শিৱসাগৰ জিলাৰ ডিমৌ আৰক্ষী থানাৰ অন্তৰ্গত কলিয়াপানীস্থিত কমামি বিবাহ ভৱনত দেওবাৰে নিশা সংঘটিত হয় এক অপ্ৰীতিকৰ পৰিস্থিতি।
ডিব্ৰুগড় নগৰৰ শান্তিপাৰাৰ পৰা বৰযাত্ৰী হৈ ডিমৌলৈ যোৱা লোকসকল কমামি বিবাহ ভৱনত উপস্থিত হোৱাৰ লগে লগে আক্ৰমণ কৰে ৫-৬জনীয়া এটা যুৱকৰ দলে।
জানিব পৰা মতে স্থানীয় ৰাজ গঞ্জু, ৰবি চাউৰা সহিতে প্ৰায় ছয় জনীয়া এটা যুৱকৰ দলে অতৰ্কিতে শিলগুটি নিক্ষেপ কৰে বৰযাত্ৰীৰ দলটোলৈ। এই ঘটনাৰ ফলত কন্যা ঘৰৰ পংকজ গগৈ নামৰ এজন লোক আহত হোৱাৰ লগতে বৰযাত্ৰী অহা AS-23-V-6362 নম্বৰৰ গাড়ীখনৰ যথেষ্ট ক্ষয়-ক্ষতি হয়।
লগে লগে বিবাহ স্থলীত উপস্থিত থকা যুৱক সকলে ৰাজ গঞ্জু, ৰবি চাউৰাক আটক কৰে যদিও উক্ত ঘটনাৰ লগত জড়িত বাকী চাৰিজন যুৱক পলাই যাবলৈ সক্ষম হয়।
পিছত ঘটনাস্থলীত ডিমৌ আৰক্ষী উপস্থিত হৈ ৰাইজে আটক কৰা যুৱকদ্বয়ক ডিমৌ নিজৰ জিন্মাত লৈ তদন্ত অব্যাহত ৰাখিছে। জানিবপৰা মতে, ঘটনা সংঘটিত হোৱাৰ কিছু সময়ৰ পূৰ্বে উল্লেখিত যুৱক কেইজনে বিবাহ ভৱনৰ অভ্যৰ্থনা কক্ষত উপস্থিত হৈ মাছ-মাংসৰ জুতি লৈছিল।