সংসদৰ যুটীয়া অধিৱেশনত কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীয়ে ৰাষ্ট্ৰপতি দ্ৰৌপাদি মুৰ্মুৰ ভাষণ সন্দৰ্ভত এটা মন্তব্য কৰিছে, যিটোৱে এতিয়া চৰ্চা লাভ কৰা দেখা গৈছে।
সংসদৰ চৌহদত সাংবাদিকে সোধা প্ৰশ্নত ছোনিয়া গান্ধীয়ে ৰাষ্ট্ৰপতিক “বেচেৰী মহিলা” বুলি উল্লেখ কৰে। তাৰ পিছতেই বিজেপিয়ে জ্যেষ্ঠ কংগ্ৰেছ নেত্ৰী গৰাকীৰ এই মন্তব্যক অপমানজনক বুলি অভিহিত কৰিছে।
ভাৰতীয় জনতা পাৰ্টীয়ে ৰাষ্ট্ৰপতি মুৰ্মুৰ ওপৰত কৰা অপমানজনক মন্তব্যৰ বাবে গান্ধী পৰিয়ালক আক্ৰমণ কৰাৰ লগতে কৈছে যে কংগ্ৰেছৰ সামন্ততান্ত্ৰিক মানসিকতাই এগৰাকী জনজাতীয় মহিলা দেশৰ ৰাষ্ট্ৰপতি হোৱাৰ সত্যটো হজম কৰিব নোৱাৰে।
বিজেপি সাংসদ সুকান্ত মজুমদাৰে কয়, “এইটো এটা অপমানজনক মন্তব্য আছিল। ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ দৰে নেতাই এনে মন্তব্য কৰা উচিত নহয়, বিশেষকৈ ৰাষ্ট্ৰপতিৰ বিষয়ে।
দ্ৰৌপাদি মুৰ্মু এটা জনজাতীয় পৰিয়ালৰ পৰা আহিছে আৰু এতিয়া তেওঁ আমাৰ দেশৰ এক নম্বৰ নাগৰিক, আৰু এইটো কংগ্ৰেছে গ্ৰহণ কৰিব পৰা নাই।সেয়েহে, তেওঁলোকে ৰাষ্ট্ৰপতি গৰাকীৰ ভাষণৰ বিৰোধিতা কৰিছে।
জ্যেষ্ঠ কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীয়ে কৈছিল যে ভাষণৰ শেষত ৰাষ্ট্ৰপতি বহুত ভাগৰি পৰিছিল।বেচেৰিয়ে বহু কষ্ট কৰি কথাখিনি কৈ আছিল”। এই সময়ছোৱাত ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধী ভাদ্ৰাও তাত উপস্থিত আছিল।
ৰাষ্ট্ৰপতি দ্ৰৌপাদি মুৰ্মুৱে শুক্ৰবাৰে বাজেট অধিৱেশনৰ আৰম্ভণিতে সংসদৰ দুয়োখন সদনৰ যুটীয়া অধিৱেশনত ভাষণ দিছিল।
এই সময়ছোৱাত তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰে মধ্যবিত্ত শ্ৰেণীৰ ‘নিজৰ ঘৰৰ সপোন’ পূৰণ কৰিবলৈ আৰু গাওঁসমূহৰ দৰিদ্ৰ লোকসকলক আৱাসিক ভূমি আৰু বিত্তীয় অন্তৰ্ভুক্তিৰ অধিকাৰ প্ৰদান কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।
মোৰ চৰকাৰে মধ্যবিত্ত শ্ৰেণীৰ এটা ঘৰ ৰখাৰ সপোন পূৰণ কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। মধ্যবিত্ত শ্ৰেণীৰ সপোনক সুৰক্ষা প্ৰদান কৰিবলৈ আৰইআৰএৰ দৰে এখন আইন প্ৰণয়ন কৰা হৈছে। ঘৰৰ বাবে ঋণৰ ওপৰত ৰাজসাহায্য প্ৰদান কৰা হৈছে।