উত্তৰ প্ৰদেশৰ আমৰোহাত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। বাইক অহা দুৰ্বৃত্তই এখন স্কুল বাছত গুলীচালনা কৰে। বাছখনৰ চালক গৰাকীয়ে জানিবলৈ দিয়া মতে বাইকত অহা তিনি দুৰ্বৃত্তই হঠাতে বাছখনলৈ লক্ষ্য কৰি গুলিচালনা কৰে। লগে লগে ছাত্ৰ-ছাত্ৰী সকলৰ মাজত চিঞৰ-বাখৰ লাগে। অৱশ্যে ঘটনাক লৈ কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা নাই। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।