হোৱাইট হাউছৰ প্ৰেছ সচিব কেৰেন জিন পিয়েৰে কয় যে আমেৰিকাই বিশ্বৰ অংশীদাৰৰ সৈতে কাম কৰি উমৈহতীয়া লক্ষ্যত উপনীত হোৱাত মনোনিৱেশ কৰিছে আৰু আমেৰিকাই ব্ৰিকছক কোনো ভূ-ৰাজনৈতিক প্ৰতিদ্বন্দ্বী হিচাপে বিকশিত হোৱা দেখা নাই । পিয়েৰে কয় যে আমেৰিকাই ভাৰত, দক্ষিণ আফ্ৰিকা আৰু ব্ৰাজিলৰ দৰে অংশীদাৰ দেশসমূহৰ সৈতে কাম কৰি যাব । আমেৰিকাৰ এই বক্তব্য এনে সময়তে আহিছে যেতিয়া ২২ অক্টোবৰৰ পৰা ৰাছিয়াত ১৬ সংখ্যক ব্ৰিকছ সন্মিলন অনুষ্ঠিত হ’ব । ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও এই সন্মিলনত অংশগ্ৰহণৰ বাবে ৰাছিয়াত উপস্থিত হৈছে ।
হোৱাইট হাউছে পুটিনৰ বক্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে-
ব্ৰিকছ সন্মিলন সন্দৰ্ভত হোৱাইট হাউছৰ মুখপাত্ৰ জিন পিয়েৰক সোধা হৈছিল যে ব্ৰিকছ দেশসমূহে আমেৰিকাৰ অৰ্থনৈতিক শক্তি দুৰ্বল কৰিব পাৰে বুলি বাইডেন চৰকাৰ চিন্তিত নেকি ? এই সন্দৰ্ভত জিন পিয়েৰে কয়, ‘আমি বিশ্বৰ অংশীদাৰ দেশসমূহৰ সৈতে কাম কৰা আৰু উমৈহতীয়া লক্ষ্যত উপনীত হ’বলৈ শক্তিশালী সম্পৰ্ক গঢ়ি তোলাত মনোনিৱেশ কৰিছো । আমি ব্ৰিকছক ভূ-ৰাজনৈতিক প্ৰতিদ্বন্দ্বী হিচাপে বিকশিত হোৱা দেখা নাই ।‘
হোয়াইট হাউছৰ মুখপাত্ৰৰ এই বক্তব্য এনে এটা সময়ত প্ৰকাশ পাইছে যেতিয়া ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে শেহতীয়াকৈ এক বিবৃতিত ব্ৰিকছ কোনো পশ্চিম বিৰোধী সংগঠন নহয় বুলি কৈছিল । ই মাথোঁ এজাক অপশ্চিমীয়া দেশ । ব্ৰিকছ দেশসমূহৰ মাজত বাণিজ্য বৃদ্ধি পাইছে আৰু ইয়াৰ ফলত গোটটোৰ শক্তি বৃদ্ধি পাইছে । পুটিনে কয় যে আগন্তুক সময়ত আৰু অধিক দেশে ব্ৰিকছত যোগদান কৰিব আৰু গোটটোৰ শক্তি বৃদ্ধি হোৱাৰ লগে লগে অসদস্য দেশসমূহেও ইয়াৰ দ্বাৰা উপকৃত হ’ব ।
বিশ্ব অৰ্থনীতিত ব্ৰিকছৰ আধিপত্য বৃদ্ধি পাইছে-
পুটিনে কয় যে বিশ্ব অৰ্থনীতিত ব্ৰিকছৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে আৰু ভৱিষ্যতে ইয়াৰ ভূমিকা যে বৃদ্ধি পাব সেয়া একেবাৰে স্পষ্ট । তেওঁ কয় যে ব্ৰিকছৰ সদস্য দেশসমূহেই আচলতে বিশ্ব অৰ্থনৈতিক বিকাশৰ চালক । ৰাছিয়াৰ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি পুটিনে কয় যে ১৯৯২ চনত বিশ্বৰ জি ডি পিত জি-৭ দেশৰ অংশ আছিল ৪৫.৫ শতাংশ, আনহাতে ব্ৰিকছ দেশৰ অংশ আছিল ১৬.৭ শতাংশ ।
পুটিনে কয় যে ২০২৩ চনত ব্ৰিকছৰ অংশ ৩৭.৪ শতাংশ আৰু জি-৭ৰ অংশ ২৯.৩ শতাংশ । পুটিনে নিজৰ ভাষণত কয় যে, ‘ব্যৱধান বাঢ়িছে আৰু ই বৃদ্ধি পাব, ই অনিবাৰ্য ।’ ৰাছিয়াৰ অধ্যক্ষতাত ২২-২৩ অক্টোবৰত কাজান চহৰত অনুষ্ঠিত হ’ব ব্ৰিকছ সন্মিলন ।