ভাৰত চৰকাৰৰ চি চি এছ অৰ্থাৎ প্ৰধানমন্ত্ৰীৰ নেতৃত্বত নিৰাপত্তা সম্পৰ্কীয় কেবিনেট কমিটিয়ে দুখন থলুৱা পাৰমাণৱিক চাবমেৰিন নিৰ্মাণত অনুমোদন দিছে । ই ভাৰতীয় নৌসেনাৰ কৌশলগত আৰু আক্ৰমণাত্মক ক্ষমতা বৃদ্ধি কৰিব । এই চাবমেৰিন নিৰ্মাণৰ লগে লগে ভাৰত মহাসাগৰ অঞ্চল আৰু দক্ষিণ চীন সাগৰত ভাৰতীয় নৌসেনাৰ শক্তি বৃদ্ধি পাব ।
এই চাবমেৰিন দুখন বিশাখাপট্টনমৰ জাহাজ নিৰ্মাণ কেন্দ্ৰত নিৰ্মাণ কৰা হ’ব । চাবমেৰিন দুখন নিৰ্মাণ কৰাত লাৰ্চেন এণ্ড টুব্ৰোৰ দৰে ব্যক্তিগত কোম্পানীৰ সহায় লোৱাৰ সম্ভাৱনা আছে । চাবমেৰিন দুখন ৯৫ শতাংশ থলুৱাভাৱে নিৰ্মাণ হ’ব । এই চাবমেৰিন আৰিহান্ত (ARIHANT) শ্ৰেণীতকৈ পৃথক হ’ব । এই প্ৰজেক্ট এডভান্সড টেকন’লজি ভেচেলৰ অধীনত নিৰ্মাণ কৰা হ’ব ।
বৰ্তমান দুখন ছাবমেৰিন নিৰ্মাণ কৰা হ’ব, পৰৱৰ্তী সময়ত আৰু চাৰিখন নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে । আনহাতে ভাৰতে শেহতীয়াকৈ দ্বিতীয়খন এছ এছ বি এন অৰ্থাৎ পাৰমাণৱিক শক্তিসম্পন্ন চাবমেৰিন আই এন এছ আৰিঘাট (ARIGHAT) কমিচন কৰিছে । আনহাতে অহা এবছৰৰ ভিতৰত ভাৰতীয় নৌসেনাত বহুতো ভিন্ন ধৰণৰ যুদ্ধ জাহাজ আৰু চাবমেৰিন কমিচন হ’বলৈ গৈ আছে ।