ধুবুৰী কাউনবাৰী টিপকাই নদীত আকৌ ভয়ংকৰ নাও দুৰ্ঘটনা।দুখন নাৱৰ মুখামুখি সংঘৰ্ষৰ সংঘটিত হয় ভয়ংকৰ দুৰ্ঘটনাটো। জানিব পৰা মতে কাঠুলি চৰৰ পৰা এখন যন্ত্ৰ চালিত নাৱৰে বিবাহ যাত্ৰীলৈ পদ্মেৰ অলগা লৈ গৈ থাকোতে বিপৰীত দিশৰ পৰা অহা এখন বালি ভৰ্তি যন্ত্ৰ চালিত নাওঁৰ মাজত মুখামুখি সংঘৰ্ষ হয় । দুৰ্ঘটনাটোত শিশুসহ চাৰিজনকৈ লোক গুৰুতৰ ভাবে আহত হয়।আহত ব্যক্তি সকলোক ততাতিয়াকৈ বগৰিবাৰী আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰে যদিও আহত ব্যক্তি কেইজনৰ অৱস্থা সংকটজনক হোৱাত ধুবুৰী মেডিকেল কলেজলৈ প্ৰেৰণ কৰে।ইয়াৰ পূৰ্বে যোৱা শনিবাৰেও এক ভয়ংকৰ নাওঁ দুৰ্ঘটনাহৈ এজন নিহত হোৱাৰ লগতে কেইবাজনো আহত হৈছিল। আহত ব্যক্তি সকল হল ক্ৰমে আমিনুল হক, ৰেজিনা পাৰবীন,ছাদ্দাম হুছেইন আৰু ইয়াছমিনাৰা খাতুন বুলি জানিব পৰা গৈছে।