উচ্চতম ন্যায়ালয়ৰ প্ৰথমজন ‘সেউজ ন্যায়াধীশ’ হিচাপে খ্যাত ন্যায়াধীশ কুলদীপ সিঙৰ মঙলবাৰে (২৬ নৱেম্বৰ) ৯২ বছৰ বয়সত মৃত্যু হয় । ন্যায়াধীশ সিঙে পৰিৱেশ সম্পৰ্কীয় দুটা গুৰুত্বপূৰ্ণ গোচৰত নিজৰ সক্ৰিয়তা আৰু ন্যায়িক দৃষ্টিভংগীৰে সমগ্ৰ দেশতে নিজৰ প্ৰভাৱ ৰাখিছিল । এইবোৰ বিষয় আছিল- তাজমহলক প্ৰদূষণৰ পৰা ৰক্ষা কৰা আৰু বনাঞ্চল সুৰক্ষাৰ সৈতে জড়িত । এতিয়া এই গোচৰসমূহৰ শুনানি গ্ৰহণ কৰিছে উচ্চতম ন্যায়ালয়ৰ দুখন ভিন্ন বিচাৰপীঠে ।
১৯৩২ চনত বৰ্তমানৰ পাকিস্তানৰ ঝেলুমত জন্মগ্ৰহণ কৰা ন্যায়াধীশ কুলদীপ সিঙে পঞ্জাৱ বিশ্ববিদ্যালয়ৰ পৰা আইন অধ্যয়ন কৰি ১৯৫৯ চনত বেৰিষ্টাৰ হয় । পঞ্জাৱ উচ্চ ন্যায়ালয়ত অনুশীলন আৰম্ভ কৰি ১৯৭১ চনলৈকে পঞ্জাৱ বিশ্ববিদ্যালয় আইন মহাবিদ্যালয়ত অংশকালীন অধ্যাপনা কৰিছিল তেওঁ । ১৯৮৭ চনত তেওঁ পঞ্জাৱৰ এডভোকেট জেনেৰেল হিচাপে নিযুক্তি লাভ কৰে আৰু সেই বছৰতে তেওঁ অতিৰিক্ত ছলিচিটৰ জেনেৰেল হিচাপে দিল্লীলৈ আহে ।
উচ্চতম ন্যায়ালয়ত ন্যায়াধীশ সিঙৰ অৱদান-
১৯৮৮ চনৰ ১৪ ডিচেম্বৰত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি পোৱা ন্যায়াধীশ সিঙৰ যাত্ৰা ইমান সহজ নাছিল । কোৱা হয় যে তেওঁক প্ৰায়ে বিতৰ্কই আগুৰি ধৰিছিল । শপত গ্ৰহণৰ পদ্ধতিৰ পৰিৱৰ্তনে তেওঁক সেই সময়ৰ মুখ্য ন্যায়াধীশ হোৱাৰ পৰা বঞ্চিত কৰিছিল । ইয়াৰ পিছতো তেওঁ পৰিৱেশ সম্পৰ্কীয় বিষয়ত এক অনন্য অৱদান আগবঢ়াইছিল ।
ন্যায়াধীশ কুলদীপ সিঙে কেনেকৈ পালে ‘সেউজ ন্যায়াধীশ’ৰ উপাধি ?
১৯৮৫ চনত পৰিৱেশবিদ এম চি মেহতাই দাখিল কৰা আবেদনৰ ভিত্তিত ন্যায়াধীশ সিঙে তাজমহলক ঔদ্যোগিক আৰু যান-বাহন প্ৰদূষণৰ পৰা ৰক্ষা কৰাত সক্ৰিয় ভূমিকা পালন কৰিছিল । ইয়াৰ বাহিৰেও ১৯৯৫ চনত টি এন গোদাবৰ্মন থিৰুমুলপাদে দাখিল কৰা গোচৰটোত তেওঁ বনাঞ্চল ৰক্ষা আৰু নিৰ্বিচাৰে গছ কটা বন্ধ কৰাৰ বাবে বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিছিল । এই দুয়োটা গোচৰতে তেওঁৰ ভূমিকাই তেওঁক ‘সেউজীয়া ন্যায়াধীশ’ উপাধি প্ৰদান কৰিছিল ।
ন্যায়াধীশগৰাকীৰ দুয়োজন পুত্ৰই জ্যেষ্ঠ অধিবক্তা হিচাপে কৰ্মৰত-
ন্যায়াধীশ কুলদীপ সিঙৰ মৃত্যু কেৱল ন্যায়িক ক্ষেত্ৰৰ বাবেই নহয়, পৰিৱেশ সুৰক্ষাৰ বাবেও এক বৃহৎ ক্ষতি । তেওঁৰ দুয়োজন পুত্ৰ পৰমজিৎ সিং পাটৱালিয়া আৰু দীপিন্দৰ সিং পাটৱালিয়া জ্যেষ্ঠ অধিবক্তা । ন্যায়াধীশ সিঙে দাঙি ধৰা আদৰ্শই ভৱিষ্যত প্ৰজন্মক অনুপ্ৰাণিত কৰি থাকিব ।