বৃন্দাবনৰ শোকাৱহ নাও দুৰ্ঘটনাঃ ১১ জনলৈ বৃদ্ধি মৃতকৰ সংখ্যা

বৃন্দাবনত সংঘটিত হোৱা নাও দুৰ্ঘটনাত মৃতকৰ সংখ্যা ১১জনলৈ বৃদ্ধি পাইছে

শুকুৰবাৰে মথুৰাৰ বৃন্দাবনত সংঘটিত হোৱা নাও দুৰ্ঘটনাত মৃতকৰ সংখ্যা ১১জনলৈ বৃদ্ধি পাইছে । ঘটনাটোৰ পিছতে সন্ধানহীন হৈ আছে ৪ জন । দুৰ্ঘটনাৰ পিছৰে পৰা সন্ধানহীন হোৱা লোকক বিচাৰি সাহায্য আৰু উদ্ধাৰ অভিযান অবিৰতভাৱে চলি আছে ।

এই ঘটনা সন্দৰ্ভত আৰক্ষী অধীক্ষকে জনায় যে শুকুৰবাৰে দুপৰীয়া প্ৰায় ৩ বজাত বৃন্দাবন আৰু মান্তৰ মাজত অৱস্থিত পণ্টুন দলঙৰ সমীপত সংঘটিত হয় নাও দুৰ্ঘটনা । ঘটনাৰ পিছৰে পৰা প্ৰশাসন আৰু উদ্ধাৰকাৰী দলে অভিযান চলাই আছে । তেওঁ আৰু জনায় যে এই মৰ্মান্তিক দুৰ্ঘটনাত এতিয়ালৈকে ১১ জন লোকৰ মৃত্যু নিশ্চিত হৈছে, আনহাতে প্ৰথম অৱস্থাত ৫ জন লোক নিৰুদ্দেশ হোৱা বুলি জানিব পৰা গৈছে । দুৰ্ঘটনাস্থলীৰ পৰা প্ৰায় ৮০০ মিটাৰ দূৰত্বত আন এটা মৃতদেহ উদ্ধাৰ কৰাত মৃত্যুৰ সংখ্যা ১১ জনলৈ বৃদ্ধি পাইছে ।

আৰক্ষীৰ তথ্য অনুসৰি মৃতদেহৰ যাৱতীয় আইনী প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে, মৰণোত্তৰ পৰীক্ষা চলি আছে । আৰক্ষী অধীক্ষকে জনোৱা মতে, চাৰিজন লোক নিৰুদ্দেশ হৈ আছে আৰু তেওঁলোকক বিচাৰি উলিয়াবলৈ অনুসন্ধান অভিযান অবিৰতভাৱে চলি আছে ।

দুৰ্ঘটনাৰ পিছৰে পৰা নদী আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহৰ ওপৰত অবিৰত নিৰিক্ষণ অব্যাহত ৰাখিছে প্ৰশাসনে যাতে সন্ধানহীন হোৱা লোকসকলক যিমান পাৰি সোনকালে বিচাৰি উলিয়াব পৰা যায় ।

কেইবাটাও সংস্থাৰ দলক সাহায্য আৰু উদ্ধাৰ অভিযানৰ বাবে ঘটনাস্থলীত মোতায়েন কৰা হৈছে । এনডিআৰএফ-ৰ আঠটা দল, এছডিআৰএফ-ৰ পাঁচটা দল, প্ৰাদেশিক সশস্ত্ৰ কনিষ্টবলৰ তিনিটা প্লাটুন আৰু ৬ জন ডুবাৰু অহৰহ উদ্ধাৰ অভিযানত নিয়োজিত হৈ আছে ।

লগতে পঢ়ক : মথুৰাত শোকাৱহ ঘটনা; যমুনা নদীত নাও দুৰ্ঘটনাত ১০ জনৰ মৃত্যু

মথুৰাত শোকাৱহ ঘটনা; যমুনা নদীত নাও দুৰ্ঘটনাত ১০ জনৰ মৃত্যু

মথুৰাৰ বৃন্দাবনত যমুনা নদীত নাও দুৰ্ঘটনা হৈ দহজন লোকৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো লোক সন্ধানহীন হৈ আছে।

উত্তৰ প্ৰদেশৰ মথুৰা জিলাৰ পৰা এক মৰ্মান্তিক দুৰ্ঘটনাৰ খবৰ পোহৰলৈ আহিছে। বৃন্দাবনৰ যমুনা নদীত এখন নাও ডুব যোৱাৰ ফলত প্ৰায় ১০ জন লোকৰ মৃত্যু হৈছে।দুৰ্ঘটনাটোত ১২ জনতকৈ অধিক লোক নিৰুদ্দেশ হৈ আছে বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে,নাও খনত প্ৰায় ৩০ জন লোক আছিল।এই দুৰ্ঘটনাটো বৃন্দাবনৰ শ্ৰিংগাৰ ঘাটৰ সমীপত সংঘটিত হৈছে।দুৰ্ঘটনাটোত তথ্য লাভ কৰাৰ লগে লগে আৰক্ষীয়ে সেই স্থানত উপস্থিত হয়, আৰু ডুবাৰুৰ সহায়ত বৰ্তমানেও উদ্ধাৰ অভিযান চলি আছে।

জানিব পৰা মতে, শুকুৰবাৰে কোটোৱালি বৃন্দাবন অঞ্চলত এই দুৰ্ঘটনাটো সংঘটিত হয়। জানিব পৰা মতে নাওখনত ৩০ জন লোক উপস্থিত আছিল, যিয়ে পঞ্জাৱৰ লুধিয়ানাৰ পৰা মথুৰা আৰু বৃন্দাবন দৰ্শন কৰিবলৈ আহিছিল। নৌকা বিহাৰৰ সময়তে হঠাৎ পিপো দলঙৰ খুটাত খুন্দা মাৰে।সংঘৰ্ষ ইমানেই ভয়ংকৰ আছিল যে, নাওখনে ভাৰসাম্য হেৰুৱাই উলটি যায়। ফলত যাত্ৰীসকলৰ মাজত চিঞৰ-বাখৰ আৰু আতংকৰ সৃষ্টি হয়।

তথ্য লাভ কৰাৰ লগে লগে আৰক্ষী আৰু প্ৰশাসনিক বিষয়াই ঘটনাস্থলীত উপস্থিত হয়।বৰ্তমানলৈকে ১০ জন লোকৰ মৃত্যু হোৱাৰ বিপৰিতে ১৫ জন লোকক জীৱন্তে উদ্ধাৰ কৰা হয়। আহতসকলক ততাতৈয়াকৈ ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে, য’ত তেওঁলোকৰ চিকিৎসা অব্যাহত আছে।বৰ্তমানেও উদ্ধাৰকাৰী দলে যমুনা নদীত অভিযান চলাই আছে।

লগতে পঢ়ক: ইতিহাস সৃষ্টিলৈ আৰু এটা খোজ… সফলতাৰে সম্পন্ন গগণযানৰ দ্বিতীয়টো এয়াৰ ড্ৰপ টেষ্ট

গংগা নদীত ভয়ংকৰ নাও দুৰ্ঘটনাঃ ৩জন যাত্ৰীৰ মৃতদেহ উদ্ধাৰ, আন বহুতো সন্ধানহীন

দেওবাৰে পুৱা বিহাৰৰ কাটিহাৰ জিলাত সংঘটিত হয় এক বৃহৎ নাও দুৰ্ঘটনা । কাটিহাৰৰ অমদাবাদত গংগা নদীত এখন নাও ডুব যোৱাৰ ফলত বহু লোকৰ মৃত্যু হয় । নাওখনত মুঠ ১৭ জন লোক আছিল । এই ঘটনাত এতিয়াও বহু লোক নিৰুদ্দেশ হৈ আছে বুলি জানিব পৰা গৈছে ।

ঘটনাৰ পিছতে চাৰিজন লোকে সাঁতুৰি নিজৰ জীৱন ৰক্ষা কৰে । দক্ষিণ কৰিমুল্লাপুৰৰ মেঘু ঘাটৰ পৰা নাওখনত উঠি আটাইকেইজন লোক গদ্দাই দিয়াৰলৈ গৈ আছিল । নাও দুৰ্ঘটনাৰ তথ্য লাভ কৰাৰ লগে লগে এছ ডি আৰ এফ আৰু আৰক্ষী সেই স্থানত উপস্থিত হয় আৰু নিৰুদ্দেশ হোৱা লোককেইজনৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে । স্থানীয় লোকসকলেও ঘটনাস্থলীত ভিৰ কৰা পৰিলক্ষিত হৈছে ।

ইফালে ঘটনাস্থলীৰ পৰা তিনিটা মৃতদেহ উদ্ধাৰ কৰা হৈছে । নিহতসকলৰ ভিতৰত ৬০ বছৰীয়া পৱন কুমাৰ, ৭০ বছৰীয়া সুধীৰ মণ্ডল আৰু এটি এবছৰীয়া শিশু আছে । এতিয়াও নিৰুদ্দেশ হৈ থকা লোকসকলৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে এছ ডি আৰ এফে ।

গংগাৰ প্ৰবল প্ৰবাহৰ বাবে উদ্ধাৰ অভিযানত সমস্যা-

মণিহাৰীৰ মহকুমাধিপতি কুমাৰ সিদ্ধাৰ্থ, মহকুমা আৰক্ষী বিষয়া মনোজ কুমাৰ, অমদাবাদ থানাৰ মুৰব্বী কুন্দন কুমাৰ আৰু খণ্ড বিষয়াৰ লগতে স্থানীয় গাঁওবাসীয়ে সাহায্য আৰু উদ্ধাৰৰ কামত নিয়োজিত হৈ আছে । কিন্তু প্ৰবল সোঁত আৰু গভীৰতাৰ বাবে নিৰুদ্দেশ হোৱা লোকসকলক বিচাৰি উলিওৱাত অসুবিধা হৈছে ।

খেতি পথাৰত কাম কৰিবলৈ ওলাইছিল সকলো-

জানিব পৰা মতে, নাওখনত থকা লোকসকলে খেতিপথাৰ চাবলৈ আৰু খেতিৰ কাম কৰিবলৈ ডায়াৰা অঞ্চললৈ গৈছিল । কিন্তু নদীৰ ঢৌৱে তেওঁলোকৰ পুৱাটো শোকলৈ ৰূপান্তৰিত কৰিলে । নিৰুদ্দেশ হোৱা লোকসকলৰ পৰিয়ালৰ মাজত শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে । নাও দুৰ্ঘটনাত উদ্ধাৰ হোৱা লোকসকলক অমদাবাদ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হৈছে ।

ভয়ংকৰ; গেটৱে অৱ ইণ্ডিয়া চাবলৈ গৈ ডুবিল নাও ; এজনৰ মৃত্যু,  পাঁচজন সন্ধানহীন

বুধবাৰে এলিফেণ্টা গুহাৰ পৰা গেটৱে অফ ইণ্ডিয়ালৈ যাত্ৰী কঢ়িয়াই নিয়া এখন নাও ডুবি যায়।দুৰ্ঘটনাটোৰ এটা ভিডিঅ’ও সামাজিক মাধ্যমত ভাইৰেল হৈছে, য’ত নাওখন পানীত ডুব যোৱা দেখা গৈছে।

জানিব পৰা মতে নীলকমল নামৰ নাওখনত ৮৫ জন যাত্ৰী আছিল।নাওখন এলিফেণ্টালৈ যোৱাৰ পথত কৰ্ণজাৰ উৰণৰ ওচৰত ডুবি যায়। ঘটনাটো সন্ধিয়া ৫:১৫ বজাত হৈছিল।

লগে লগে নাওখনত থকা লোকসকলক আন এখন জাহাজলৈ উদ্ধাৰ কৰা হয়।ঘটনাস্থলীত ১০৮ এম্বুলেন্সসহ সামুদ্ৰিক আৰক্ষী উপস্থিত হয়।

তথ্য অনুসৰি, বেছিভাগ যাত্ৰীক উদ্ধাৰ কৰা হৈছে । তাৰে এজনৰ মৃত্যু হোৱাৰ লগতে ৫ জন লোক সন্ধানহীন হৈ আছে।