লখিমপুৰৰ কৰুণাবৰীত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে।বিলাসীবাহনে মহতীয়ালে এজন পথচাৰীক। জানিব পৰা মতে পুৱা পথৰ কাষত ৰৈ আছিল ব্যক্তি গৰাকী।
হঠাৎ AS07T9033 নম্বৰৰ বাহনখনে মহতীয়াই নিয়ে ব্যক্তি গৰাকীক।আহত লোকজনক ততাতিয়াকৈ লালুক আদৰ্শ চিকিৎসালয় লৈ নিয়া হয় যদিও হস্পিতালত মৃত্যু হয় লোকজনৰ।
ব্যক্তি গৰাকীক খুন্দিয়াই বাহনখন পথৰ কাষতে থকা এটা পুখুৰীত পৰি যায়। বৰ্তমানলৈকে মৃত ব্যক্তি গৰাকীৰ পৰিচয় উদ্ধাৰ হোৱা নাই।