বৰপেটা জিলা আয়ুক্ত ৰোহন কুমাৰ ঝাই বৰপেটা জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অৰূপ পাঠকক শাৰিৰীক ভাৱেও অপদস্থৰ অভিযোগ। কেমেৰাৰ সন্মুখত উচুপি উঠা এই বিষয়াগৰাকী বৰপেটা জিলা পৰিষদৰ কাৰ্যবাহী বিষয়া অৰূপ পাঠক ।
জিলা পৰিষদৰ এগৰাকী সহকাৰী অভিযন্তাক বদলিকৰণক লৈ জিলা আয়ুক্ত ৰোহন কুমাৰ ঝাই জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অৰূপ পাঠকক অশোভনীয় আচৰণ কৰাৰ লগতে শাৰিৰীক ভাৱেও অপদস্থ কৰাৰ অভিযোগ ।জিলা আয়ুক্ত ৰোহন কুমাৰ ঝাই কাৰ্যালয়ৰ কক্ষতে জিলা পৰিষদৰ কাৰ্যবাহী বিষয়াগৰাকীক হাতত ধৰি নিজ কক্ষৰ পৰা বাহিৰলৈ উলিয়াই দিয়ে।
আয়ুক্ত গৰাকীৰ সেই আচৰণত অতিকে লজ্জিত হৈছে বিষয়া গৰাকী ।জিলা পৰিষদৰ কাৰ্যবাহী বিষয়া অৰূপ পাঠকে জনোৱা মতে- দিলীপ কলিতা নামৰ সহকাৰী অভিযন্তাজনক জিলা আয়ুক্তৰ নিৰ্দেশ ক্ৰমে জিলা পৰিষদৰ পৰা বদলি কৰা হৈছিল ।
কিন্তু সহকাৰী অভিযন্তাজনে দায়িত্ব অৰ্পন কৰিবলগীয়া কাৰ্যবাহী অভিযন্তা গৰাকী চুটীত থকাৰ বাবে সহকাৰী অভিযন্তা গৰাকীক ৰিলিজ কৰিব পৰা নাছিল । আৰু এই কথাতে ক্ষুব্ধ হৈ জিলা আয়ুক্ত ৰোহন কুমাৰ ঝাই জিলা পৰিষদৰ কাৰ্যবাহী বিষয়াগৰাকীক শাৰিৰীকভাৱে অপদস্থ কৰাতে ক্ষান্ত নাথাকি বিভাগীয় ভাৱেও হাৰাশাস্তি চলাই আহিছে । এগৰাকী জিলা আয়ুক্তই সম পৰ্যায়ৰ এগৰাকী বিষয়াক কৰা এনে অশোভনীয় আচৰণৰ ঘটনাক লৈ সম্প্ৰতি বৰপেটাত ব্যাপক চৰ্চা চলিছে।