ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত টি-২০ শৃংখলাৰ অন্তিমখন খেল ১৫ নৱেম্বৰত জোহান্সবাৰ্গৰ ঐতিহাসিক ৱাণ্ডাৰৰ্ছ ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল।এই খেলখনত ভাৰতীয় দলটো ১৩৫ ৰাণত বিজয়ী হয়।
খেলখনত, ভাৰতে আফ্ৰিকান দলৰ বিৰুদ্ধে ২৮৪ ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছিল,কিন্তু দক্ষিণ আফ্ৰিকাই ১৮.২ অভাৰত ১৪৮ ৰাণতে লৈ থমকিব লগা হয়।এই বিজয়ৰ লগে লগে সূৰ্যকুমাৰ যাদৱৰ অধিনায়কত্বত ভাৰতীয় দলে চাৰিখন খেলৰ টি-২০ শৃংখলাত ৩-১ দখল কৰে।
দক্ষিণ আফ্ৰিকাৰ ৰাণৰ অনুসৰি, এইটো টি-২০ আন্তৰ্জাতিক ত আটাইতকৈ ডাঙৰ পৰাজয় আছিল। সঞ্জু চেমছনৰ টি-২০ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰৰ এইটো তৃতীয় শতক।সঞ্জুৱে এই বছৰত তিনিটা শতক অৰ্জন কৰিছিল। ইয়াৰ পিছতেই সঞ্জু চেমছন এটা বছৰতে টি-২০ আন্তৰ্জাতিক খেলত তিনিটা শতক অৰ্জন কৰা প্ৰথম জন বেটছমেন হৈ পৰিছে।