প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বুধবাৰে ৰাছিয়াৰ কাজান চহৰত অনুষ্ঠিত ব্ৰিকছ সন্মিলনত উজবেকিস্তান, সংযুক্ত আৰব আমিৰশ্বাহী আৰু ইজিপ্তৰ নেতাসকলক সাক্ষাৎ কৰি তেওঁলোকৰ দেশৰ সৈতে কেইবাটাও খণ্ডত সহযোগিতা বৃদ্ধিৰ উপায়ৰ বিষয়ে আলোচনা কৰে । মঙলবাৰে ১৬ সংখ্যক ব্ৰিকছ সন্মিলনৰ বাবে ৰাছিয়াৰ ঐতিহ্যমণ্ডিত চহৰ কাজানত উপস্থিত হোৱা মোদীয়ে কয় যে তেওঁ উজবেকিস্তানৰ ৰাষ্ট্ৰপতি শ্বাভকত মিৰ্জিঅ’য়েভৰ সৈতে এক বৈঠকত মিলিত হয়, য’ত তেওঁ ভাৰত আৰু উজবেকিস্তানৰ মাজত বাণিজ্য আৰু সাংস্কৃতিক সম্পৰ্ককে ধৰি দ্বিপাক্ষিক সহযোগিতা বৃদ্ধিৰ উপায়ৰ বিষয়ে আলোচনা কৰে ।
ভাৰত-উজবেকিস্তানৰ দ্বিপাক্ষিক সহযোগিতাৰ অগ্ৰগতিৰ পৰ্যালোচনা-
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে টুইটাৰযোগে এক পোষ্টত প্ৰকাশ কৰা অনুসৰি কাজানত অনুষ্ঠিত হোৱা ব্ৰিকছ সন্মিলনৰ আঁৰত উজবেকিস্তানৰ ৰাষ্ট্ৰপতি শ্বাভকত মিৰ্জিঅ’য়েভৰ সৈতে আলোচনাত মিলিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । এই বৈঠকত দুয়োখন দেশৰ মাজত বহু ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ উপায়ৰ বিষয়ে আলোচনা কৰে । প্ৰধানমন্ত্ৰীয়ে মিৰ্জিঅ’য়েভৰ সৈতে হোৱা সাক্ষাৎৰ কিছু ফটোও শ্বেয়াৰ কৰে ।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে টুইটাৰযোগে এক পোষ্টত প্ৰকাশ কৰিছে যে মোদী আৰু মিৰ্জিঅ’য়েভে ভাৰত-উজবেকিস্তানৰ দ্বিপাক্ষিক সহযোগিতাৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে, য’ত বাণিজ্য, অৰ্থনৈতিক, স্বাস্থ্য, সংযোগ, সামৰ্থ্য বিকাশ আৰু ডিজিটেল প্ৰযুক্তিকে ধৰি অগ্ৰগতি পৰ্যালোচনা কৰা হয় । ইয়াত কোৱা হৈছে যে দুয়োগৰাকী নেতাই গ্ল’বেল চাউথৰ কণ্ঠ শক্তিশালী কৰাৰ বাবে আঞ্চলিক আৰু বিশ্বব্যাপী মঞ্চত একেলগে কাম কৰিবলৈ সন্মত হৈছে ।
আনহাতে উজবেকিস্তানৰ ৰাষ্ট্ৰপতিৰ প্ৰেছ সেৱাই এক্সৰ এটা পোষ্টত কয় যে উচ্চ প্ৰযুক্তি, এ আই, উদ্যোগ, শক্তি, ঔষধ আৰু পৰিবহণ যোগাযোগৰ ক্ষেত্ৰত কাৰ্যসূচী আৰু প্ৰকল্প ৰূপায়ণৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছে । ঔদ্যোগিক সহযোগিতাৰ মধ্যম্যাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ সন্মত হয় দুয়োজন নেতা ।
ইউ এ ইৰ ৰাষ্ট্ৰপতিৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক-
কাজানত অনুষ্ঠিত ব্ৰিকছ সন্মিলনৰ আঁৰত প্ৰধানমন্ত্ৰী মোদীয়ে ইউ এ ইৰ ৰাষ্ট্ৰপতি শ্বেইখ মহম্মদ বিন জায়েদ আল নাহিয়ানকো সাক্ষাৎ কৰে । তেওঁ এক্সত লিখিছে, “মোৰ ভাতৃ, ইউ এ ই-ৰ ৰাষ্ট্ৰপতি শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানক লগ পাই আনন্দিত হৈছো ।” প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ তথ্য অনুসৰি প্ৰধানমন্ত্ৰী মোদী আৰু শ্বেখ মহম্মদ বিন জায়েদে বিশ্বৰ কেইবাটাও বিষয়ত মত বিনিময় কৰে ।
বৈদেশিক মন্ত্ৰালয়ে জনোৱা মতে, দুয়োগৰাকী নেতাই ইউ এ ই-ইণ্ডিয়া কম্প্ৰিহেন্সিভ ষ্ট্ৰেটেজিক পাৰ্টনাৰশ্বিপৰ পৰ্যালোচনা কৰি ইয়াৰ ইতিবাচক মূল্যায়ন কৰে । পশ্চিম এছিয়াৰ পৰিস্থিতি সন্দৰ্ভত মত বিনিময় কৰি শান্তি, নিৰাপত্তা আৰু স্থিতিশীলতা আগতীয়াকৈ পুনৰুদ্ধাৰৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিবলৈ সন্মত হয় ।
ইজিপ্তৰ ৰাষ্ট্ৰপতি আব্দেল ফাতাহ আল চিছিৰ সৈতেও আলোচনা-
কাজানত ইজিপ্তৰ ৰাষ্ট্ৰপতি আব্দেল ফাতাহ আল চিছিৰ সৈতেও বাৰ্তালাপত মিলিত হয় প্ৰধানমন্ত্ৰী মোদী । উল্লেখ্য যে ব্ৰাজিল, ৰাছিয়া, ভাৰত, চীন আৰু দক্ষিণ আফ্ৰিকাৰে গঠিত ব্ৰিকছত এতিয়া অতিৰিক্ত পাঁচ সদস্য অন্তৰ্ভুক্ত হৈছে – ইজিপ্ত, ইথিওপিয়া, ইৰাণ, চৌদি আৰব আৰু ইউ এ ই ।