বুলড’জাৰ জাষ্টিছক লৈ উচ্চতম ন্যায়ালয়ৰ বৃহৎ নিৰ্দেশনা। সম্পত্তিৰ অধিকাৰক লৈ উচ্চতম ন্যায়লয়ৰ দিলে এই ঐতিহাসিক ৰায়দান ।এতিয়াৰে পৰা চৰকাৰে বিচাৰিলেই অধিগ্ৰহণ কৰিব নোৱাৰিব ব্যক্তিগত সম্পত্তি।দৰাচলতে উচ্চেদৰ নামত বুলডজাৰেৰে ঘৰ ভঙা পৰিয়ালে ওচৰ চাপিছিল উচ্চতম ন্যায়ালয়ৰ।উচ্চেদ চলোৱাৰ পিছতেই হাহাকাৰ অৱস্থা হৈছিল উচ্চেদিত পৰিয়ালসকলৰ।সম্পত্তিৰ অধিকাৰৰ দাবী কৰি মুম্বাইৰ সম্পত্তি গৰাকী সংস্থাই উচ্চতম ন্যায়লয়ত গোচৰ ৰুজু কৰিছিল। তাৰ পিছতেই দীৰ্ঘদিন ধৰি বসবাস কৰি থকা লোকসকলক উচ্চেদ কৰাক লৈও প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ।দীৰ্ঘদিন ধৰি নিশ্চুপ হৈ থকাৰ পিছত হঠাৎ উচ্চেদ কিয় বুলিও প্ৰশ্ন উত্থাপন উচ্চতম ন্যায়ালয়ৰ ? অৱশেষত মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত ৯জনীয়া সাংবিধানিক বিচাৰপীঠে উত্তৰ প্ৰদেশ চৰকাৰৰ উচ্চেদক লৈ দিলে এই গুৰুত্বপূৰ্ণ নিৰ্দেশনা।যি সকল পৰিয়ালৰ ঘৰ ভাঙিছিল তেওঁলোকক উত্তৰ প্ৰদেশ চৰকাৰে ২৫ লাখ টকা ক্ষতিপূৰণ দিয়াৰ বাবেও দিছে নিৰ্দেশনা।