দেশত দিনে দিনে বৃদ্ধি পাইছে ৰে’ল দুৰ্ঘটনা। শুকুৰবাৰে নিশা পুনৰ চেন্নাইৰ ওচৰত বাগমতী এক্সপ্ৰেছ দুৰ্ঘটনাগ্ৰস্ত হয়।

মহীশূৰৰ পৰা বিহাৰৰ দৰভাঙ্গালৈ যোৱাৰ সময়তেই এখন ৰৈ থকা মালবাহী ৰে’লত খুন্দা মাৰে বাগমতী এক্সপ্ৰেছে।

জানিব পৰা মতে ৭৫ কিলোমিটাৰ ঘণ্টা বেগত আহি থকা ৰে’লখনে মূল লাইনৰ পৰিৱৰ্তে লুপলাইনত প্ৰৱেশ কৰিছিল আৰু ৰৈ থকা এখন মালবাহী ৰে’লত খুন্দা মাৰিছিল ।

তাৰ পাছত ৰে’লখনৰ দুটাকৈ ডবাত জুই লগাৰ লগতে ১৩ টা ডবা লাইনচ্যুত হয়। দুৰ্ঘটনাটোত ১৯জন যাত্ৰী আহত হয়। আহতসকলক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।