২২ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব ভাৰতীয় দলৰ অষ্ট্ৰেলিয়া ভ্ৰমণ । জানুৱাৰীলৈ দুয়োটা দলৰ মাজত ৫খনীয়া মেচৰ টেষ্ট শৃংখলা অনুষ্ঠিত হ’ব । ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হোৱা টেষ্ট শৃংখলাটোক বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী বুলি জনা যায় । ইযাৰহ মাজতে নিউজীলেণ্ডৰ বিৰুদ্ধে শোচনীয় পৰাজয়ৰ পিছত ৰোহিত শৰ্মা, বিৰাট কোহলী, আৰ অশ্বিন আৰু ৰবীন্দ্ৰ জাডেজাৰ কেৰিয়াৰত এতিয়া বিপদৰ ডাৱৰ উৰিছে । বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত দুৰ্বল প্ৰদৰ্শনে তেওঁলোকৰ কেৰিয়াৰৰ অন্ত পেলাব পাৰে । ইয়াৰ পূৰ্বে কেইবাগৰাকীও ভাৰতীয় কিংবদন্তি খেলুৱৈয়ে নিজৰ কেৰিয়াৰৰ অন্তিমখন টেষ্ট খেলিছিল বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত । জানক কোন এই ৫ গৰাকী প্ৰাক্তন ক্ৰিকেটাৰৰ-
অনিল কুম্বলে-
অনিল কুম্বলেই টেষ্ট ইতিহাসত ভাৰতৰ হৈ সৰ্বাধিক উইকেট সংগ্ৰহকাৰীৰ অভিলেখ গঢ়ি থৈছে । ২০০৮ চনত, তেওঁ ভাৰতৰ হৈ তেওঁৰ অন্তিমখন মেচ খেলিছিল । কুম্বলেই বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ মাজতে অৱসৰ লৈ সকলোকে আচৰিত কৰিছিল । সেই সময়ত তেওঁৰ ফৰ্মো ভাল নাছিল ।
সৌৰভ গাংগুলী-
সৌৰভ গাংগুলীয়ে বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত তেওঁৰ অন্তিম খন টেষ্ট খেলিছিল । গাংগুলীয়ে ২০০৮ চনত ঘৰুৱা খেলপথাৰত শৃংখলাটো আৰম্ভ হোৱাৰ পূৰ্বে এয়া তেওঁৰ অন্তিম শৃংখলা হ’ব বুলি ঘোষণা কৰিছিল । গাংগুলীয়ে নাগপুৰত তেওঁৰ কেৰিয়াৰৰ অন্তিমখন মেচ খেলিছিল ।
ৰাহুল দ্ৰাবিড়-
প্ৰাক্তন ভাৰতীয় অধিনায়ক ৰাহুল দ্ৰাবিড়েও বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত তেওঁৰ অন্তিম টেষ্ট খেলিছিল । ২০১১-১২ বৰ্ষৰ অষ্ট্ৰেলিয়া ভ্ৰমণত দ্ৰাবিড়ে ৪ খন টেষ্টৰ ৮ টা ইনিংছত মাত্ৰ ১৯৪ ৰাণ সংগ্ৰহ কৰিছিল । এই শৃংখলাৰ পিছতে , তেওঁ অৱসৰ লৈছিল ।
ভি ভি এছ লক্ষ্মণ-
অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভি ভি এছ লক্ষ্মণৰ অভিলেখ সদায়ে চমৎকাৰ আছিল । অৱশ্যে, ২০১১-১২ শৃংখলাত তেওঁ মাত্ৰ ১৫৫ ৰাণহে সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল । তেওঁৰ গড় ২০ তকৈ কম আছিল । ইয়াৰ পিছত, লক্ষ্মণে ভাৰতৰ হৈ আন কোনো মেচ খেলা নাছিল ।
বীৰেন্দ্ৰ ছেহৱাগ-
২০১৩ চনৰ বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ প্ৰথম দুখন খেলৰ পিছত ভাৰতীয় দলৰ বিস্ফোৰক অপেনাৰ বীৰেন্দ্ৰ ছেহৱাগক দলৰ পৰা বাদ দিয়া হৈছিল । তাৰ পিছত তেওঁ কেতিয়াও ভাৰতীয় টেষ্ট দললৈ উভতি অহা নাছিল আৰু ইয়াৰ পিছত তেওঁ অৱসৰ লৈছিল ।
মহেন্দ্ৰ সিং ধোনী-
ভাৰতৰ অন্যতম সফল অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়েও বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ মাজভাগত তেওঁৰ টেষ্ট কেৰিয়াৰ সমাপ্ত কৰিছিল । ২০১৪-১৫ বৰ্ষত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে শৃংখলাত পৰাজিত হোৱাৰ পিছত, ধোনীয়ে মাজভাগতে অৱসৰ ঘোষণা কৰিছিল ।