পৰীক্ষাৰ ভয় প্ৰতিহত কৰিবলৈ পুনৰ এবাৰ দেশত ‘পৰীক্ষা পে চৰ্চা’ অনুষ্ঠিত হ’বলৈ গৈ আছে । প্ৰধানমন্ত্ৰী মোদীৰ অতি জনপ্ৰিয় অনুষ্ঠান ‘পৰীক্ষা পে চৰ্চা’ আৰম্ভ হৈছে । পৰীক্ষ পে চৰ্চাৰ অষ্টম সংস্কৰণৰ পঞ্জীয়ন প্ৰক্ৰিয়া আৰম্ভ হৈছে । ভাৰতৰ ২৮খন ৰাজ্য আৰু ৮খন কেন্দ্ৰীয় শাসিত অঞ্চলৰ শিশু তথা শিক্ষাৰ্থী, তেওঁলোকৰ পিতৃ-মাতৃ, অভিভাৱক আৰু শিক্ষকে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰিব । ইচ্ছুক প্ৰাৰ্থীয়ে অফিচিয়েল ৱেবছাইট mygov.in/ppc-2023 ত গৈ অনলাইন আবেদন কৰিব পাৰিব । এতিয়ালৈকে ইয়াৰ বাবে ২.৯২ লাখতকৈ অধিক ছাত্ৰ-ছাত্ৰীয়ে পঞ্জীয়ন কৰিছে । এই কাৰ্যসূচীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আগন্তুক ব’ৰ্ড পৰীক্ষা আৰু আনুষংগিক বিষয়সমূহৰ ওপৰত অভিভাৱক আৰু শিক্ষকৰ সৈতে মত বিনিময় কৰে । এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীসকলে সৰ্বাধিক ৫০০ আখৰত প্ৰধানমন্ত্ৰীলৈ প্ৰশ্ন প্ৰেৰণ কৰিব লাগিব ।
পৰীক্ষা পে চৰ্চাত নৱম শ্ৰেণী, দশম শ্ৰেণী, একাদশ আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব পাৰিব । ইয়াৰ বাবে অনলাইন সৃষ্টিশীল লেখা প্ৰতিযোগিতাৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীক নিৰ্বাচিত কৰা হয় । পি পি চি ২০২৪ প্ৰতিযোগিতাৰ বিজয়ীসকলে প্ৰধানমন্ত্ৰীৰ সৈতে এই অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুযোগ পায় । ইয়াৰ উপৰিও তেওঁলোকে এখন চাৰ্টিফিকেট আৰু ‘পৰীক্ষা পে চৰ্চা’ৰ কিটো লাভ কৰে । প্ৰধানমন্ত্ৰীয়ে ২০১৮ চনৰ পৰা প্ৰতি বছৰে ‘পৰীক্ষা পে চৰ্চা’ কাৰ্যসূচীৰ আয়োজন কৰি আহিছে ।
ক’ত হ’ব পৰীক্ষা পে চৰ্চা-
২০২৫ চনৰ জানুৱাৰী মাহত নতুন দিল্লীৰ ভাৰত মণ্ডপমত পৰীক্ষ পে চৰ্চা কাৰ্যসূচীৰ আয়োজন কৰা হ’ব । অৱশ্যে এই কাৰ্যসূচীৰ তাৰিখ এতিয়াও নিৰ্ণয় হোৱা নাই । ইয়াৰ তাৰিখ অতি সোনকালে কেন্দ্ৰীয় শিক্ষা বিভাগে প্ৰকাশ কৰিব ।
‘পৰীক্ষা পে চৰ্চা’ ২০২৫ত অংশগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীৰ বাবে নিৰ্দেশনা-
১.এই প্ৰতিযোগিতা ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ।
২. ছাত্ৰ-ছাত্ৰীসকলে নিজৰ প্ৰশ্ন প্ৰধানমন্ত্ৰীলৈ সৰ্বাধিক ৫০০ আখৰেৰে প্ৰেৰণ কৰিব পাৰিব ।
৩. অভিভাৱক আৰু শিক্ষকসকলেও তেওঁলোকৰ বাবে বিশেষভাৱে ডিজাইন কৰা অনলাইন কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি নিজৰ প্ৰৱেশ পত্ৰ জমা দিব পাৰিব ।
৪. ভুল তথ্য প্ৰদান কৰা যিকোনো অংশগ্ৰহণকাৰীক পি পি চি ২০২৫ত অংশগ্ৰহণ কৰাৰ পৰা অযোগ্য ঘোষণা কৰা হ’ব ।
‘পৰীক্ষা পে চৰ্চা’ ২০২৫ৰ বাবে কেনেদৰে আৱেদন কৰিব-
১. প্ৰথমে অফিচিয়েল ৱেবছাইট https://www.mygov.in লৈ যাওক।
২. হোমপেজত Participate Now লিংকত ক্লিক কৰক।
৩. আকৌ Participate Now ত ক্লিক কৰক।
৪. আপুনি যিটো শ্ৰেণীত পৰে তাত ক্লিক কৰক, অৰ্থাৎ যদি আপুনি ছাত্ৰ তেন্তে ছাত্ৰ লিংকত ক্লিক কৰক, যদি আপুনি অভিভাৱক তেন্তে অভিভাৱক লিংকত ক্লিক কৰক আৰু যদি আপুনি শিক্ষক তেন্তে শিক্ষক লিংকত ক্লিক কৰি সম্পূৰ্ণ কৰক পঞ্জীয়ন প্ৰক্ৰিয়া ।