উত্তৰ প্ৰদেশৰ হাৰদোই জিলাত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাটোত প্ৰায় ১০ জন লোক নিহত হয়। জানিব পৰা মতে বিলগ্ৰাম আৰক্ষী থানা অঞ্চলৰ কাটৰা বিলহাউৰ ঘাইপথত দুপৰীয়া প্ৰায় ১২ মান বজাত এখন টেম্পো আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষ হয়। টেম্পোখনে যাত্ৰী লৈ মাধৱগঞ্জৰ পৰা বিলগ্ৰামলৈ আহি থকাৰ সময়তেই ৰোশনপুৰ গাঁৱৰ ওচৰত ইউ টাৰ্ণ লোৱাৰ সময়তেই ট্ৰাখখনৰ সৈতে মুখামুখি সংঘৰ্ষ হয়। প্ৰত্যক্ষদৰ্শীৰ মতে এজন বাইক আৰোহীক বচাবলৈ গৈ সংঘটিত হয় দুৰ্ঘটনাটো । দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে টেম্পোখনত থকা যাত্ৰীসকল উফৰি পৰিছিল । দুৰ্ঘটনাটোৰ ফলত মহিলাসহ ১০ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৪ জন লোক আহত হয়। স্থানীয় লোকৰ সহযোগত আহতসকলক ততাতৈয়াকৈ চিকিৎসালয়ক ভৰ্তি কৰোৱা হয়।জানিব পৰা মতে মৃতকৰ সংখ্যা অধিক হোৱাৰো সম্ভাৱনা আছে।