ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত চাৰিখনীয়া মেচৰ টি-২০ শৃংখলাটো এক আকৰ্ষণীয় বিন্দুত উপনীত হৈছে, য’ত দুয়োটা দলে ১-১ ব্যৱধানত সমতা স্থাপন কৰিছে । আজি দুয়োটা দলে তৃতীয়খন টি-২০ মেচত জয়ী হ’বলৈ যৎপৰোনাস্তি চেষ্টা কৰিব । আজিৰ খেলত শৃংখলাৰ দ্বিতীয়খন মেচত সম্পূৰ্ণৰূপে বিফল হোৱা টিম ইণ্ডিয়াৰ টপ অৰ্ডাৰ বেটছমেনৰ ফৰ্মৰ প্ৰতি বিশেষ গুৰুত্ব দিয়া হ’ব ।
ডাৰবানত অনুষ্ঠিত প্ৰথমখন মেচত সঞ্জু চেমছনে দুৰ্দান্ত শতকেৰে ভাৰতক ডাঙৰ জয়ৰ দিশে আগবঢ়াই নিয়াৰ বিপৰীতে দ্বিতীয়খন মেচত দক্ষিণ আফ্ৰিকাৰ আক্ৰমণৰ সন্মুখত কাবেখাত (পূৰ্বৰ প’ৰ্ট এলিজাবেথ) আলহী ভাৰতীয় দলৰ বেটিং সম্পূৰ্ণৰূপে ভাঙি পৰে । এনে পৰিস্থিতিত আজিৰ খেলখনত আকৌ এবাৰ বেটছমেনৰ ওপৰত বোজা পৰিব । কিন্তু তেওঁলোকৰ বাবে প্ৰত্যাহ্বান সহজ নহ’ব কাৰণ চেঞ্চুৰিয়ানৰ ছুপাৰস্প’ৰ্ট পাৰ্কৰ পিটচখন কেবেখাৰ দৰেই দ্ৰুত আৰু বাউন্সি ।
হেঁচা পৰিব অভিষেক শৰ্মাৰ ওপৰত:
ভাৰতীয় যুৱ বাওঁহতীয়া বেটছমেন অভিষেক শৰ্মাই যোৱা সাতখন খেলত ২০ ৰানৰ স্ক’ৰো অতিক্ৰম কৰিব নোৱাৰাৰ বাবে ভাল ইনিংছ খেলাৰ হেঁচাত পৰিব । আনহাতে, ঘৰুৱা শৃংখলাত বাংলাদেশৰ বিৰুদ্ধে ৭৫ ৰানৰ ইনিংছ খেলি অধিনায়ক সূৰ্যকুমাৰ যাদৱে নিজৰ প্ৰদৰ্শন পুনৰাবৃত্তি কৰিবলৈ সক্ষম হোৱা নাই । তিলক বাৰ্মাই ভাল আৰম্ভণি কৰিছিল যদিও ইয়াক ডাঙৰ স্ক’ৰলৈ ৰূপান্তৰিত কৰিব নোৱাৰিলে ।
আক্ৰমণাত্মক অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াইও বাউণ্ডেৰী মাৰিবলৈ সংগ্ৰাম কৰা দেখা গৈছিল যদিও পাৱাৰ হিটাৰ ৰিংকু সিঙেও ভাল প্ৰদৰ্শন কৰা নাছিল । সূৰ্য, হাৰ্দিক আৰু ৰিংকু তিনিওজনৰ পৰা ভাল ইনিংছ আশা কৰা হৈছে । ২০০৯ চনৰ পৰা ইয়াত ভাৰতে মাত্ৰ এখন টি-২০ মেচ খেলিছে আৰু ২০১৮ চনত খেলা মেচখনত ৬ উইকেটত পৰাস্ত হৈছিল । সেই দলটোৰ এজন সদস্য হাৰ্দিক পাণ্ডিয়াহে বৰ্তমানৰ দলটোত আছে ।
প্ৰভাৱশালী হৈছে স্পীনাৰ :
ভাৰতীয় বলিঙৰ কথা ক’বলৈ গ’লে স্পীনাৰ বৰুণ চক্ৰৱৰ্তীয়ে দ্বিতীয়খন মেচত ৫টা উইকেট দখল কৰি দলটোৰ জয়ৰ আশাৰ সঞ্চাৰ কৰিছিল, আনহাতে প্ৰথমখন মেচতো তেওঁ তিনিটা উইকেট দখল কৰিছিল । আনহাতে, প্ৰথমখন মেচত ৰবি বিষ্ণই তিনিটা উইকেট দখল কৰাৰ বিপৰীতে দ্বিতীয়খন মেচত এটা উইকেট লাভ কৰে । ভাৰতীয় স্পীনাৰৰ এই প্ৰদৰ্শনৰ পৰা দল পৰিচালনাই নিশ্চয় কিছু সকাহ অনুভৱ কৰিছে । ইয়াৰ বিপৰীতে ভাৰতীয় বেগী বলাৰৰ প্ৰদৰ্শন ইমান আকৰ্ষণীয় হোৱা নাই । ডাৰবানত বেগী বলাৰ অৰ্শদীপ সিঙে ২৫ ৰানত এটা উইকেট দখল কৰিছিল যদিও দ্বিতীয়খন মেচত ৪১ ৰান দি মাত্ৰ এটা উইকেটহে লাভ কৰিছিল ।
দক্ষিণ আফ্ৰিকাৰ কথা ক’বলৈ গ’লে অধিনায়ক এইডেন মাৰ্কৰাম, ডেভিদ মিলাৰ আৰু হেনৰিখ ক্লাচেনে নিজৰ সুনামৰ সৈতে খেলিব পৰা নাই । দ্বিতীয়খন মেচত ট্ৰিষ্টান ষ্টাবছ আৰু গেৰাল্ড ক’টজীয়ে দলটোক জয়ৰ দিশত আগুৱাই লৈ যায় । এতিয়া অভিজ্ঞ বেটছমেনে দায়িত্ব ল’ব লাগিব ।
তৃতীয় টি-২০ত ভাৰতীয় দলৰ সম্ভাৱ্য মূল একাদশ-
সঞ্জু ছেমচন (উইকেটকীপাৰ), অভিষেক শৰ্মা, সূৰ্যকুমাৰ যাদৱ (অধিনায়ক), তিলক বাৰ্মা, অক্ষৰ পেটেল, হাৰ্দিক পাণ্ডিয়া, ৰিংকু সিং, বৰুণ চক্ৰৱৰ্তী, ৰবি বিষ্ণোই, অৰ্শদীপ সিং, আৱেশ খান ।