জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত সমগ্ৰ দেশতে ক্ষোভৰ জোৱাৰ উঠিছে। এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে পাকিস্তানস্থিত নিষিদ্ধ লস্কৰ-ই-তৈবা (এল ই টি) সন্ত্ৰাসবাদী সংগঠনৰ অংশ ‘দ্য ৰেজিষ্টেন্স ফ্ৰণ্ট’ (টি আৰ এফ)য়ে।
এই ঘটনাক লৈ ক্ৰিকেট জগততো ক্ষোভৰ সৃষ্টি হৈছে।তাৰ মাজতে বিচিচিআইয়েও পাকিস্তানৰ প্ৰতি নিজৰ মনোভাৱ দেখুৱাইছে।
এই সন্ত্ৰাসবাদী ঘটনাক লৈ বিচিচিআইৰ উপ-সভাপতি ৰাজীৱ শুক্লাই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে ‘আমি ভুক্তভোগীৰ পৰিয়ালৰ সৈতে থাকি এই ঘটনাৰ গৰিহণা দিছো’।
‘বিচিচিআইয়ে পাকিস্তানৰ সৈতে ক্ৰিকেট খেলা বন্ধ কৰিব লাগে নেকি বুলি প্ৰশ্ন কৰাত ৰাজীৱ শুক্লাই কয় যে আমাৰ চৰকাৰে যি ক’ব আমি তাকেই কৰিম’।
‘আমি চৰকাৰৰ স্থিতিৰ বাবে পাকিস্তানৰ সৈতে দ্বিপাক্ষিক শৃংখলা খেলা নাই আৰু আমি ভৱিষ্যতেও পাকিস্তানৰ সৈতে দ্বিপাক্ষিক শৃংখলা নেখেলো। যেতিয়া আইচিচিৰ ইভেণ্টৰ কথা আহে তেতিয়াহে আমি আইচিচিৰ অংশীদাৰিত্বৰ কাৰণে হে খেলা হয়’।