নিশা শিলচৰ হাফলং সংযোগী পথত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । নিয়ন্ত্ৰণ হেৰুৱাই এখন বিলাসী বাহনে প্ৰথমে স্কুটি আৰু তাৰ পিছত পথৰ দাঁতিত ৰৈ থকা ডাম্পাৰত খুন্দা মাৰে।
জানিব পৰা মতে, উধাৰবন্দৰ পৰা শিলচৰ অভিমূখে এখন ইয়ন বাহন তীব্ৰবেগত গৈ থকাৰ সময়তে মহাসড়কৰ গোছাইপুৰ অঞ্চলত বাহন খনে প্ৰথমে এখন চলন্ত স্কুটিত খুন্দা মাৰে।
স্কুটিত খুন্দাই বাহন খনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিতৰ ৰৈ থকা এখন বালিভৰ্তি ডাম্পাৰত গৈ খুন্দা মাৰে। ফলত ৰাজপথত বাগৰি পৰে বাহন খন।
দুৰ্ঘটনাটোৰ ফলত ইয়ন বাহনখনৰ এনে অৱস্থা হয় যে স্থানীয় লোকসকলে বহু চেষ্টাৰ অন্তত বাহনখনৰ ভিতৰৰ পৰা তিনি যুৱকক উদ্ধাৰ কৰিবলা সক্ষম হয়।
এই ভয়ংকৰ দুৰ্ঘটনাৰ পাছত স্থানীয় লোক সকলে তিনি যুৱক সহ স্কুটি আৰোহী জনক গুৰুতৰ অৱস্থাত SMCH ত প্ৰেৰণ কৰে।
দুৰ্ঘটনাত আহত হোৱা ইয়ন বাহনৰ তিনি যুৱক শিলচৰ তাৰাপুৰৰ আৰু স্কুটি আৰোহী জন আৰকাটিপুৰৰ বাসিন্দা বুলি জানিব পৰা গৈছে।
ইপিনে প্ৰত্যক্ষদৰ্শী সকলৰ অভিযোগ ইয়ন বাহনখনৰ তিনি যুৱক সুৰামত্ত অবস্থাত আছিল। সুৰাপান কৰি গাড়ী চলোৱাৰ বাবেই এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হৈছে বুলি সন্দেহ প্ৰত্যক্ষদৰ্শী সকলৰ।