পুৱা ৮ বজাৰ লগে লগেই আৰম্ভ হৈছে দিল্লী বিধানসভা নিৰ্বাচনৰ ভোটগণনা। ৭০ টা সমষ্টিত ৫ ফেব্ৰুৱাৰীত অনুষ্ঠিত হৈছিল ভোটগ্ৰহণ। ৭০টা বিধানসভা সমষ্টিত ভাগ্য নিৰ্ণয় হ’ব ৬৬৯ গৰাকী প্ৰাৰ্থীৰ।
দিল্লী বিধানসভা নিৰ্বাচনত ৫৭.৫০ শতাংশ ভোটদান হৈছিল। দিল্লীত পুনৰ আম আদমি পাৰ্টীৰ চৰকাৰ নে ২৭ বছৰ পিছত পদুম ফুলিব তালৈ দৃষ্টি নিবদ্ধ ৰাখিছে সমগ্ৰ দেশবাসীয়ে।
ইতিমধ্যে নতুন দিল্লীত ৫০ খন আসনত অগ্ৰগতি লাভ কৰিছে ভাৰতীয় জনতা পাৰ্টীয়ে। তাৰ সমান্তৰালকৈ আম আদমি পাৰ্টিৰ অৰবিন্দ কেজৰিৱালে মাত্ৰ ১৯ খন আসন হে লাভ কৰিছে।
উল্লেখযোগ্য যে দিল্লী বিধানসভাৰ আসনৰ সংখ্যা ৭০খন আৰু ইয়াৰ মেজিক নম্বৰ হ’ল ৩৬।কিন্তু ইতিমধ্যে বিজেপিয়ে সেই মেজিক নম্বৰ অতিক্ৰম কৰিছে।
দিল্লীত যুঁজখন যদিও ত্ৰিকোণীয়া আছিল কিন্তু কংগ্ৰেছে বৰ্তমানলৈকে মাত্ৰ ১খন আসন হে লাভ কৰিবলৈ সক্ষম হৈছে।