মঙলবাৰে পহলগামত সন্ত্ৰাসবাদী আক্ৰমণে জোকাৰি গৈছে সমগ্ৰ দেশ। এই আক্ৰমণৰ পিছতেই দেশৰ প্ৰতিজন নাগৰিকে ক্ষোভিত হোৱাৰ লগতে তাৰকা সকলেও নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।
এই সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাক বলীউডৰ বহু চলচ্চিত্ৰ তাৰকাই গৰিহণা দিছে।এতিয়া ছলমান খানেও এই কথা তীব্ৰ গৰিহণা দি এটা পোষ্ট শ্বেয়াৰ কৰিছে।য’ত ছলমান খানে লিখিছে যে সন্ত্ৰাসবাদীয়ে স্বৰ্গক নৰকলৈ ৰূপান্তৰিত কৰিবলৈ কুণ্ঠাবোধ কৰা নাই।
বুধবাৰে ইনষ্টাগ্ৰামত এই সন্দৰ্ভত ছলমান খানে এটা পোষ্ট শ্বেয়াৰ কৰিছে ।য’ত ছলমান খানে লিখিছে, ‘পৃথিৱীৰ স্বৰ্গ বুলি গণ্য কৰা কাশ্মীৰক নৰকলৈ ৰূপান্তৰিত কৰা হৈছে’।
‘নিহত পৰিয়াললৈ মোৰ সমবেদনা জ্ঞাপন কৰিলোঁ। এজন নিৰীহৰো প্ৰাণ লোৱাটো এটা সমগ্ৰ বিশ্বব্ৰহ্মাণ্ড ধ্বংস কৰাৰ সমতুল্য’।
ছলমান খানৰ এই পোষ্টটো এতিয়া ভাইৰেল হৈ পৰিছে। য’ত বহু অনুৰাগীয়ে তেওঁক সমৰ্থন কৰিছে।