ পত্নীৰ মাজত বিভেদৰ উৰাবাতৰি প্ৰথমবাৰৰ বাবে পোহৰলৈ আহিছিল যেতিয়া ছেহৱাগে যোৱা বছৰ দেৱালীৰ সময়ত তেওঁৰ মাতৃ আৰু পুত্ৰৰ সৈতে এখন ফটো শ্বেয়াৰ কৰিছিল, কিন্তু ইয়াত আৰতি উপস্থিত নাছিল।

আৰতি আহলাৱত দিল্লীৰ বাসিন্দা আৰু তেওঁ প্ৰায়ে সংবাদ মাধ্যমৰ পৰা আঁতৰি থাকে। ১৯৮০ চনৰ ১৬ ডিচেম্বৰত তেওঁৰ জন্ম হয় আৰু তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ পৰা কম্পিউটাৰ বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰে।