মহাৰাষ্ট্ৰৰ জলগাঁওত এটা ভয়ংকৰ ৰে’ল দুৰ্ঘটনা সংঘটিত হৈছে। এটা উৰাবাতৰিৰ বাবেই প্ৰাণ গ’ল ৮ জন যাত্ৰীৰ। ঘটনাটো ভুচাৱাল বিভাগৰ ৰে’ল বিভাগত সংঘটিত হৈছিল।
জানিব পৰা মতে পুষ্পক এক্সপ্ৰেছ ৰে’লখনত অগ্নিকাণ্ডৰ এটা উৰাবাতৰিৰ পিছত যাত্ৰী সকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল। তাৰ পিছত কেইবাজনো যাত্ৰীয়ে পুষ্পক এক্সপ্ৰেছৰ পৰা জঁপিয়াই দিছিল।
কিন্তু সেই সময়তে বিপৰীত দিশৰ পৰা আহি থকা কৰ্ণাটক এক্সপ্ৰেছে মহতিয়াই নিয়ে। দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে যাত্ৰী সকলক চিনাক্ত কৰিব পৰা নাই।
লগে লগে কেইবাটাও উদ্ধাৰকাৰী দল উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰিছে।ঘটনাটো সন্ধিয়া প্ৰায় ৫ বজাত সংঘটিত হৈছিল।উদ্ধাৰকাৰী দলে জানিবলৈ দিয়া মতে ৮ ৰ পৰা ১০ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৩০ৰ পৰা ৪০ জন লোক আহত হৈছে।
Post Views: 232