ইজৰাইলে লেবাননৰ হিজবুল্লাহৰ বহু স্থানত বোমা নিক্ষেপ অব্যাহত ৰাখিছে।লেবাননৰ ৰাজধানী বালবেকৰ পূব চহৰৰ এখন অসামৰিক সুৰক্ষা কেন্দ্ৰত ইজৰাইলৰ বিমান আক্ৰমণত কমেও ১২ জন উদ্ধাৰকাৰী কৰ্মী নিহত হৈছে।
উদ্ধাৰ অভিযানত নিয়োজিত বিষয়াসকলে এই বিষয়ে তথ্য দিছে। লেবাননৰ ওপৰত হোৱা এই বিমান আক্ৰমণৰ কেইঘণ্টামান পূৰ্বে চিৰিয়াৰ সংস্থাই কৈছিল যে ইজৰাইলৰ আক্ৰমণত ইয়াৰ ১৫ জন লোক নিহত হৈছিল। অৱশ্যে এই সন্দৰ্ভত ইজৰাইলৰ পৰা এতিয়ালৈকে কোনো তথ্য লাভ কৰা নাই ।
লেবাননৰ জৰুৰীকালীন কৰ্মীসকলে ইজৰাইলী আক্ৰমণৰ ফলত ধ্বংস হোৱা উদ্ধাৰ কেন্দ্ৰত আৱদ্ধ তেওঁলোকৰ সহকৰ্মীসকলক বিচাৰি আছিল।ইজৰাইলৰ পৰা এই বিমান আক্ৰমণত বহুতো অট্টালিকা ক্ষতিগ্ৰস্ত হৈছে।
বহুতো লোক এতিয়াও ধ্বংসাৱশেষৰ তলত আৱদ্ধ হৈ থাকিব পাৰে বুলি সন্দেহ কৰা হৈছে। ইজৰাইলী সামৰিক বাহিনীয়ে তাৎক্ষণিকভাৱে আক্ৰমণৰ সঁহাৰি দিয়া নাছিল।
লেবাননৰ স্বাস্থ্য মন্ত্ৰালয়ে “লেবাননৰ ৰাজহুৱা স্বাস্থ্য কেন্দ্ৰত হোৱা বৰ্বৰ আক্ৰমণ”ক গৰিহণা দিয়ে আৰু কয় যে “দুঘণ্টাতকৈও কম সময়ৰ ভিতৰত এটা স্বাস্থ্য কেন্দ্ৰত ইজৰাইলী সকলে দ্বিতীয়বাৰৰ বাবে আক্ৰমণ চলাইছিল।”
ইয়াৰ পূৰ্বে চিৰিয়াৰ চৰকাৰী সংস্থাই জনাইছিল যে ইজৰাইলে দামাস্কাচ আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহত কমেও দুটা বিমান আক্ৰমণ চলাইছিল, যাৰ ফলত ১৫ জন লোক নিহত হৈছিল আৰু ১৬ জন আহত হৈছিল।