উৎকোচ লৈ হাতে-লোতে গ্ৰেপ্তাৰ এপিএছচিৰ পৰীক্ষাত শীৰ্ষস্থান দখল কৰা বন বিষয়া
চৰকাৰী আৱাসগৃহত উৎকোচ গ্ৰহণ কৰি থকা অৱস্থাত হাতে-লোটে ধৰা পৰি গ্ৰেপ্তাৰ হয় বিষয়াজন
এসময়ত অসম লোকসেৱা আয়োগ (APSC)ৰ পৰীক্ষাত শীৰ্ষস্থান দখল কৰা এগৰাকী বন বিষয়া (ৰেঞ্জাৰ) ১ মে’ত চৰকাৰী আৱাসগৃহত উৎকোচ গ্ৰহণ কৰি থকা অৱস্থাত হাতে-লোটে ধৰা পৰি গ্ৰেপ্তাৰ হয় । এজন মেধাৱী বিষয়াৰ এনে নৈতিক পতনৰ ঘটনাই সমগ্ৰ ৰাজ্যজুৰি ব্যাপক চৰ্চা লাভ কৰিছে ।
লখিমপুৰ আঞ্চলিক বন বিষয়া হিচাপে কৰ্মৰত অসম বন সেৱাৰ বিষয়া শিৱাশীষ শাণ্ডিল্যই বনজ সামগ্ৰী কঢ়িওৱা বাহনসমূহ কোনো বাধা নোহোৱাকৈ চলিবলৈ দিয়াৰ বিনিময়ত এজন অভিযোগকাৰীৰ পৰা বাহন প্ৰতি মাহে ৬,০০০ টকাকৈ দাবী কৰিছিল বুলি অভিযোগ উত্থাপন হৈছে । উল্লেখযোগ্য যে শাণ্ডিল্যই ২০২০ চনৰ এপিএছচি বন সেৱাৰ নিযুক্তি পৰীক্ষাত শীৰ্ষস্থান দখল কৰিছিল, যাৰ বাবে তেওঁৰ এই গ্ৰেপ্তাৰৰ ঘটনাই অধিক চাঞ্চল্যৰ সৃষ্টি কৰিছে ।
উৎকোচ দিবলৈ অনিচ্ছুক অভিযোগকাৰীয়ে এই সন্দৰ্ভত অসম চৰকাৰৰ দুৰ্নীতি নিবাৰক সঞ্চালকালয়ৰ কাষ চাপি বিহিত ব্যৱস্থা গ্ৰহণৰ অনুৰোধ জনাইছিল । সেই মৰ্মে ১ মে’ত লখিমপুৰৰ আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ত দুৰ্নীতি নিবাৰক শাখাৰ এটা দলে অভিযান চলাইছিল ।
অভিযোগকাৰীৰ পৰা দাবী কৰা ধনৰ অংশ হিচাপে ১২,০০০ টকা গ্ৰহণ কৰাৰ মুহূৰ্ততে শাণ্ডিল্যক হাতে-লোটে আটক কৰা হয় । আটক কৰাৰ পাছতে দুৰ্নীতি নিবাৰক কোষে অধিক তদন্ত আৰম্ভ কৰে । বিষয়াগৰাকীৰ গুৱাহাটীৰ জু ৰোডৰ শান্তিপুৰ অঞ্চলত থকা বাসগৃহত তালাচী চলোৱাৰ লগতে তেওঁৰ লখিমপুৰৰ আৱাসগৃহতো অভিযান চলোৱা হয় । লখিমপুৰৰ আৱাসগৃহৰ পৰা অভিযানকাৰী দলে নগদ ৫.৬৮ লাখ টকা উদ্ধাৰ কৰে ।
এই সন্দৰ্ভত দুৰ্নীতি নিবাৰক আৰক্ষী থানাত দুর্নীতি প্ৰতিৰোধ আইন, ১৯৮৮ (২০১৮ চনৰ সংশোধিত)ৰ ধাৰা ৭(ক)ৰ অধীনত ০৭/২০২৬ নম্বৰত এক গোচৰ ৰুজু কৰা হৈছে । শিৱাশীষ শাণ্ডিল্যক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে আৰু দুৰ্নীতি নিবাৰক সঞ্চালকালয়ৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়া মতে বৰ্তমান প্ৰয়োজনীয় আইনী ব্যৱস্থা গ্ৰহণ কৰি থকা হৈছে ।
লগতে পঢ়ক : মুকলি আকাশৰ তললৈ অহাৰ সপোন পূৰণ নহ’ল শ্যামকানুৰ