কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সোমবাৰে নক্সাল প্ৰভাৱিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী আৰু বিষয়াসকলৰ সৈতে এক বৈঠকত মিলিত হৈ নিৰাপত্তা পৰিস্থিতিৰ পৰ্যালোচনা কৰে । এই বৈঠকত তেওঁ ২০২৬ চনৰ ভিতৰত নক্সালবাদ নিৰ্মূল কৰা হ’ব বুলি উল্লেখ কৰে । ইয়াৰ সমান্তৰালকৈ অমিত শ্বাহে নক্সাল ক্ষতিগ্ৰস্ত অঞ্চলত ছত্তীশগড় চৰকাৰে চলাই থকা উন্নয়ন অভিযানৰ প্ৰশংসা কৰে ।
নক্সাল প্ৰভাৱিত অঞ্চলসমূহৰ উন্নয়ন সন্দৰ্ভত অমিত শ্বাহে কয় যে, নক্সালবাদী অঞ্চলসমূহ এতিয়া উন্নয়নৰ পথত আছে । ৰাস্তা আৰু ম’বাইল নেটৱৰ্ক বৃদ্ধিৰ কাম দ্ৰুত গতিত চলি আছে । আনহাতে বৈঠকত বিষয়াসকলে কয় যে প্ৰধানমন্ত্ৰী মোদী নেতৃত্বাধীন চৰকাৰৰ ৰণনীতিৰ বাবে নক্সাল আক্ৰমণ৭ ২ শতাংশ হ্ৰাস পাইছে । এতিয়া নক্সালবাদীসকলে তেওঁলোকৰ অন্তিম যুদ্ধ যুঁজি আছে ।
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে নক্সালবাদৰ বিৰুদ্ধে চৰকাৰৰ সফলতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু জনজাতীয় অঞ্চলসমূহৰ উন্নয়নৰ বাবে কৰা প্ৰচেষ্টাৰ ওপৰত আলোকপাত কৰে। তেওঁ কয় যে নক্সালবাদ মানৱতাৰ শত্ৰু আৰু ই জনজাতীয় অঞ্চলৰ বিকাশত আটাইতকৈ ডাঙৰ বাধা । অমিত শ্বাহে কয় যে ২০০৪-২০১৪ বৰ্ষৰ তুলনাত ২০১৪-২০২৪ বৰ্ষত নিৰাপত্তা সম্পৰ্কীয় ব্যয় আঁচনিত তিনিগুণতকৈও অধিক পৰিমাণ ব্যয় কৰা হৈছে । এই সময়ছোৱাত, পথ নেটৱৰ্ক ২,০৯০ কিমিৰ পৰা ১১,৫০০ কিমিলৈ বৃদ্ধি কৰা হৈছে আৰু ১৫,৩০০ তকৈও অধিক ম’বাইল টাৱাৰ স্থাপন কৰা হৈছে ।
তেওঁ লগতে কয় যে হিংসাত্মক ঘটনাসমূহ যথেষ্ট হ্ৰাস পাইছে আৰু প্ৰভাৱিত জিলাৰ সংখ্যা ৯৬ ৰ পৰা ৪২ লৈ হ্ৰাস পাইছে । “হিংসাত্মক ঘটনা ১৬,৪৬৩ ৰ পৰা ৭,৭০০ লৈ হ্ৰাস পাইছে আৰু অহা বছৰৰ ভিতৰত এই সংখ্যা আৰু হ্ৰাস পাব । অসামৰিক লোক আৰু সুৰক্ষা বাহিনীৰ মৃত্যু ৭০% হ্ৰাস পাইছে । হিংসাৰ প্ৰতিবেদন দিয়া জিলাৰ সংখ্যা ৯৬ ৰ পৰা ৪২ লৈ হ্ৰাস পাইছে । হিংসাত্মক ঘটনাৰ প্ৰতিবেদন দিয়া আৰক্ষী থানাৰ সংখ্যা ৪৬৫ ৰ পৰা ১৭১ লৈ হ্ৰাস পাইছে, যাৰ ভিতৰত ৫০ খন আৰক্ষী থানা নতুন অৰ্থাৎ মাত্ৰ ১২০ খন আৰক্ষী থানাই হিংসাত্মক ঘটনাৰ প্ৰতিবেদন দিছে । এয়া কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ যৌথ প্ৰচেষ্টাৰ ফলাফল ।“