ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড (বি চি চি আই)ৰ বাৰ্ষিক বঁটাৰ সময়ত ভাৰতীয় দলৰ বেগী বলাৰ যশপ্ৰীত বুমৰাহ আৰু মহিলা দলৰ উপ-অধিনায়ক স্মৃতি মন্ধানাক ক্ৰমে পুৰুষ আৰু মহিলা শাখাত শ্ৰেষ্ঠ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ বঁটাৰে সন্মানিত কৰা হয় । একে সময়তে কিংবদন্তি বেটছমেন শচীন টেণ্ডুলকাৰক লাইফটাইম এচিভমেণ্ট বঁটা প্ৰদান কৰা হয় । মুম্বাইত অনুষ্ঠিত এই বঁটা প্ৰদান অনুষ্ঠানত ভাৰতীয় দলৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰ আৰু অধিনায়ক ৰোহিত শৰ্মাৰ লগতে দলৰ বহু বৰ্তমান আৰু প্ৰাক্তন খেলুৱৈ আৰু ব’ৰ্ডৰ শীৰ্ষ বিষয়া উপস্থিত থাকে ।
যোৱা বছৰ আপ্লুত কৰিছিল বুমৰাহে-
যোৱা বছৰ বুমৰাহে উজ্জ্বল প্ৰদৰ্শন আগবঢ়াইছিল আৰু টি-২০ বিশ্বকাপত ভাৰতে খিতাপ জয়ৰ ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়াইছিল । সদ্য সমাপ্ত বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত বুমৰাহক প্লেয়াৰ অৱ দ্য ছিৰিজ হিচাপে নিৰ্বাচিত কৰা হয় । এইগৰাকী ভাৰতীয় বেগী বলাৰ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পাঁচখন খেলৰ টেষ্ট শৃংখলাত ৩২টা উইকেট দখল কৰে । যোৱা বছৰ ইংলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা টেষ্ট শৃংখলাত শক্তিশালী প্ৰদৰ্শনেৰে আৰম্ভণি কৰিছিল বুমৰাহে ।
ইয়াৰ পিছত বুমৰাহে আমেৰিকা আৰু ৱেষ্ট ইণ্ডিজত খেলা টি-২০ বিশ্বকাপত প্ৰভাৱিত কৰে । প্ৰতিযোগিতাখনত তেওঁ ৮.২৬ গড়ে ১৫টা উইকেট দখল কৰে । ফাইনেলত দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি ভাৰতে খিতাপ দখল কৰে য’ত বুমৰাহৰ অৱদান অতি গুৰুত্বপূৰ্ণ আছিল । বুমৰাহক তেওঁৰ অসাধাৰণ প্ৰদৰ্শনৰ বাবে প্ৰতিযোগিতাখনৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত কৰা হয় ।
🚨 𝗣𝗼𝗹𝗹𝘆 𝗨𝗺𝗿𝗶𝗴𝗮𝗿 𝗔𝘄𝗮𝗿𝗱 🚨
— BCCI (@BCCI) February 1, 2025
Unplayable deliveries, unparalleled spells, unbelievable match-winning performances 🔥
ONE Player 💪
Best International Cricketer – Men goes to none other than Jasprit Bumrah 🏆🙌#NamanAwards | @Jaspritbumrah93 pic.twitter.com/cBslS0HA6S
মন্ধানাৰ প্ৰদৰ্শন শক্তিশালী আছিল-
২০২৪ চনৰ সৰ্বাধিক ৰান সংগ্ৰহকাৰী আছিল ২৮ বছৰীয়া মন্ধানা । ২০২৪ চনৰ কেলেণ্ডাৰ বৰ্ষত মন্ধানাই ৭৪৩ ৰান সংগ্ৰহ কৰি চাৰিটা এদিনীয়া শতক অৰ্জন কৰিছিল, যিটো মহিলা ক্ৰিকেটত অভিলেখ । যোৱা বছৰ তেওঁ ৯৫টা চাৰি আৰু ৬টা ছয়কে ধৰি ১০০টাতকৈও অধিক বাউণ্ডেৰীত কোবাইছিল । ২৮ বছৰীয়া ক্ৰিকেটাৰগৰাকীয়ে এদিনীয়া মেচত গড়ে ৫৭.৮৬ ৰান আৰু আকৰ্ষণীয় ষ্ট্ৰাইক ৰেট ৯৫.১৫ ৰান সংগ্ৰহ কৰিছে । অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ২৯টা বলত ২৯ ৰান সংগ্ৰহ কৰি ২০২৪ বৰ্ষৰ আৰম্ভণি কৰিছিল মন্ধানাই । ইয়াৰ পিছত তেওঁ পৰৱৰ্তী এদিনীয়াৰ বাবে ছমাহ অপেক্ষা কৰিবলগীয়া হৈছিল । অৱশ্যে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে তেওঁক শক্তিশালী ফৰ্মত দেখা গৈছিল ।
বি চি চি আইৰ বাৰ্ষিক বঁটা প্ৰদানৰ সময়ত ২৬টা বঁটা প্ৰদান কৰা হয়। কাক কোনটো বঁটা দিয়া হৈছে জানক…
কৰ্ণেল চি কে নাইডু লাইফটাইম বঁটা- শচীন টেণ্ডুলকাৰ
শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় পুৰুষ ক্ৰিকেটাৰ- যশপ্ৰীত বুমৰাহ
শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় মহিলা ক্ৰিকেটাৰ- স্মৃতি মন্ধানা
শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় অভিষেক (পুৰুষ)- চৰফৰাজ খান
শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় অভিষেক (মহিলা)- আশা শোভানা
বি চি চি আইৰ বিশেষ বঁটা- ৰবিচন্দ্ৰন অশ্বিন
মহিলাৰ এদিনীয়াত সৰ্বাধিক ৰান- স্মৃতি মন্ধানা
মহিলাৰ সৰ্বাধিক উইকেট- দীপ্তি শৰ্মা
ঘৰুৱা ক্ৰিকেটৰ শ্ৰেষ্ঠ আম্পায়াৰ- অক্ষয় টোত্ৰে
১৯ বছৰ অনুৰ্ধৰ কোচ বেহাৰ ট্ৰফীত সৰ্বাধিক ৰান- কাব্য টেৱটিয়া
১৯ বছৰ অনুৰ্ধ কোচ বিহাৰ ট্ৰফীত সৰ্বাধিক উইকেট- বিষ্ণু ভৰদ্বাজ
মহিলা জ্যেষ্ঠ ঘৰুৱা ক্ৰিকেটৰ শ্ৰেষ্ঠ ক্ৰিকেটাৰ- প্ৰিয়া মিশ্ৰ
মহিলা জুনিয়ৰ ঘৰুৱা ক্ৰিকেটৰ শ্ৰেষ্ঠ ক্ৰিকেটাৰ- ইশ্বৰী আৱাছাৰে
১৬ বছৰ অনুৰ্ধ বিজয় মাৰ্চেণ্ট ট্ৰফীত সৰ্বাধিক উইকেট- এইচ জেগানাথন
১৬ বছৰ অনুৰ্ধ বিজয় মাৰ্চেণ্ট ট্ৰফীত সৰ্বাধিক ৰান- লক্ষ্য ৰায়চন্দনী
২৩ বছৰ অনুৰ্ধ চি কে নাইডু ট্ৰফী (প্লেট গ্ৰুপ) সৰ্বাধিক উইকেট- ঞ্জেখো ৰূপেৰো
২৩ বছৰ অনুৰ্ধ চি কে নাইডু ট্ৰফী (প্লেট গ্ৰুপ) সৰ্বাধিক ৰান- হেম ছেত্ৰী
২৩ বছৰ অনুৰ্ধ চি কে নাইডু ট্ৰফী (এলিট গ্ৰুপ) সৰ্বাধিক উইকেট – পি বিদ্যুৎ
২৩ বছৰ অনুৰ্ধ চি কে নাইডু ট্ৰফী (এলিট গ্ৰুপ) সৰ্বাধিক ৰান- অনিশ কে ভি
ৰঞ্জী ট্ৰফী (প্লেট গ্ৰুপ)ত সৰ্বাধিক উইকেট- তনয় থ্যাগৰাজন
ৰঞ্জী ট্ৰফী (এলিট গ্ৰুপ)ত সৰ্বাধিক উইকেট- আৰ ছাই কিশোৰ
ৰঞ্জী ট্ৰফী (প্লেট গ্ৰুপ)ত সৰ্বাধিক ৰান- অগ্নি চোপ্ৰা
ৰঞ্জী ট্ৰফী (এলিট গ্ৰুপ)ত সৰ্বাধিক ৰান – ৰিকি ভূই
ঘৰুৱা সীমিত অভাৰ প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ অল-ৰাউণ্ডাৰ- শশাংক সিং
ৰঞ্জি ট্ৰফীৰ শ্ৰেষ্ঠ আঠজন অল-ৰাউণ্ডাৰ- তনুষ কোটিয়ান
বি চি চি আইৰ ঘৰুৱা প্ৰতিযোগিতাত শ্ৰেষ্ঠ প্ৰদৰ্শন- মুম্বাই