ৰোহিত শৰ্মাৰ অধিনায়কত্বত ভাৰতীয় দলটোৱে সম্প্ৰতি নিউজীলেণ্ডৰ বিৰুদ্ধে ৩খনীয়া মেচৰ টেষ্ট ছিৰিজ খেলি আছে । ১৬ অক্টোবৰৰ পৰা বেংগালুৰুত অনুষ্ঠিত হোৱা প্ৰথমখন টেষ্টৰ পঞ্চম দিনা ভাৰতীয় দল ৮ উইকেটত পৰাস্ত হয় । এই পৰাজয়ে আই চি চি ৱৰ্ল্ড টেষ্ট চেম্পিয়নশ্বিপ (WTC)ৰ পইণ্ট টেবুলৰ শীৰ্ষত থকা ভাৰতীয় দলটোৰ ওপৰত বিশেষ প্ৰভাৱ পেলাব নোৱাৰিব ।
বেংগালুৰু টেষ্টত জয়লাভ কৰি কিৱি দলটোৱে শৃংখলাত ১-০ ব্যৱধানত অগ্ৰগতি লাভ কৰিছে । ভাৰতীয় দলটোৱে বেংগালুৰু টেষ্ট মেচখনৰ প্ৰথম ইনিংছত ৪৬ ৰান সংগ্ৰহ কৰিছিল । ইয়াৰ পিছত কিৱি দলটোৱে ৪০২ ৰানৰ বৃহৎ স্ক’ৰ সংগ্ৰহ কৰে । ভাৰতীয় দলটোৱে দ্বিতীয় ইনিংছত ভাল বেটিং কৰি ৪৬২ ৰান সংগ্ৰহ কৰে । ইয়াৰ ফলত ভাৰতীয় দলটোৱে নিউজীলেণ্ডক ১০৭ ৰানৰ লক্ষ্য দিয়ে । প্ৰত্যুত্তৰত কিৱি দলে মাত্ৰ ২টা উইকেট হেৰুৱাই মেচখনত জয়লাভ কৰে ।
ভাৰতীয় দলটোৱে ৬.১৮ শতাংশ পইণ্ট হেৰুৱাইছে-
শৃংখলাৰ প্ৰথমখন টেষ্টত পৰাজয়ৰ পিছত অনুৰাগীৰ মনত নিশ্চিতভাৱে এটা প্ৰশ্ন উত্থাপন হৈছে যে এতিয়া WTC পইণ্ট টেবুলত শীৰ্ষত থকা ভাৰতীয় দলটোৰ ওপৰত কি প্ৰভাৱ পৰিব ? ফাইনেলৰ দৌৰৰ পৰা বাহিৰ হ’ব নেকি ভাৰত ? ইয়াৰ প্ৰত্যুত্তৰ হৈছে যে, এই পৰাজয়ে ভাৰতীয় দলক বিশেষ প্ৰভাৱিত নকৰে ।
অৱশ্যে ফাইনেলত প্ৰৱেশৰ পথ ভাৰতীয় দলৰ বাবে অলপ কঠিন হ’ব পাৰে । আচলতে বেংগালুৰু টেষ্টৰ ফলাফলৰ পূৰ্বে ভাৰতীয় দলটোৱে WTC পইণ্টত ৭৪.২৪ শতাংশ পইণ্ট লাভ কৰিছিল । আনহাতে পৰাজয়ৰ পিছত নম্বৰ ৬৮.০৬ শতাংশ হৈছে । যদিও দলটো এতিয়াও শীৰ্ষত আছে । দ্বিতীয় স্থানত আছে ৬২.৫০ জয়ৰ শতাংশৰে অষ্ট্ৰেলিয়া ।
WTC ফাইনেলৰ বাবে সমীকৰণটো-
এতিয়া বেংগালুৰু টেষ্টৰ পিছত ভাৰতীয় দলটোৱে এই WTC ছিজন ২০২৩-২৫ত আৰু ৭খন মেচ খেলিব লাগিব । এনে পৰিস্থিতিত বেংগালুৰু টেষ্টত পৰাজয়ৰ পাছত ভাৰতীয় দলটোৱে বাকী ৭খন খেলৰ ভিতৰত কমেও ৩খন খেলত জয়লাভ কৰিব লাগিব ৷ যদি দলটো ৪ খন মেচত জয়ী হয় তেন্তে ফাইনেলত স্থান প্ৰায় নিশ্চিত হব । ৩ খন টেষ্টত জয়ী হোৱাৰ ক্ষেত্ৰত ভাৰতে আন কোনো দলৰ জয় বা পৰাজয়ৰ ওপৰত নিৰ্ভৰ কৰিব লাগিব ।
ভাৰতীয় দলটোৱে ইয়াৰ পৰৱৰ্তী ৭খন মেচ কেৱল নিউজীলেণ্ড আৰু অষ্ট্ৰেলিয়াৰ বিৰুদ্ধেহে খেলিব লাগিব । ইয়াত বাকী অৰ্থাৎ চলিত শৃংখলাৰ শেষৰ ২ খন মেচ কিৱি দলৰ বিৰুদ্ধে খেলিব লাগিব । আনহাতে অষ্ট্ৰেলিয়াৰ দলটোৰ বিৰুদ্ধে ঘৰুৱা ক্ষেত্ৰত ৫খন মেচৰ টেষ্ট শৃংখলা অনুষ্ঠিত হ’ব ।
এনেদৰে প্ৰগান কৰা হয় শতাংশ পইন্ট-
২০২৩ চনৰ পৰা ২০২৫ চনলৈ চলিবলগীয়া বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ এইটো তৃতীয় ৰাউণ্ড । ইতিমধ্যে এই তৃতীয় চক্ৰৰ বাবে পইণ্ট ব্যৱস্থাৰ সৈতে জড়িত নিয়মসমূহ আই চি চিয়ে প্ৰকাশ কৰিছে । টেষ্ট মেচত জয়ী হ’লে দলটোৱে ১২ পইণ্ট, মেচ ড্ৰ’ হ’লে ৪ পইণ্ট আৰু মেচ টাই হ’লে ৬ পইণ্ট লাভ কৰিব ।
মেচখনত জয়ী হ’লে ১০০ শতাংশ পইণ্ট, টাইত ৫০ শতাংশ, ড্ৰ’ত ৩৩.৩৩ শতাংশ আৰু পৰাজয়ৰ সময়ত শূন্য শতাংশ পইণ্ট যোগ কৰা হ’ব ৷ দুখন খেলৰ শৃংখলাত মুঠ ২৪ পইণ্ট আৰু পাঁচখন খেলৰ শৃংখলাত ৬০ পইণ্ট লাভ কৰিব । ৰেংকিং মূলতঃ ডব্লিউ টি চি টেবুলত জয়ৰ শতাংশৰ ভিত্তিত নিৰ্ধাৰণ কৰা হয় ।
ডব্লিউ টি চি পইণ্ট ব্যৱস্থা-
– জয়ৰ ওপৰত ১২ পইণ্ট
– মেচখন টাই হ’লে ৬ পইণ্ট
– মেচখন ড্ৰ’ হ’লে ৪ পইণ্ট
– জয়ী হোৱা পইণ্টৰ শতাংশৰ ওপৰত ভিত্তি কৰি দলসমূহৰ স্থান নিৰ্ধাৰণ কৰা হয়
– ২০২৫ চনত লৰ্ডছত অনুষ্ঠিত হ’বলগীয়া ফাইনেলত প্ৰৱেশ কৰিব শীৰ্ষ দুটা দল
– শ্ল অভাৰ ৰেট থাকিলে পইন্ট কৰ্তন কৰা হয়