মধ্য প্ৰদেশৰ মাণ্ডলা জিলাত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। নিয়ন্ত্ৰণ হেৰুৱাই এখন যাত্ৰীবাহী বাছে খুন্দা মাৰে দলঙৰ ৰেলিঙত। জানিব পৰা মতে বাছখন দিনডোৰীৰ পৰা বিচিয়া অভিমুখে গৈ আছিল।বাছখনত সেই সময়ত ৩৫ জনকৈ অধিক লোক আছিল ।বিচিয়া আৰক্ষী থানাৰ অন্তৰ্গত হালোন দলঙৰ ওপৰ পোৱাৰ সময়তেই এজন বাইক আৰোহীক বচাবলৈ গৈ নিয়ন্ত্ৰণ হেৰুৱাই বাছখনে দলঙখনৰ ৰেলিঙত খুন্দামাৰে। দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল ৩০ ফুট ওখ দলঙখনৰ ৰেলিঙত ওলমি আছিল বাছখন। অৱশ্যে বাছখনত থকা যাত্ৰী সকলে ধৈৰ্যৰে বাছখনৰ পৰা ওলাই আহে।ইয়াৰ পিছত সকলোৱে স্বস্তিৰ নিশ্বাস পেলাই। অৱশ্যে দুৰ্ঘটনাটোত কোনো লোক হতাহতি হোৱা নাই। দুৰ্ঘটনাটোৰ ভিডিঅ’ ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।