দক্ষিণ-পশ্চিম চীনৰ ছিচুয়ান প্ৰদেশত হোৱা ভূমিস্খলনে অঞ্চলটোত আতংকৰ সৃষ্টি কৰিছে । এই প্ৰাকৃতিক দুৰ্যোগত ১০টাতকৈও অধিক ঘৰ ধ্বংস হোৱাৰ বিপৰীতে শ শ লোকে ঘৰ এৰি যাবলৈ বাধ্য হয় । এই দুৰ্ঘটনাৰ পিছত সন্ধানহীন হোৱা ৩০ জন লোকৰ সন্ধানত উদ্ধাৰ অভিযানত আৰম্ভ কৰিছে নিয়োজিত উদ্ধাৰ কৰ্মীসকলে ।
উদ্ধাৰ অভিযানত নিয়োজিত জৰুৰীকালীন ব্যৱস্থাপনা দল-
এই ঘটনাৰ পিছতে জৰুৰীকালীন ব্যৱস্থাপনা মন্ত্ৰালয়ে অগ্নিনিৰ্বাপক বাহিনীকে ধৰি শতাধিক উদ্ধাৰ কৰ্মী মোতায়েন কৰে । সংবাদ মাধ্যমৰ খবৰ অনুসৰি দুজন লোকক জীৱিত অৱস্থাত উদ্ধাৰ কৰাৰ লগতে প্ৰায় ২০০ জনক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছে । উল্লেখ্য যে এই ঘটনাৰ পিছত ৰাষ্ট্ৰীয় উন্নয়ন আৰু সংস্কাৰ আয়োগে আন্তঃগাঁথনি আৰু ৰাজহুৱা সেৱাৰ জৰুৰীকালীন পুনৰুদ্ধাৰৰ বাবে ৫ কোটি ইউয়ান (৬৯ লাখ মাৰ্কিন ডলাৰ) ধন আবণ্টন দিছে ।
গাঁৱৰ ৰাইজে দিলে তথ্য-
গাঁওবাসীয়ে জনোৱা মতে, যোৱা কেইমাহমানৰ পৰা পাহাৰৰ পৰা শিল খহি আছে আৰু কিছুমান ক্ষেত্ৰত বিস্ফোৰণৰ দৰে শব্দ শুনা গৈছে । ৰাজ্যিক সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি ভূতত্ত্ববিদসকলে অঞ্চলটো পৰিদৰ্শন কৰি বিপদৰ বিষয়ে সতৰ্ক কৰি দিছে ।
ৰাষ্ট্ৰপতি জি জিনপিঙে উদ্বেগ প্ৰকাশ কৰে-
লগতে চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙে এই দুৰ্যোগক লৈ উদ্বেগ প্ৰকাশ কৰে । লগতে নিৰুদ্দেশ হোৱা লোকসকলক বিচাৰি উলিওৱাৰ লগতে মৃতকৰ সংখ্যা হ্ৰাস কৰাৰ বাবে সকলো প্ৰচেষ্টা চলাবলৈও বিষয়াসকলক কয় । প্ৰধানমন্ত্ৰী লি কেকিয়াঙে আশে-পাশে থকা অঞ্চলত ভূতাত্ত্বিক বিপদৰ তদন্তৰ আহ্বান জনাই কয় যে বিপদজনক বাসিন্দাসকলক সুৰক্ষিত স্থানলৈ লৈ যোৱা উচিত ।