বৈদেশিক মন্ত্ৰী জয়শংকৰ আনুষ্ঠানিক ব্ৰিটেইন ভ্ৰমণত আছে । তেওঁ মঙলবাৰে সন্ধিয়া ব্ৰিটিছ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰক চৰকাৰী বাসভৱনত সাক্ষাৎ কৰে । য’ত তেওঁ ষ্টাৰমাৰক প্ৰধানমন্ত্ৰী মোদীৰ অভিনন্দন বাৰ্তা প্ৰেৰণ কৰে । বিদেশ মন্ত্ৰী জয়শংকৰে নিজৰ এক্স একাউণ্টত ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ সৈতে হোৱা বৈঠকৰ ছবি শ্বেয়াৰ কৰিছে ।
তেওঁ নিজৰ পোষ্টত লিখিছে যে ১০ ডাউনিং ষ্ট্ৰীটত কেইৰ ষ্টাৰমাৰক লগ পাই তেওঁ অতি সুখী । এই সময়ছোৱাত আমাৰ মাজত দ্বিপাক্ষিক অৰ্থনৈতিক সহযোগিতা আৰু জনসাধাৰণৰ আদান-প্ৰদান বৃদ্ধিৰ ওপৰত আলোচনা হৈছিল । আলোচনাৰ সময়ত প্ৰধানমন্ত্ৰী ষ্টাৰমাৰে ইউক্ৰেইন সংঘাত সন্দৰ্ভত ব্ৰিটেইনৰ দৃষ্টিভংগীও ভাগ বতৰা কৰে ।
ইয়াৰ পূৰ্বে তেওঁ ব্ৰিটেইন আৰু আয়াৰলেণ্ডক সামৰি ছদিনীয়া ভ্ৰমণৰ প্ৰথম দিনাই মন্ত্ৰীত্বৰ আলোচনাত মিলিত হৈছিল । এই ক্ৰমত ব্ৰিটিছ বাণিজ্য মন্ত্ৰী জনাথন ৰেইনল্ডছৰ সৈতে হোৱা বৈঠকৰ সময়ত তেওঁ ভাৰত-ব্ৰিটেইনৰ মুক্ত বাণিজ্য চুক্তি (এফ টি এ) আলোচনাৰ অগ্ৰগতিৰ বিষয়ে আলোচনা কৰে । আমি এফ টি এ আলোচনাৰ অগ্ৰগতিৰ বিষয়ে আলোচনা কৰিলোঁ বুলি জয়শংকৰে ৰেইনল্ডছৰ সৈতে হোৱা বৈঠকৰ পিছত এক্সৰ ওপৰত দিয়া এটা পোষ্টত কয় ।
জয়শংকৰে ব্ৰিটেইনৰ গৃহমন্ত্ৰীকো সাক্ষাৎ কৰে-
জয়শংকৰে ব্ৰিটেইনৰ গৃহ সচিব ইভেট কুপাৰক সাক্ষাৎ কৰি জনসাধাৰণৰ মাজত বিনিময়, চোৰাং ব্যৱসায় আৰু উগ্ৰবাদৰ বিৰুদ্ধে যুঁজিবলৈ যৌথ প্ৰচেষ্টাৰ বিষয়ে আলোচনা কৰে । বাণিজ্য বিভাগৰ সচিব জনাথন ৰেইনল্ডছকো সাক্ষাৎ কৰি এফ টি এ আলোচনাৰ অগ্ৰগতিৰ বিষয়ে আলোচনা কৰে তেওঁ ।
দুয়োখন দেশৰ বৈদেশিক মন্ত্ৰীসকলে ভাৰত-ব্ৰিটেইনৰ সৰ্বাংগীন কৌশলগত অংশীদাৰিত্ব আগবঢ়াই নিবলৈ সাজু হৈছে বুলি বিষয়াসকলে জানিবলৈ দিয়ে । বৈদেশিক, কমনৱেলথ আৰু উন্নয়ন কাৰ্যালয়ে কয় যে এই বৈঠকত পাৰস্পৰিক অৰ্থনৈতিক বৃদ্ধি, প্ৰযুক্তিগত উদ্ভাৱন আৰু জলবায়ু পৰিৱৰ্তনকে ধৰি বিশ্বজনীন প্ৰত্যাহ্বানৰ ক্ষেত্ৰত সহযোগিতা প্ৰসাৰিত কৰা হ’ব । ইউক্ৰেইন, পশ্চিম এছিয়া আৰু অন্যান্য বিশ্বজনীন বিষয়ত চলি থকা যুদ্ধৰ বিষয়েও দুয়োজনে আলোচনা কৰিব ।