ইউৰোপীয় দেশ ছাৰ্বিয়াৰ সংসদত বিৰোধী দলৰ সাংসদে ব্যাপক হুলস্থুলৰ সৃষ্টি কৰিছে । বিৰোধী দলৰ সাংসদসকলে সংসদত ইটোৰ পিছত সিটোকৈ কেইবাটাও স্মক গ্ৰেনেড আৰু কন্দুৱা গেছৰ গোলা নিক্ষেপ কৰি সংসদীয় অধিৱেশনত বিশৃংখলতাৰ সৃষ্টি কৰে । লগতে সংসদত কাজিয়া হোৱাও পৰিলক্ষিত হ’ল ।
সংসদীয় অধিৱেশনৰ লাইভ টেলিভিছন সম্প্ৰচাৰত দেখা গৈছে যে চৰকাৰী নীতিৰ প্ৰতিবাদত মঙলবাৰে সংসদৰ ভিতৰত স্মক গ্ৰেনেড আৰু কন্দুৱা গেছ নিক্ষেপ কৰে ছাৰ্বিয়াৰ বিৰোধী সাংসদসকলে । ইয়াৰ পিছত সমগ্ৰ সংসদতে ক’লা-গোলাপী ধোঁৱা বিয়পি পৰে । বিৰোধী দলৰ সাংসদসকলে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা ছাত্ৰ-ছাত্ৰীক সমৰ্থন আগবঢ়াইছিল ।
কি বিষয়ত ক্ষুব্ধ বিৰোধীয়ে সংসদত হুলস্থুলৰ সৃষ্টি কৰিলে ?
চাৰি মাহ পূৰ্বে ছাৰ্বিয়াত ৰেল ষ্টেচনৰ ভাঙি ১৫ জন লোকৰ মৃত্যু হৈছিল । ইয়াৰ পিছতে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ আৰম্ভ হয় যি এতিয়া চৰকাৰৰ বাবে আটাইতকৈ ডাঙৰ ভাবুকি হৈ পৰিছে ।
বিধানসভাৰ অধিবেশনত ছাৰ্বিয়ান প্ৰগ্ৰেছিভ পাৰ্টিৰ নেতৃত্বত শাসকীয় মিত্ৰজোঁটে অধিৱেশনৰ কাৰ্যসূচীত অনুমোদন জনায় আৰু তাৰ পিছত বিৰোধী দলৰ একাংশ নেতাই নিজৰ আসনৰ পৰা উঠি সংসদৰ অধ্যক্ষৰ ফালে দৌৰি যায় । ইয়াৰ মাজতে নিৰাপত্তাৰক্ষীৰ সৈতে কাজিয়া দেখা গৈছিল ।
একে সময়তে একাংশ বিৰোধী সাংসদে স্মক গ্ৰেনেড আৰু কন্দুৱা গেছৰ গোলা নিক্ষেপ কৰে । লাইভ সম্প্ৰচাৰত সংসদ ভৱনৰ ভিতৰত ক’লা আৰু গোলাপী ৰঙৰ ধোঁৱা ওলোৱা দেখা গৈছিল ।
মঙলবাৰে ছাৰ্বিয়াৰ সংসদে দেশখনৰ বিশ্ববিদ্যালয়সমূহৰ বাবে ধন বৃদ্ধি কৰা আইন প্ৰণয়ন কৰিবলগীয়া আছিল । ডিচেম্বৰৰ পৰা ছাৰ্বিয়াত ছাত্ৰ-ছাত্ৰীসকলে এই আইনখনৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰি আহিছে ।
দেশৰ প্ৰধানমন্ত্ৰী মিলছ ৱুচেভিচৰ পদত্যাগ সন্দৰ্ভতো সংসদত আলোচনা হ’বলগীয়া আছিল যদিও শাসকীয় মিত্ৰজোঁটে এনে বহু বিষয় অধিৱেশনৰ কাৰ্যসূচীত স্থান দিছিল, যাৰ ফলত বিৰোধী দলক বেয়াকৈ ক্ষুব্ধ হৈ পৰিছিল ।