দীপাৱলীৰ মাজতে ৰাজ্যবাসীৰ বাবে ভাল খবৰ।ৰিয়ান পৰাগক বৃহৎ পৰিমাণৰ ধনৰাশিত ৰিটেইন কৰিলে ৰাজস্থান ৰয়েলছে।
IPL ২০২৫ সংস্কৰণৰ বাবে সকলো টীমৰ মাজতে চিন্তা-চৰ্চা চলি আছে। প্ৰতিটো টীমে নিজৰ প্ৰতিভাশালী খেলুৱৈসকলক ৰিটেইন কৰিছে। তাৰ মাজতে ৰিয়ান পৰাগৰ বাবে ভাল খবৰ লৈ আহে ৰাজস্থান ৰয়েলছে। বিগত বছৰতকৈ অধিক দামত ৰাজস্থান ৰয়েলছে ৰিটেইন কৰিলে ৰিয়ান পৰাগক।১৪ কোটি টকাত ৰিয়ান পৰাগক ৰিটেইন কৰে RR-এ।
IPL ২০২৪ সংস্কৰণত ৩.৮০ কোটি টকাত ৰাজস্থান ৰয়েলছে ক্ৰয় কৰিছিল ৰিয়ান পৰাগক, তাৰ বিপৰীতে ১০ কোটিতকৈও অধিক টকা বৃদ্ধি কৰি ১৪ কোটি টকাত ৰিটেইন হ’ল ৰিয়ান পৰাগ।
মূলতঃ ভাৰতীয় দলত স্থান পোৱাৰ পিছতেই এই দাম বৃদ্ধি হোৱা বুলি কব পাৰি। ২০২৪ চনত জিম্বাবুৱেৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা T-20 শৃংখলাত ভাৰতীয় মূল ১১ত স্থান পাইছিল ৰিয়ানে।তাৰ পিছতে ৰিয়ান পৰাগ আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ হিচাপে পৰিগণিত হোৱাৰ ফলশ্ৰুতিত IPLত দাম বদ্ধি হোৱা বুলি ক’ব পাৰি। আনহাতে ঘৰুৱা ক্ৰিকেটতো ভাল প্ৰদৰ্শন কৰি ৰিয়ানে চমকপ্ৰদ ফলাফল দেখুৱাবলৈ সক্ষম হৈছিল।