আজি ভাৰত-দক্ষিণ আফ্ৰিকাৰ তৃতীয়খন এদিনীয়া; টীম ইণ্ডিয়াই দেখুৱাব পাৰিব নে প্ৰদৰ্শন

আজি ভাৰত-দক্ষিণ আফ্ৰিকাৰ তৃতীয়খন এদিনীয়া; টীম ইণ্ডিয়াই দেখুৱাব পাৰিব নে প্ৰদৰ্শন

আজি বিশাখাপট্টনমত ভাৰত-দক্ষিণ আফ্ৰিকাৰ তৃতীয়খন এদিনীয়া। টীম ইণ্ডিয়াই দেখুৱাব পাৰিব নে প্ৰদৰ্শন আজি বিশাখাপট্টনমত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হ’ব তৃতীয়খন এদিনীয়া খেল ।এই পৰ্যন্ত দুয়োখন মেচতে উচ্চ স্ক’ৰ কৰা মেচ, প্ৰথমখন মেচত টিম ইণ্ডিয়া জয়ী হৈছিল,আনহাতে দ্বিতীয়খন এদিনীয়াত দক্ষিণ আফ্ৰিকাই ৩৫৯ ৰানৰ লক্ষ্যত

আজি বিশাখাপট্টনমত ভাৰত-দক্ষিণ আফ্ৰিকাৰ তৃতীয়খন এদিনীয়া। টীম ইণ্ডিয়াই দেখুৱাব পাৰিব নে প্ৰদৰ্শন

আজি বিশাখাপট্টনমত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হ’ব তৃতীয়খন এদিনীয়া খেল ।এই পৰ্যন্ত দুয়োখন মেচতে উচ্চ স্ক’ৰ কৰা মেচ, প্ৰথমখন মেচত টিম ইণ্ডিয়া জয়ী হৈছিল,আনহাতে দ্বিতীয়খন এদিনীয়াত দক্ষিণ আফ্ৰিকাই ৩৫৯ ৰানৰ লক্ষ্যত উপনীত হৈ বিদেশী মাটিত সৰ্ববৃহৎ লক্ষ্যত উপনীত হোৱাৰ অভিলেখ গঢ়িবলৈ সক্ষম হয়।বিৰাট কোহলী আৰু ৰুতুৰাজ গাইকৱাদৰ শতকেও সহায় কৰিব পৰা নাছিল।

আজি ভাৰত আৰু দক্ষিণ আফ্ৰিকাই প্ৰথমবাৰৰ বাবে বিশাখাপট্টনমত এদিনীয়া মেচত খেলপথাৰত নামিব। এই খেলপথাৰত টীম ইণ্ডিয়াৰ অভিলেখ যথেষ্ট ভাল।

ইয়াত এতিয়ালৈকে খেলা ১০খন এদিনীয়াৰ ভিতৰত ৭ খন এদিনীয়াত জয়ী হৈছে টীম ইণ্ডিয়া।অৱশ্যে বৰ্তমান এই শৃংখলাখনে এক নিৰ্ণায়ক পৰ্যায়ত উপনীত হৈছে।এনে পৰিস্থিতিত দুয়োটা দলৰ মাজত এক ৰোমাঞ্চকৰ খেল দেখিবলৈ পোৱা যাব পাৰে।

আজি দিনৰ ১:৩০ বজাৰ পৰা আৰম্ভ হ’ব ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত তৃতীয় এদিনীয়া খেল।এই অন্তিম মেচখনত জয়েৰে ভাৰতে নিশ্চিতভাৱে প্ৰটিয়াছ বাহিনীৰ বিপক্ষে ক্ৰমাগত দ্বিতীয়টো শৃংখলা হেৰুৱাৰ লজ্জাৰ পৰা ৰক্ষা পৰিব বিচাৰিব।

পিছে এইক্ষেত্ৰত ভাৰতীয় দল সন্মুখীন হ’ব লাগিব কঠিন প্ৰত্যাহ্বানৰ। এই প্ৰত্যাহ্বান নেওচি শৃংখলা জয় কৰিবলৈ পূৰ্বৰ ভুলৰ শুধৰণি ঘটাব লাগিব ভাৰতে।

লগতে পঢ়ক: বিৰাট কোহলীৰ যাদু; মিনিটতে SOLD OUT বিশাখাপট্টমৰ নিৰ্ণায়ক এদিনীয়াৰ টিকট

শেহতীয়া প্ৰৱন্ধসমূহ