ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হোৱা পাঁচখন টেষ্ট শৃংখলাৰ তৃতীয়খন খেল ব্ৰিছবেনত অনুষ্ঠিত হৈছে। আজি খেলখনৰ তৃতীয় দিন।
অষ্ট্ৰেলিয়াৰ দলটোৱে প্ৰথম ইনিংছত তেওঁলোকৰ দ্বিতীয় দিনৰ ৪০৫/৭ ৰাণৰ স্ক’ৰ খেলি ৪৪৫ ৰাণত অল আউট হয়।
তেওঁলোকৰ বাবে, দ্বিতীয় দিনা বিস্ফোৰক বেটছমেন ট্ৰেভিছ হেডে ১৫২ ৰাণ আৰু অভিজ্ঞ বেটছমেন ষ্টিভ স্মিথে ১০১ ৰাণ সংগ্ৰহ কৰে। ভাৰতৰ হৈ যশপ্ৰীত বুমৰাহে ৬টা উইকেট দখল কৰে।
মহম্মদ চিৰাজে ২ টা সফলতা লাভ কৰিছিল। আকাশ দীপ আৰু নীতিশ ৰেড্ডীয়ে ১-১ টা উইকেট দখল কৰিছিল। এতিয়া ভাৰতীয় দলটোৱে তেওঁলোকৰ প্ৰথম ইনিংছত খেলিব।
শনিবাৰে (১৪ ডিচেম্বৰ) খেলখনৰ প্ৰথম দিনা ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাই টছত জয়ী হয়। তেওঁলোকে প্ৰথমে বল কৰাৰ সিদ্ধান্ত লৈছিল।
টীম ইণ্ডিয়াত দুটা পৰিৱৰ্তন কৰা হৈছিল। অভিজ্ঞ স্পিনাৰ ৰবিচন্দ্ৰন অশ্বিন আৰু দ্ৰুত বলাৰ হৰ্ষিত ৰাণাক বাদ দিয়া হৈছিল। অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজা আৰু দ্ৰুত বলাৰ আকাশ দীপক দুয়োজনৰ ঠাইত সুযোগ দিয়া হৈছিল।
কিন্তু ব্ৰিছবেনত এতিয়াও বৰষুণ শেষ হোৱা নাই। নেৰানেপেৰা বৰষুণৰ বাবে, খেলখন পুনৰ আৰম্ভ কৰা হোৱা নাই। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টেষ্টৰ তৃতীয় দিনা টি ব্ৰেকৰ সময়লৈকে ভাৰতে তেওঁলোকৰ প্ৰথম ইনিংছত চাৰি উইকেটত ৪৮ ৰাণ কৰিছিল। অষ্ট্ৰেলিয়াই প্ৰথম ইনিংছত ৪৪৫ ৰাণ সংগ্ৰহ কৰিছিল। ভাৰত এতিয়াও ৩৯৭ ৰাণত পিছ পৰি আছে।
পেট কামিন্সে ভাৰতীয় দলটোক চতুৰ্থটো মোক্ষম আঘাত দিছে। তেওঁ টীম ইণ্ডিয়াৰ বিস্ফোৰক বেটছমেন ঋষভ পন্তক আউট কৰিছে। তেওঁ ১২ টা বলত মাত্ৰ ৯ ৰাণ হে সংগ্ৰহ কৰিব পাৰিছিল।