ভাৰত আৰু ব্ৰিটেইনৰ মাজত দ্বিপাক্ষিক সহযোগিতা সুদৃঢ় কৰাৰ বাবে মঙলবাৰে যুক্তৰাজ্য আৰু আয়াৰলেণ্ড ভ্ৰমণলৈ ৰাওনা হৈছে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ । জয়শংকৰে প্ৰথমে লণ্ডনত ব্ৰিটিছ সমকক্ষ বৈদেশিক সচিব ডেভিদ লেমীক সাক্ষাৎ কৰিব । বৈদেশিক মন্ত্ৰীৰ এই ব্ৰিটেইন ভ্ৰমণ অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে কাৰণ ইউক্ৰেইনক লৈ আমেৰিকা আৰু ইউৰোপৰ মাজত উত্তেজনা থকা সময়ত এই ভ্ৰমণ হৈছে ।
জয়শংকৰৰ ব্ৰিটেইন ভ্ৰমণ- কি এজেণ্ডা ?
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ জেলেনস্কিৰ মাজত উত্তপ্ত বিতৰ্কৰ পিছতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ ব্ৰিটেইন ভ্ৰমণ । জেলেনস্কি আৰু ট্ৰাম্পৰ মাজত চলা উত্তপ্ত বিতৰ্কৰ বিষয়ে ইউৰোপকে ধৰি সমগ্ৰ বিশ্বতে চৰ্চা চলি আছে । এনে পৰিস্থিতিত বৈদেশিক মন্ত্ৰী জয়শংকৰ আৰু ব্ৰিটিছ বৈদেশিক মন্ত্ৰী লেমীয়ে ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ বিষয়ে আলোচনা কৰিবনে নাই সেয়া লক্ষ্যণীয় হ’ব ।
শনিবাৰে ব্ৰিটিছ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিক সাক্ষাৎ কৰে । এই সময়ত তেওঁ কৈছিল যে ব্ৰিটেইন, ইউক্ৰেইন, ফ্ৰান্স আদি দেশসমূহে একেলগে যুদ্ধৰ অন্ত পেলাবলৈ শান্তি পৰিকল্পনাত কাম কৰিব, যিটো ট্ৰাম্পৰ সন্মুখত উত্থাপন কৰা হ’ব ।
এয়া কেৱল কথা-বতৰাৰ নহয়, কাৰ্য্যৰ সময় বুলি উল্লেখ কৰি স্থায়ী শান্তিৰ বাবে শক্তিশালী নেতৃত্ব আৰু ঐক্যৰ আহ্বান জনায় তেওঁ । দেওবাৰে এখন সংবাদমেলত ষ্টাৰমাৰে কয় যে ইউৰোপে এই প্ৰচেষ্টাৰ নেতৃত্ব দিব লাগে, কিন্তু ইয়াক সফল হ’বলৈ হ’লে আমেৰিকাৰ সমৰ্থনো থাকিব লাগিব ।
ৰাছিয়াৰ প্ৰতি আমেৰিকাৰ পৰিৱৰ্তিত স্থিতিৰ প্ৰতি ভাৰতৰ প্ৰতিক্ৰিয়া-
২০২২ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা আৰম্ভ হোৱা ৰাছিয়া-ইউক্ৰেইন যুদ্ধ সন্দৰ্ভত ভাৰত আৰম্ভণিৰে পৰা নিৰপেক্ষ হৈ আছে । এতিয়ালৈকে ভাৰতে ৰাছিয়া, ইউক্ৰেইন বা আমেৰিকা, ইউৰোপক সমৰ্থন কৰা নাই । যোৱা সপ্তাহত ইউক্ৰেইন আৰু আমেৰিকাৰ দুটা ৰাষ্ট্ৰসংঘৰ প্ৰস্তাৱত ভাৰতে ভোটদান কৰা নাছিল ।
যুদ্ধৰ আৰম্ভণিৰ পৰা জো বাইডেন প্ৰশাসনলৈকে আমেৰিকাই এই যুদ্ধত ইউক্ৰেইনৰ সৈতে মুকলিকৈ আছিল আৰু কোটি কোটি টকা দি সহায় কৰিছিল যদিও ট্ৰাম্প প্ৰশাসনৰ আগমনৰ লগে লগে ইয়াৰ স্থিতি সম্পূৰ্ণৰূপে সলনি হৈছে । যুদ্ধৰ অন্ত পেলাবলৈ ইউক্ৰেইন অবিহনে ৰাছিয়াৰ সৈতে এতিয়া আমেৰিকাই কথা পাতিছে আৰু যুদ্ধ দীঘলীয়া কৰাৰ বাবে জেলেনস্কিক দোষাৰোপ কৰিছে ।
ভাৰত-ব্ৰিটেইনৰ মুক্ত বাণিজ্য চুক্তিও আলোচনা কৰা হ’ব-
ভাৰত-ব্ৰিটেইনৰ মুক্ত বাণিজ্য চুক্তি (এফ টি এ) সন্দৰ্ভতো বৈদেশিক মন্ত্ৰী জয়শংকৰ আৰু লেমীৰ মাজত আলোচনা হ’ব বুলি আশা কৰা হৈছে । যোৱা মাহত ব্ৰিটিছ বাণিজ্য সচিব জনাথন ৰেইনল্ডছে এই প্ৰেক্ষাপটত ভাৰত ভ্ৰমণ কৰিছিল । তাৰ পিছত ভাৰত আৰু ব্ৰিটেইনে এই চুক্তিৰ ওপৰত পুনৰ আলোচনা আৰম্ভ কৰে । বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে জয়শংকৰৰ এই ভ্ৰমণে ভাৰত আৰু ব্ৰিটেইনৰ মাজত ক্ৰমবৰ্ধমান সম্পৰ্কক প্ৰতিফলিত কৰিছে য’ত প্ৰতিৰক্ষা, বাণিজ্য, স্বাস্থ্য, শিক্ষা, সাংস্কৃতিক বিনিময় আদি ক্ষেত্ৰত শক্তিশালী সহযোগিতা অন্তৰ্ভুক্ত কৰা হৈছে ।