নাছা আৰু অন্যান্য মহাকাশ সংস্থাসমূহ মংগল গ্ৰহত জীৱনৰ সন্ধানত ব্যস্ত । দৰাচলতে এটা সময়ত পৃথিৱীৰ দৰেই মংগল গ্ৰহতো হয়তো জীৱন আছিল বুলি বিশ্বাস কৰা হয় । এই গ্ৰহটোক প্ৰায়ে পৃথিৱীৰ লগত তুলনা কৰা হয়, কিন্তু সঁচাকৈয়ে ৰঙা গ্ৰহটোত কেতিয়াবা জীৱন আছিল নে ? এই প্ৰশ্নবোৰৰ উত্তৰ বিচাৰি বিজ্ঞানীসকল ব্যস্ত । অৱশ্যে আজি আমি মংগল গ্ৰহৰ লগত জড়িত কেইটামান আশ্চৰ্যকৰ তথ্য আপোনালোকক জনাম ।
মংগল গ্ৰহৰ বিষয়ে আপুনি কিমান জানে ?
আপুনি জানেনে যে মংগল গ্ৰহ আকাৰত পৃথিৱীতকৈ বহুত সৰু ? ইয়াৰ ব্যাস পৃথিৱীৰ ব্যাসৰ ৫৩ শতাংশ । আপুনি জানি আচৰিত হ’ব যে ৬ টা মংগল গ্ৰহ সংযুক্ত হোৱাৰ পিছত পৃথিৱীৰ আকৃতি গঠন হ’ব পাৰে । ইয়াৰ বাহিৰেও মংগল গ্ৰহৰ মাধ্যাকৰ্ষণ শক্তি পৃথিৱীতকৈ বহু কম । ইয়াত থকা মাধ্যাকৰ্ষণ শক্তি পৃথিৱীৰ মাধ্যাকৰ্ষণৰ এক তৃতীয়াংশহে । এইদৰে পৃথিৱীত যদি আপোনাৰ ওজন ১০০ কিলোগ্ৰাম হয়, তেন্তে মংগল গ্ৰহত আপোনাৰ ওজন মাত্ৰ ৩৮ কিলোগ্ৰাম হ’ব । লগতে মংগল গ্ৰহৰ ঋতু পৃথিৱীৰ ঋতুতকৈ প্ৰায় দুগুণ দীঘল, কাৰণ পৃথিৱীৰ বছৰটো ৩৬৫ দিন হ’লেও মংগল গ্ৰহৰ এটা বছৰ ৬৮৭ দিন ।
সৌৰজগতৰ আটাইতকৈ ডাঙৰ আগ্নেয়গিৰি আছে মংগল গ্ৰহত-
ইয়াৰ বাহিৰেও মংগল গ্ৰহৰ দুটা চন্দ্ৰ তথা উপগ্ৰহ আছে । ফবছ আৰু ডোইমছ আচলতে দেখাত গ্ৰহাণুৰ দৰে, কিন্তু আপুনি জানি আচৰিত হ’ব যে দুটা চন্দ্ৰ থকাৰ পিছতো মংগল গ্ৰহত কেতিয়াও সূৰ্যগ্ৰহণ নহয় ।
ইফালে সৌৰজগতৰ আটাইতকৈ ডাঙৰ আগ্নেয়গিৰিটো মংগল গ্ৰহত আছে । ইয়াত থকা অলিম্পছ মন্স কেৱল মংগল গ্ৰহৰ নহয়, সমগ্ৰ সৌৰজগতৰ আটাইতকৈ ডাঙৰ আগ্নেয়গিৰি । এই গ্ৰহৰ আটাইতকৈ ডাঙৰ গহ্বৰটো হৈছে ব’ৰালিছ বেছিন । ই সৌৰজগতৰ আটাইতকৈ ডাঙৰ গহ্বৰ নহয় যদিও ই মংগল গ্ৰহৰ ৪০ শতাংশ অঞ্চল সামৰি লৈছে ।