ভাৰতীয় ক্ৰিকেট দলৰ নতুন এদিনীয়া জাৰ্চি মুকলি কৰা হৈছে । ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ সচিব জয় শ্বাহ আৰু মহিলা দলৰ অধিনায়ক হৰমনপ্ৰীত কৌৰৰ উপস্থিতিত এই নতুন জাৰ্চি মুকলি কৰা হয় । টিম ইণ্ডিয়াৰ নতুন এদিনীয়া জাৰ্চিত বহু বিশেষত্ব দেখা যাব, যাৰ ভিতৰত আছে কান্ধত ত্ৰিৰংগা । জাৰ্চি মুকলি কৰাৰ পিছত হৰমনপ্ৰীতে ইয়াৰ বিশেষত্বৰ বিষয়ে কয় । বি চি চি আইয়ে ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে এই ভিডিঅ’ ।
বি চি চি আইয়ে নতুন জাৰ্চিৰ ভিডিঅ’ এক্স আৰু ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে । ভিডিঅ’টোত হৰমনপ্ৰীত কৌৰক দেখা গৈছে । তেওঁ জাৰ্চিটোৰ বিশেষত্বৰ বিষয়ে কয় । তেওঁ কয় যে মোৰ উপস্থিতিত নতুন জাৰ্চিৰ মুকলি হোৱাটো মোৰ বাবে এক সন্মানৰ কথা । ইয়াৰ চেহেৰাত মই যথেষ্ট সুখী । বিশেষকৈ কান্ধত ত্ৰিৰংগাক লৈ মই সুখী ।
টিম ইণ্ডিয়াই কেতিয়া পিন্ধিব নতুন জাৰ্চি –
ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথম এই নতুন জাৰ্চি পৰিধান কৰিব ভাৰতীয় মহিলা ক্ৰিকেট দলে । ডিচেম্বৰ মাহত ভাৰত ভ্ৰমণ কৰিব ৱেষ্ট ইণ্ডিজ দলে । ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত তিনিখন এদিনীয়া আৰু তিনিখন টি-২০ মেচৰ শৃংখলা অনুষ্ঠিত হ’ব । ১৫ ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব টি-২০ ছিৰিজ । এই ছিৰিজৰ সকলো মেচ মুম্বাইত অনুষ্ঠিত হ’ব । ২২ ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব এদিনীয়া শৃংখলা । এই শৃংখলাৰ সকলো খেল বদোদৰাত অনুষ্ঠিত হ’ব ।
ইয়াৰ পূৰ্বে ভাৰতৰ মহিলা দলটোৱে তিনিখনীয়া খেলৰ এদিনীয়া শৃংখলাৰ বাবে অষ্ট্ৰেলিয়া ভ্ৰমণ কৰিব । হৰমনপ্ৰীত কৌৰৰ অধিনায়কত্বত এই শৃংখলা খেলিব টিম ইণ্ডিয়াই । ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত প্ৰথমখন এদিনীয়া ৫ ডিচেম্বৰত আৰু দ্বিতীয়খন ৮ ডিচেম্বৰত অনুষ্ঠিত হ’ব । এই দুয়োখন মেচ ব্রিছবেনত অনুষ্ঠিত হ’ব ৷ ১১ ডিচেম্বৰত পাৰ্থত অনুষ্ঠিত হ’ব তৃতীয়খন খেল ।