প্ৰধানমন্ত্ৰী মোদী আৰু নিউজীলেণ্ডৰ প্ৰধানমন্ত্ৰী ক্রিষ্টোফাৰ লাক্সনে দিল্লীত দুয়োখন দেশৰ মাজত কেইবাখনো চুক্তিৰ সাক্ষী সাক্ষৰিত হয় ৷ নিউজীলেণ্ডৰ প্ৰধানমন্ত্ৰী ক্রিষ্টোফাৰ লাক্সনৰ সৈতে যৌথ প্রেছ বিবৃতিৰ সময়ত নৰেন্দ্ৰ মোদীয়ে কয়, “মই প্ৰধানমন্ত্ৰী লাক্সন আৰু তেওঁৰ কেবিনেটক ভাৰতলৈ আদৰণি জনাইছো… লাক্সন ভাৰতৰ সৈতে সংযুক্ত । আমি দেখিলোঁ যে তেওঁ শেহতীয়াকৈ কেনেকৈ হোলী উদযাপন কৰিছিল…আমি সুখী যে তেওঁৰ দৰে এজন যুৱ নেতা ৰাইচিনা ডাইলগ ২০২৫ত আমাৰ মুখ্য অতিথি….”
ইফালে সোমবাৰে নতুন দিল্লীত ভাৰত আৰু নিউজীলেণ্ডৰ মাজত কেইবাখনো গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰিত হয় । এই সময়ত দুয়োখন দেশৰ প্ৰধানমন্ত্ৰী উপস্থিত আছিল । চুক্তিখনৰ পিছত এক যৌথ বিবৃতিত কোৱা হয় যে দুয়োখন দেশে প্ৰতিৰক্ষা অংশীদাৰিত্বক শক্তিশালী আৰু প্ৰতিষ্ঠানিকৰণৰ সিদ্ধান্ত লৈছে । ভাৰত আৰু নিউজীলেণ্ডৰ মাজত প্ৰতিৰক্ষা উদ্যোগত পাৰস্পৰিক সহযোগিতাৰ এক ব্লুপ্ৰিণ্ট প্ৰস্তুত কৰা হ’ব । ইয়াৰ উপৰিও ভাৰত-নিউজীলেণ্ডৰ পাৰস্পৰিকভাৱে লাভজনক এফ টি এৰ আলোচনা আৰম্ভ কৰাৰ সিদ্ধান্ত লোৱা হৈছে ।
প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “…অবৈধ প্ৰব্ৰজনৰ বিষয়টোৰ সৈতে মোকাবিলা কৰিবলৈ ভাৰত আৰু নিউজীলেণ্ডৰ মাজত চুক্তি প্ৰণয়নৰ কাম কৰা হ’ব ।” যৌথ বিবৃতিটোত কোৱা হৈছে যে সেয়া ২০১৯ চনৰ ক্ৰাইষ্টচাৰ্চ আক্ৰমণ হওক বা ২০০৮ চনৰ মুম্বাই আক্ৰমণ হওক, যিকোনো ৰূপতে সন্ত্ৰাসবাদ গ্ৰহণযোগ্য নহয় । দুয়োখন দেশে সন্ত্ৰাসবাদী, বিচ্ছিন্নতাবাদী আৰু উগ্ৰ উপাদানৰ বিৰুদ্ধে যুঁজত সহযোগিতা আগবঢ়াই যাব বুলি উল্লেখ কৰে ।