‘সকলোকে মৰম কৰাই কাল হ’ল জুবিন গাৰ্গৰ’; গৰিমা শইকীয়া গাৰ্গৰ ডাঙৰ মন্তব্য

‘সকলোকে মৰম কৰাই কাল হ’ল জুবিন গাৰ্গৰ’; গৰিমা শইকীয়া গাৰ্গৰ ডাঙৰ মন্তব্য

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ শুনানিৰ পিছতে গৰিমা শইকীয়া গাৰ্গে এক ডাঙৰ মন্তব্য কৰিছে। মৃত্যুৰ পিছত জুবিন গাৰ্গে মানুহ চিনাকী কৰাই গ’ল বুলি উল্লেখ গৰিমা শইকীয়া গাৰ্গৰ। আজি আছিল জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ শুনানি। এই শুনানিত কামৰূপ সত্ৰ ন্যায়াধীশ আদালতে নাকচ কৰিলে অমৃতপ্ৰভা মহন্ত আৰু জুবিন

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ শুনানিৰ পিছতে গৰিমা শইকীয়া গাৰ্গে এক ডাঙৰ মন্তব্য কৰিছে। মৃত্যুৰ পিছত জুবিন গাৰ্গে মানুহ চিনাকী কৰাই গ’ল বুলি উল্লেখ গৰিমা শইকীয়া গাৰ্গৰ।

আজি আছিল জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ শুনানি। এই শুনানিত কামৰূপ সত্ৰ ন্যায়াধীশ আদালতে নাকচ কৰিলে অমৃতপ্ৰভা মহন্ত আৰু জুবিন গাৰ্গৰ দুই দেহৰক্ষীৰ জামিন। শুনানিৰ পিছতেই গৰিমা শইকীয়া গাৰ্গে ডাঙৰ মন্তব্য কৰিছে।তেওঁ কৈছে যে,  

‘অসুৰ কেইটাই কেতিয়াও জামিন পাবই নালাগে।আমি সেইটোৱেই বিচাৰো। বিচাৰ প্ৰক্ৰিয়া শেষ নোহোৱা লৈকে কোনেও জামিন পাব নালাগে।অসুৰকেইটাই শাস্তি পাবই লাগিব।

গৰিমা শইকীয়াই গাৰ্গে কয় যে, ‘জুবিনে মোক মানুহ চিনাকী কৰাই গ’ল। জুবিন গাৰ্গে ইমান মৰমৰ দিয়াৰ পিছতো এনেকৈ বিশ্বাসঘাটক কৰিব বুলি সপোনতো ভৱা নাছিলোঁ।জুবিনে সকলোকে নিজৰ বুলি মোক কাষ চপাই দিছিল…কিন্তু যেতিয়া গ’ল এই দানৱকেইটাকো চিনাকী কৰাই থৈ গ’ল। ভুল হ’ল আমি সকলোকে বিশ্বাস কৰিছিলো’।

তেওঁ লগতে কয় যে, ‘এতিয়া মোৰ সকলো শক্তি আৰু সাহস কেৱল অসমৰ ৰাইজ। অসমৰ ৰাইজে প্ৰাৰ্থনা কৰিব লাগে যে জুবিন গাৰ্গে সোনকালে ন্যায় পায়’।

লগতে পঢ়ক: জে’লতে থাকিব লাগিব অমৃতপ্ৰভা আৰু দুই দেহৰক্ষী; জামিন আৱেদন নাকচ

শেহতীয়া প্ৰৱন্ধসমূহ