নিমখৰ অত্যধিক সেৱনৰ বাবে বহু ধৰণৰ সমস্যাৰ সন্মুখীন হ’বলগীয়া হয় । ইয়াৰ বাবে উচ্চ ৰক্তচাপ, হৃদৰোগ, ষ্ট্ৰোক আৰু বৃক্ক সম্পৰ্কীয় সমস্যা আদি সমস্যাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা থাকে । বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি বেছিভাগ মানুহেই দৈনিক সীমাতকৈ অধিক নিমখ সেৱন কৰে, যিটো প্ৰতিদিনে ৫ গ্ৰামতকৈ কম হ’ব লাগে । প্ৰচেছড ফুড, ফাষ্ট ফুড এই সকলোবোৰে নিমখৰ পৰিমাণ বৃদ্ধি কৰে । অৱশ্যে ইয়াৰ অৰ্থ এইটো নহয় যে নিমখ একেবাৰেই সেৱন কৰিব নালাগে । বৰঞ্চ আপুনি আপোনাৰ জীৱনশৈলী সলনি কৰাটো গুৰুত্বপূৰ্ণ । আমি আপোনালোকক নিমখৰ পৰিমাণ হ্ৰাস কৰাৰ কিছুমান ব্যৱস্থাৰ বিষয়ে ক’ম, সেইবোৰৰ বিষয়ে জানক…
খাদ্যত নিমখৰ পৰিমাণ কেনেকৈ হ্ৰাস কৰিব পাৰি-
চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰল এণ্ড প্ৰিভেনচনে (CDC) সকীয়াই দিছে যে অত্যধিক ছডিয়াম সেৱনে হৃদৰোগৰ সম্ভাৱনা বহু পৰিমাণে বৃদ্ধি কৰে । জানক খাদ্যত নিমখৰ পৰিমাণ কেনেকৈ কম কৰিব পাৰি-
সতেজ সামগ্ৰীৰে ৰান্ধক-
ঘৰতে ৰন্ধা খাদ্য প্ৰস্তুত কৰিলে আপোনাৰ খাদ্যত থকা নিমখৰ পৰিমাণ নিয়ন্ত্ৰণ কৰাত সহায় কৰে । প্ৰচেছড খাদ্যৰ পৰিৱৰ্তে সতেজ শাক-পাচলি, লীন প্ৰটিন আৰু গোটা শস্য ব্যৱহাৰ কৰক । পেকেটত ভৰোৱা চিজনিং, চচ আৰু ৰেডি টু ইট খাদ্য পৰিহাৰ কৰক, কিয়নো ইয়াত ছডিয়াম থাকে ।
খাদ্যৰ লেবেল ভালদৰে পঢ়ক-
বহু পেকেটত ভৰোৱা খাদ্যত ছডিয়াম থাকে, আনকি নিমখীয়া সোৱাদ নথকা খাদ্যতো । খাদ্যৰ লেবেলত ছডিয়ামৰ মাত্ৰা পৰীক্ষা কৰক আৰু কম ছডিয়াম বা নিমখ থকা বস্তু বাছি লওক । মনোছডিয়াম গ্লুটামেট (MSG), বেকিং চোডা আৰু সংৰক্ষক দ্ৰব্য থকা খাদ্য পৰিহাৰ কৰক, কাৰণ এইবোৰে ছডিয়ামৰ পৰিমাণ বৃদ্ধি কৰে ।
প্ৰচেছড আৰু ৰেষ্টুৰেণ্টৰ খাদ্য পৰিহাৰ কৰক-
পেকেজ আৰু ৰেষ্টুৰেণ্টৰ খাদ্যত অধিক পৰিমাণৰ নিমখ থাকে, যাৰ ফলত ছডিয়ামৰ মাত্ৰা বৃদ্ধি পায় । চিপচ, টিনত ভৰোৱা চূপ, ইনষ্টেন্ট নুডলছ, আচাৰ আৰু ফ্ৰ’জেন খাদ্যৰ পৰিমাণ কম কৰক । বাহিৰত খাদ্য গ্ৰহণ কৰাৰ সময়ত খাদ্যত কম নিমখ দিয়া বা গ্ৰীল কৰা আৰু ভাপত দিয়া বিকল্প বাছি লওক । নিমখীয়া জলপানৰ ঠাইত সতেজ ফল-মূল, বাদাম আৰু ঘৰতে বনোৱা জলপান ব্যৱহাৰ কৰক ।
খাদ্যত নিমখ ক্ৰমান্বয়ে হ্ৰাস কৰক-
হঠাতে নিমখৰ পৰিমাণ হ্ৰাস কৰাটো কঠিন বুলি প্ৰমাণিত হ’ব পাৰে, কিন্তু ক্ৰমান্বয়ে কৰিলে আপোনাৰ ৰুচিবোধক নিজকে খাপ খুৱাই লোৱাত সহায় কৰে । ৰন্ধা সময়ত নিমখৰ পৰিমাণ আধা কমাই নেমুৰ ৰস, ভিনেগাৰ বা সৰিয়হ দি সোৱাদ বৃদ্ধি কৰিব লাগে । নিমখ ভিত্তিক জুতিৰ পৰিৱৰ্তে সোৱাদযুক্ত তেল, সতেজ বনৌষধি আৰু মছলাৰ মিশ্ৰণ ব্যৱহাৰ কৰক । নিমখবিহীন মাখন ব্যৱহাৰ কৰক ।
পটাছিয়াম সমৃদ্ধ খাদ্য খাওক-
আমেৰিকান হাৰ্ট এছ’চিয়েচন (AHA)ৰ মতে পটাছিয়ামে ছডিয়ামৰ মাত্ৰাৰ ভাৰসাম্য ৰক্ষা কৰি ৰক্তচাপ হ্ৰাস কৰাত সহায় কৰে । কল, কমলা, পালেং, মিঠা আলু আৰু বীন খাওক, যিবোৰত পটাছিয়াম প্ৰচুৰ পৰিমাণে থাকে । প্ৰচেছড স্নেকছৰ সলনি দৈ, বাদাম আৰু সেউজীয়া পাতৰ শাক-পাচলি খাব লাগে । হৃদযন্ত্ৰৰ উন্নত স্বাস্থ্যৰ বাবে কম ছডিয়ামযুক্ত দুগ্ধজাত সামগ্ৰী আৰু গোটা শস্য বাছি লওক ।