জে’লতে থাকিব লাগিব অমৃতপ্ৰভা আৰু দুই দেহৰক্ষী; জামিন আবেদন নাকচ

জে’লতে থাকিব লাগিব অমৃতপ্ৰভা আৰু দুই দেহৰক্ষী; জামিন আৱেদন নাকচ

কামৰূপ মহানগৰ জিলাৰ সত্ৰ আৰু ন্যায়াধীশৰ আদালতে নাকচ কৰিলে অমৃতপ্ৰভা মহন্ত আৰু দুই দেহৰক্ষীৰ জামিন। আদালতত পুনৰ মুখ থেকেচা খালে অমৃতপ্ৰভা মহন্তৰ লগতে জুবিন গাৰ্গৰ দুই দেহৰক্ষী নন্দেশৰ বৰা আৰু পৰেশ বৈশ্যই। আজি কামৰূপ মহানগৰ জিলাৰ সত্ৰ আৰু ন্যায়াধীশৰ আদালতত আছিল জুবিন গাৰ্গ মৃত্যুৰ গোচৰৰ

কামৰূপ মহানগৰ জিলাৰ সত্ৰ আৰু ন্যায়াধীশৰ আদালতে নাকচ কৰিলে অমৃতপ্ৰভা মহন্ত আৰু দুই দেহৰক্ষীৰ জামিন।

আদালতত পুনৰ মুখ থেকেচা খালে অমৃতপ্ৰভা মহন্তৰ লগতে জুবিন গাৰ্গৰ দুই দেহৰক্ষী নন্দেশৰ বৰা আৰু পৰেশ বৈশ্যই।

আজি কামৰূপ মহানগৰ জিলাৰ সত্ৰ আৰু ন্যায়াধীশৰ আদালতত আছিল জুবিন গাৰ্গ মৃত্যুৰ গোচৰৰ শুনানি। এই শুনানিত ৩ অভিযুক্তৰ জামিন আৱেদনক লৈ ৰায়দান দিয়াৰ কথা আছিল।

কিন্তু সত্ৰ ন্যায়াধীশৰ আদালতে আজি নাকচ কৰিলে ৩ অভিযুক্তৰ জামিন আৱেদন। ৩টা অভিযুক্তৰ জামিন নাকচৰ বাবে আদালতত আবেদন কৰিছিল SITয়ে।

আনহাতে গৰিমা গাৰ্গেও ৩ অভিযুক্তৰ জামিন নাকচৰ বাবে আৱেদন দাখিল কৰিছিল আদালতত। আজি কেইবাখনো আবেদনৰ শুনানি সম্পন্ন হ’ল আদালতত। জানিব পৰা মতে ১৬ ফেব্ৰুৱাৰীত পুনৰ হ’ব শুনানি।

লগতে পঢ়ক: দুদিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

শেহতীয়া প্ৰৱন্ধসমূহ