দ্বিতীয়খন টি-২০টো আত্মসমৰ্পণ টিম ইণ্ডিয়াৰ; ৫১ ৰানত পৰাস্ত ভাৰত

দ্বিতীয়খন টি-২০টো আত্মসমৰ্পণ টিম ইণ্ডিয়াৰ। দক্ষিণ আফ্ৰিকাৰ বৃহৎ জয়

ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হ’বলগীয়া পাঁচখন খেলৰ টি-২০ শৃংখলাৰ দ্বিতীয়খন খেল আজি (১১ ডিচেম্বৰ) মুলানপুৰ (নিউ চণ্ডীগড়)ৰ মহাৰাজা যাদবীন্দ্ৰ সিং আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হয়।এই খেলখনত ভাৰত ৫১ ৰানত পৰাস্ত হয়।

ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত চলি থকা ৫খন খেলৰ টি-২০ শৃংখলাৰ প্ৰথমখন মেচত ১০১ ৰানৰ একপক্ষীয় ব্যৱধানত টিম ইণ্ডিয়াই জয়লাভ কৰাৰ বিপৰীতে দ্বিতীয়খন মেচত আফ্ৰিকান দলটোৱে উজ্জ্বল প্ৰত্যাৱৰ্তন কৰে।

এই খেলখনত আফ্ৰিকান দলটোৱে প্ৰথমে বেটিং কৰাৰ সুযোগ লাভ কৰি ২০ অভাৰত ৪টা উইকেট হেৰুৱাই ২১৩ ৰান সংগ্ৰহ কৰে,ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে টিম ইণ্ডিয়াই অতি দুৰ্বল বেটিং প্ৰদৰ্শন প্ৰদৰ্শন কৰি ১৯.১ অভাৰত ১৬২ ৰান সংগ্ৰহ কৰি অল আউট হয়।

লগতে পঢ়ক: ৭ টাকৈ ৱাইড বল; টি-২০ কেৰিয়াৰ দাগ লাগিল আৰ্শদ্বীপ সিঙৰ…

আজি ভাৰত-দক্ষিণ আফ্ৰিকাৰ তৃতীয়খন এদিনীয়া; টীম ইণ্ডিয়াই দেখুৱাব পাৰিব নে প্ৰদৰ্শন

আজি বিশাখাপট্টনমত ভাৰত-দক্ষিণ আফ্ৰিকাৰ তৃতীয়খন এদিনীয়া। টীম ইণ্ডিয়াই দেখুৱাব পাৰিব নে প্ৰদৰ্শন

আজি বিশাখাপট্টনমত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হ’ব তৃতীয়খন এদিনীয়া খেল ।এই পৰ্যন্ত দুয়োখন মেচতে উচ্চ স্ক’ৰ কৰা মেচ, প্ৰথমখন মেচত টিম ইণ্ডিয়া জয়ী হৈছিল,আনহাতে দ্বিতীয়খন এদিনীয়াত দক্ষিণ আফ্ৰিকাই ৩৫৯ ৰানৰ লক্ষ্যত উপনীত হৈ বিদেশী মাটিত সৰ্ববৃহৎ লক্ষ্যত উপনীত হোৱাৰ অভিলেখ গঢ়িবলৈ সক্ষম হয়।বিৰাট কোহলী আৰু ৰুতুৰাজ গাইকৱাদৰ শতকেও সহায় কৰিব পৰা নাছিল।

আজি ভাৰত আৰু দক্ষিণ আফ্ৰিকাই প্ৰথমবাৰৰ বাবে বিশাখাপট্টনমত এদিনীয়া মেচত খেলপথাৰত নামিব। এই খেলপথাৰত টীম ইণ্ডিয়াৰ অভিলেখ যথেষ্ট ভাল।

ইয়াত এতিয়ালৈকে খেলা ১০খন এদিনীয়াৰ ভিতৰত ৭ খন এদিনীয়াত জয়ী হৈছে টীম ইণ্ডিয়া।অৱশ্যে বৰ্তমান এই শৃংখলাখনে এক নিৰ্ণায়ক পৰ্যায়ত উপনীত হৈছে।এনে পৰিস্থিতিত দুয়োটা দলৰ মাজত এক ৰোমাঞ্চকৰ খেল দেখিবলৈ পোৱা যাব পাৰে।

আজি দিনৰ ১:৩০ বজাৰ পৰা আৰম্ভ হ’ব ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত তৃতীয় এদিনীয়া খেল।এই অন্তিম মেচখনত জয়েৰে ভাৰতে নিশ্চিতভাৱে প্ৰটিয়াছ বাহিনীৰ বিপক্ষে ক্ৰমাগত দ্বিতীয়টো শৃংখলা হেৰুৱাৰ লজ্জাৰ পৰা ৰক্ষা পৰিব বিচাৰিব।

পিছে এইক্ষেত্ৰত ভাৰতীয় দল সন্মুখীন হ’ব লাগিব কঠিন প্ৰত্যাহ্বানৰ। এই প্ৰত্যাহ্বান নেওচি শৃংখলা জয় কৰিবলৈ পূৰ্বৰ ভুলৰ শুধৰণি ঘটাব লাগিব ভাৰতে।

লগতে পঢ়ক: বিৰাট কোহলীৰ যাদু; মিনিটতে SOLD OUT বিশাখাপট্টমৰ নিৰ্ণায়ক এদিনীয়াৰ টিকট

দক্ষিণ আফ্ৰিকা টেষ্ট শৃংখলাৰ বাবে টিম ইণ্ডিয়া ঘোষণা; পুনৰ বিমুখ শ্বামী

দক্ষিণ আফ্ৰিকা টেষ্ট শৃংখলাৰ বাবে টিম ইণ্ডিয়া ঘোষণা

ভাৰত-দক্ষিণ আফ্ৰিকা টেষ্ট শৃংখলাৰ বাবে টিম ইণ্ডিয়াই ঘোষণা কৰিলে দল।অহা ১৪ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব এই টেষ্ট শৃংখলা। দলটোৰ নেতৃত্ব দিব বৰ্তমান অষ্ট্ৰেলিয়া ভ্ৰমণৰ টি-২০ ছিৰিজত খেলি থকা শুভমন গিলে।

দল ঘোষণাৰ লগে লগে বেগী বলাৰ মহম্মদ ছামি পুনৰ চৰ্চালৈ আহিছে কাৰণ আকৌ এবাৰ তেওঁক টিম ইণ্ডিয়াত অন্তৰ্ভুক্ত কৰা নহ’ল।বৰ্তমান পশ্চিম বংগৰ হৈ ৰঞ্জি ট্ৰফীত খেলি আছে শ্বামীয়ে।

ঘৰুৱা শৃংখলাত শ্বামীৰ প্ৰদৰ্শন আৰু শেহতীয়াকৈ দল নিৰ্বাচনক লৈ হোৱা ৰ্তকৰ পিছত শ্বামীয়ে সুযোগ পাব বুলি বিশ্বাস কৰা হৈছিল।কিন্তু দলত তেওঁ সুযোগ নাপালে।

টেষ্টৰ বাবে দলত শুভমান গিল (অধিনায়ক), ঋষভ পন্ত (উইকেটকীপাৰ, উপ- অধিনায়ক), যশস্বী জয়ছৱাল, কে এল ৰাহুল, সাই সুদৰ্শন, দেৱদত্ত পদিকল, ধ্ৰুৱ জুৰেল, ৰবিন্দ্ৰ জাডেজা, ৱাশ্বিংটন সুন্দৰ, যশপ্ৰীত বুমৰাহ, অক্ষৰ পেটেল, নীতিশ কুমাৰ ৰেড্ডী, মহম্মদ চিৰাজ, কুলদীপ যাদৱ, আকাশ আকাশ দীপে স্থান লাভ কৰিছে।

লগতে পঢ়ক: এই নৱেম্বৰতে দুবাৰকৈ মুখামুখি হ’ব ভাৰত আৰু পাকিস্তান! ডোহাত হ’ব এই সংঘৰ্ষ